সমললৈ যাওক

চেলেং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোণালী ফুলৰ পাটৰ চেলেং

চেলেং বা চেলেং চাদৰ শৰীৰৰ ওপৰ অংশত পৰিধান কৰা এবিধ অসমীয়া পৰম্পৰাগত বস্ত্ৰ। সাধাৰণতে দেহৰ সন্মুখৰ ফালে এটা অংশ ৰাখি লৈ বাঁও কান্ধেৰে পিঠিৰ ফালে চেলেঙৰ আনটো অংশ ওলোমাই লোৱা হয়। অসমীয়া সংস্কৃতিত চেলেং চাদৰক এক সন্মানীয় সাজৰূপে গণ্য কৰা হয়। চেলেঙসমূহ সাধাৰণতে পাট বা কপাহী সূতাৰে তৈয়াৰ কৰা হয়। এখন চেলেং প্ৰায় ২৭৪ চেমি দীঘল আৰু ১৩০ চেমি বহল হয় আৰু ইয়াৰ দুয়োটা মূৰতে ফুল তোলা থাকে। এই ফুলসমূহ তোলোতে সাধাৰণতে সোণালী সূতাৰ ব্যৱহাৰ কৰা হয়।[1]

উৎপত্তি

[সম্পাদনা কৰক]

"চেলেং" শব্দৰ উৎপত্তি মূলতঃ পৌৰাণিক দেউৰী-চুতীয়া ভাষাত হৈছিল। দেউৰী ভাষাত আজিও এই বস্ত্ৰখনক চেলেং বুলিয়েই কোৱা হয়।[2] ফ্ৰাঞ্চিছ হেমিল্টনে ১৮০৭ত নিজৰ কিতাপ "An account of Assam" ৰ পৃষ্ঠা ৬১ত উল্লেখ কৰিছে: "The Cheleng is a piece for wrapping around the shoulders of men in cold weather: it is 6 cubits long(9 feet) by 3 wide."।[3] অৰ্থাৎ চেলেং চাদৰ খন ঠাণ্ডা দিনত বুকুত মেৰিয়াই লোৱা বস্ত্ৰ আছিল। যিহেতু চেলেং বুকুত লোৱা বস্ত্ৰ, গতিকে "চেলেং" শব্দ দেউৰী ভাষাৰ "বুকু" বুজোৱা "চেন" শব্দৰ লগত জড়িত হ'ব পাৰে।[4]

অসমীয়া লোকসকলে বিভিন্ন প্ৰকাৰৰ চেলেং চাদৰৰ ব্যৱহাৰ কৰে।[5] যেনে:-

  • সোণৰ সূতাৰে চাবধৰা চেলেং
  • আঁচু দিয়া চেলেং
  • গাৰিয়লী চেলেং
  • পাৰি দিয়া চেলেং
  • গুণাকটা চেলেং
  • দৰিয়ালি গুণা কৰা চেলেং
  • সোণীয়া চেলেং

ব্যৱহাৰ

[সম্পাদনা কৰক]

সৰু সূতাৰ চেলেঙখনি
বৈ দিয়া সৰুভনী
হুঁচৰি গাবলৈ যাওঁ
ঐ গোবিন্দাই ৰাম

— বিহু হুঁচৰিৰ ঘোষা

উত্তৰীয় বস্ত্ৰ হিচাপে পৰিচিত এইবিধ বস্ত্ৰ পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে যদিও ইয়াৰ ব্যৱহাৰ সীমিত। হুঁচৰি বিহুত মুখিয়ালজনে বিহুৱান বা গামোচাৰ লগতে চেলেং চাদৰ পৰিধান কৰে। সত্ৰাধিকাৰ, গোসাঁই আৰু ভকত-বৈষ্ণৱসকলে প্ৰায় বাধ্যতামূলকভাৱে চেলেঙৰ ব্যৱহাৰ কৰে।[5] ভাওনাৰ গায়ন-বায়নসকলেও চেলেং চাদৰৰ ব্যৱহাৰ কৰা দেখা যায়। অসমীয়া বিবাহ অনুষ্ঠানত ৰভাতলত বৰ-কন্যা উভয়ে চেলেং চাদৰ পৰিধান কৰে। দৰাসাজৰ চেলেং সাধাৰণতে পাটেৰে বোৱা হয়। অন্যান্য মাঙ্গলিক কাম-কাজতো চেলেং লোৱাৰ নিয়ম আছে।

কোনো ব্যক্তিক সন্মান বা সম্বৰ্ধনা জনাবলৈ প্ৰশস্তি পত্ৰ, স্মাৰক আদিৰ লগতে বহু ক্ষেত্ৰত অংগ বস্ত্ৰ হিচাপে চেলেং এখনো দিয়া হয়।[6][7]

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "অতীজত প্ৰচলিত অসমৰ কিছু বস্ত্ৰ সম্ভাৰ". Ancient Assamese Costumes & Designs (Handloom Research & Designing Centre, Guwahati). মাই গভ প'ৰ্টেল. 05 Aug 2019. https://blog.mygov.in/%E0%A6%85%E0%A6%A4%E0%A7%80%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%95%E0%A6%BF%E0%A6%9B%E0%A7%81-%E0%A6%AC/ আহৰণ কৰা হৈছে: April 5, 2020.
  2. Kashyap,Atrayee, "Significance Of ‘The Social Skin’ In Expressing Ethnicity: Knowing The Ethnic Attire Of Deori Community Of Assam", p.235
  3. "Hamilton Francis.". 23 June 1940. https://archive.org/details/in.ernet.dli.2015.503039.
  4. Deori, Kishor, "Chuperemago", p. 30-31
  5. 1 2 বৰদলৈ, উপেন্দ্ৰ নাথ (১৬ এপ্ৰিল ২০১৭). "ৰঙালী বিহু তথা অসমৰ বস্ত্ৰ অলংকাৰৰ অতীত". INFORMATION & PUBLIC RELATIONS, DIRECTORATE OF INFORMATION AND PUBLIC RELATIONS, GOVERNMENT OF ASSAM. ৰাইজৰ বাতৰি. পৃষ্ঠাসমূহ: ৪৪. Archived from the original on April 6, 2020. https://web.archive.org/web/20200406201224/https://dipr.assam.gov.in/portlets/raijor-batori-exclusive-fortnightly আহৰণ কৰা হৈছে: April 5, 2020.
  6. "৫জন সাংবাদিকক বঁটা প্ৰদান". জনমভূমি. November 30, 2019. Archived from the original on April 6, 2020. https://web.archive.org/web/20200406201216/https://janambhumi.in/VFhwbk1FNVVaejA9/%25E0%25A7%25AB%25E0%25A6%259C%25E0%25A6%25A8-%25E0%25A6%25B8%25E0%25A6%25BE%25E0%25A6%2582%25E0%25A6%25AC%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A6%25BF%25E0%25A6%2595%25E0%25A6%2595-%25E0%25A6%25AC%25E0%25A6%2581%25E0%25A6%259F%25E0%25A6%25BE-%25E0%25A6%25AA%25E0%25A7%258D%25E0%25A6%25B0%25E0%25A6%25A6%25E0%25A6%25BE%25E0%25A6%25A8.html আহৰণ কৰা হৈছে: April 5, 2020.
  7. "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে মাধৱদেৱ বঁটা". The Sentinel. https://assamese.sentinelassam.com/news/sarbananda-sonowal-confers-madhavdeb-award-in-lakhimpur/ আহৰণ কৰা হৈছে: April 5, 2020.