সমললৈ যাওক

বৰত উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰত উৎসৱ
পালন কৰে তিৱা জনগোষ্ঠী[1]
উদযাপন ধৰ্মীয় নীতি-নিয়ম

বৰত উৎসৱ বা বৰত পূজা অসম তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ।[2][3] প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়। তেতেলীয়া ৰাজ্যৰ বুৰঞ্জীৰ অনুসৰি অষ্টাদশ শতিকাৰ আৰম্ভণিৰ পৰা ‘বৰত’ উৎসৱ প্ৰচলিত হৈ আহিছে।[1][4]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

সংস্কৃত ভাষাব্ৰত শব্দৰ পৰা 'বৰত' নামটো আহিছে। ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা আৰু খাদ্য নোখোৱাকৈ থকাক ব্ৰত বুলি কোৱা হয়। ব্ৰত বহু প্ৰকাৰৰ আছে।

প্ৰাচীন অসমৰ তিৱাসকলৰ কেইবাটাও ঠাল আছিল। তাৰে এটা তিৱা ৰাজ্য আছিল তেতেলীয়া।[1] তেতেলীয়া তিৱা ৰাজ্যৰ ৰজা ৰণসিদ্ধ বা ৰণজয়ৰ দিনৰপৰাই ‘বৰত পূজা’ প্ৰচলন হয় বুলি জনা যায়। তিৱাসকলৰ এই উৎসৱৰ আনুষ্ঠানিক আৰম্ভণিৰ পৰা শেষলৈকে কোঁৱৰ-কুঁৱৰী, বৰতানী প্ৰভৃতি কিছু বিশেষ ব্যক্তিয়ে ব্ৰত পালন কৰাৰ নিয়ম পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। এই বৰত উৎসৱক কোনোৱে কুমাৰী পূজা আৰু কোনোৱে ঊষা-অনিৰুদ্ধৰ প্ৰণয় কাহিনী বুলি বিশ্বাস কৰে।[2]

নীতি-নিয়ম

[সম্পাদনা কৰক]

বৰত উৎসৱ কাতি মাহৰ অমাৱস্যা তিথিত বা কাতি বিহুৰ দিনৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। তেতেলীয়া পাহাৰৰ দাঁতিত বৰত পূজা অনুষ্ঠিত কৰা হয়। পূজাস্থলীৰ কাষতে এখন কালিকা থান আৰু বংশীবাদন থান নামে দুখন থান থাকে। কালিকা থানত আগতীয়াকৈ পূজা দি বৰত উৎসৱ কৰাৰ নিয়ম। বৰত পূজা আৰম্ভ কৰাৰ আগেয়ে কাতি বিহুৰ দিনা গধূলি সৰস্বতী দেৱীৰ পূজাৰে বৰতৰ পাতনি মেলা হয়। উৎসৱ উদযাপনৰ উদ্দেশ্যে তেতেলীয়া গাঁৱৰ ‘ৱাৰিকে’ নিজ গাঁৱৰ লোকসকলক আৰু কাষৰীয়া গাঁৱৰ লোকসকলৰ নিমন্ত্ৰণ কৰে।[2]

সৰস্বতী পূজাৰ দিনাৰ পৰা সপ্তাহৰ মূৰে মূৰে নদীৰ সাতটা ঘাটৰ পৰা সাত ঘট পানী তুলি আনি ব্ৰত পালন কৰি ব্ৰতেশ্বৰীক নোওঁৱা হয়। বিয়াত অকুমাৰী ছোৱালী এজনীয়ে ঘট ধৰাৰ নিয়ম। এটা বিশেষ ‘কুল’ৰ পৰা ব্ৰতেশ্বৰ নিৰ্বাচন কৰা হয়। বিশেষ দলৈ বংশত যদি উপযুক্ত যুৱতী নাথাকে তেনেহলে বৃদ্ধা অথবা আদহীয়া তিৰোতাক ব্ৰতেশ্বৰী নিৰ্বাচন কৰা হয়। যদি সেই কুলত বিশেষ তিৰোতা নাথাকে তেনেহ’লে অন্য ‘কুল’ৰ পৰা ‘বৰতানী’ক নিৰ্বাচন কৰে। পানী তোলা আয়তীসকলে এমাহ জুৰি ‘বৰতানী’ক নোৱায়। বৰতানী নোওঁৱা সময়ত কুৰি অধ্যায় নাম গোৱা হয়।[5]

বৰতৰ কুঁৱৰীৰ লগতে চাৰিগৰাকী মূল আয়তীয়ে মাছ-মাংস, তামোল-পান আদি খোৱা নিষেধ। সন্ধ্যা নোওৱা-ধুওৱা কৰাৰ পিছতহে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। অন্যহাতে নোওৱা-ধুওৱা কৰা আয়তীসকলেও এনে নিয়ম পালন কৰিব লাগে। এই নিয়ম ভংগ কৰিলে ভংগ কৰোঁতাৰ অপায়-অমংগল হয় বুলি বিশ্বাস কৰা হয়।[2][6]

মূল বৰত উৎসৱৰ আগদিনা এখন শৰাইত আগলতি কলাপাত, চাউল, তামোল-পাণ দি থাপনা স্থাপন কৰা হয়। থাপনাত এটা ঘট, এটা জাপি, সাত বা ন-গছ বন্তি জ্বলাই ঘটতো কপাহি কাপোৰেৰে মেৰিয়াই ৰখা হয়। কুঁৱৰীক নোওঁৱাৰ পিছত মূল বৰতৰ দিনালৈকে সেই থাপনা বা ঘৰটোতে পানীতোলা ঘট, জাপি দোলা আদি ৰাখি থোৱা হয়। মূল বৰতৰ দিনা ৰভাস্থলীৰ মাজভাগত পূবমূৱাকৈ এখন চন্দ্ৰাতপ তৰি তলত চাৰিকোণীয়া মাটিৰ মণ্ডপত ‘চাম পীৰা’ পাৰি ‘বৰত কুঁৱৰী’ক বহুৱায়। কুঁৱৰীৰ ওচৰত আয়তীসকল আৰু কাষতে আইসকল বহে। ৰভাৰ প্ৰতিটো খুঁটাত ‘দোলা’ স্থাপন কৰি দোলাৰ কাষে কাষে মূঠতে ৩৬০গছি বন্তি জ্বলোৱা হয়। ১০০ অধ্যায় গীত গোৱাৰ লগে লগে জুইৰ অঙঠা লৈ নাচনিয়াৰসকলে নাচি নাচি ৰভাখনৰ চাৰিওফালে এপাক ঘূৰে। এইদৰে জুই অঙঠা লৈ ঘূৰাটোক ‘অগ্নিগড়’ বন্ধা বোলে।[2][6]

বৰত উৎসৱৰ সামৰণিৰ ফালে পুৱা পীৰা যুঁজ অনুষ্ঠিত হয়। তেতিয়াই কুঁৱৰীৰ দ্বাৰা পূজিত চাম কাঠৰ ‘সুংগৰী পীৰা’ খনকলৈ চাৰিগৰাকী কুমাৰী ছোৱালীৰ মাজত যুঁজ হয়। পীৰা যুঁজ হোৱাৰ সময়ত সাত অধ্যায় গীত গোৱা হয়। আগতে যিগৰাকী ছোৱালীয়ে পীৰাখন নিজৰ আয়ত্তলৈ আনিব পাৰে সেইগৰাকীক ৰজাই বিশেষ পুৰস্কাৰৰে পুৰষ্কৃত কৰিছিল। সেইসময়তে বৰতৰ ‘বিদায়ী গীত’ গাই বৰতৰ কুঁৱৰীক পুনৰ পিছৰ বাৰলৈ বৰত পূজালৈ অহাৰ আমন্ত্ৰণ জনায়।

বৰত উৎসৱত ডেকা-গাভৰু আৰু অন্যান্য সকলে গদালীপৰীয়া গীত গায় আৰু পাতিঢোল, পেঁপা বাদ্য বজায়। ডেকা-গাভৰুৰ মাজত গদালীপৰীয়া গীতৰ প্ৰতিযোগিতায়ো অনুষ্ঠিত হয়। উদাহৰণ স্বৰূপে

আজি যাং বৰতক ঐ কালি যাং বৰতক ঐ

বৰতৰ ধেপেলা ঐ পাত

বৰতক যাংতে ঐ চৰতে ডাকিলে ঐ

ৰিহা নাই এতিয়া ঐ গাত’।

এনেদৰে এজনে আৰম্ভ কৰাৰ গীতৰ মাজে মাজে অঘোষিত এক প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটে।

ধানে কাটি গ’লে ঐ ৰচকী-পচকী ঐ

গচকত ভাঙিলে ঐ নাৰা

কাঁচিয়ে দাতকে ঐ লেকাই ঘূৰি ঘূৰি

লেকাই সূৰুযৰে তাৰা।[6]

এই প্ৰতিযোগিতাত গাভৰুজনী পৰাজিত হ’লে ডেকাজনে তাইক বিয়া কৰোৱাৰ অধিকাৰ লাভ কৰে। ইয়াৰ বিপৰীতে গাভৰুজনী জয়ী হ’লে ল’ৰাজনে ঘৰ জোঁৱাই কৰি নিয়াৰ অধিকাৰ লাভ কৰে।[2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 তপন কুমাৰ শৰ্মা. "অসমৰ তিৱাসকল:". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9f0-9a49bf9f19be9b89959b2। আহৰণ কৰা হৈছে: 6 December 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 ৰেৱত মহন্ত. "তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ :পৰম্পৰা আৰু পৰিৱৰ্তন : এক আলোকপাত". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a49bf9f19be-99c9a89979b79cd9a09c09f0-9ac9f09a4-9899ce9b89f1-9aa9f09ae9cd9aa9f09be-9869f09c1-9aa9f09bf9f19f09cd9a49a8-98f995-9869b29959aa9be9a4। আহৰণ কৰা হৈছে: 6 December 2020. 
  3. "THE TIWA TRIBE" (en ভাষাত). NE TRIBE. https://www.ne.cab/tribe/the-tiwa-tribe/। আহৰণ কৰা হৈছে: 6 December 2020. 
  4. "Tiwa Community Festivals" (en ভাষাত). abhipedia. https://abhipedia.abhimanu.com/Article/State/NDY3MAEEQQVVEEQQVV/Tiwa-Community-Festivals-Assam-State। আহৰণ কৰা হৈছে: 6 December 2020. 
  5. অৰূপ বৰুৱা. "তিৱাসকলৰ ইয়ালিং উৎসৱ". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a49bf9f19be9b89959b29f0-9879be9b29bf982-9899ce9b89f1। আহৰণ কৰা হৈছে: 6 December 2020. 
  6. 6.0 6.1 6.2 শইকীয়া, প্ৰাঞ্জুমণি (২০১৭). তিৱা আৰু ডিমাছাসকলৰ লোকউৎসৱৰ এটি তুলনামূলক অধ্যয়ন. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়. http://hdl.handle.net/10603/200036.