ভঠেলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভঠেলিত তৈয়াৰ কৰা পাউৰা
Fern Sori.JPG
পৃষ্ঠপোষক হিন্দু ধৰ্মাৱলম্বী লোক


ভঠেলি (ইংৰাজী: Bhatheli) হ’ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি কৰা এক ধৰণৰ পূজা। প্ৰধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায়।


লোকবিশ্বাস[সম্পাদনা কৰক]

প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে। বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে। ভাৰতহিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে[1]বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছক কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায়। বিশেষকৈ নামনি অসমকামৰূপ নলবাৰী আৰু বাক্সা জিলাত বহাগ মাহত এই উৎসৱ ধুমধামেৰে পালন কৰা হয়[2]


পালন[সম্পাদনা কৰক]

বহাগৰ এক নিৰ্দ্দিষ্ট দিনত বেলেগ বেলেগ গাওঁত এই উৎসৱ এদিনীয়াকৈ পালন কৰা হয়। কোনো জাকজমকতা নকৰাকৈ উদ্‌যাপিত হৈ অহা এই ভঠেলি উৎসৱৰ দিনা পুৱাৰ ভাগতে গাঁৱৰ ডেকা-চেমনীয়া ল’ৰাহঁতে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি ভালদৰে চাঁচি-চুৰুকি ধুই পখালি লয়। তাৰ পিছত সেই বাঁহডাল ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰেৰে সজাই তোলে। এই সু-সজ্জিত বাঁহডালক পাউৰা বোলা হয়। মেৰিওৱা কাপোৰখিনিক ‘পাউৰাৰ কাচ’ বুলি কোৱা হয়। পাউৰা অনা মানুহজনে গা ধুই উপবাসে থাকি পবিত্ৰ সাজ পৰিধান কৰি পাউৰাটো কান্ধত তুলি ভঠেলি খোলালৈ আনে। পিছত শংখ, ঘন্টা, বৰকাঁহ, ঢোল, খোল, তাল, আয়তীসকলৰ উৰুলি, হৰিধ্বনি আদি মাংগলিক ধ্বনিৰ মাজত ৰং-ৰহইচৰ মাজেৰে আটায়ে এই সু-সজ্জিত বাঁহডালক তুলি দি গুৰিটো পুতি দিয়ে। সাধাৰণতে গাঁৱৰ নামঘৰ বা থান আদিত উমৈহতীয়া ঠাইত থকা ভঠেলি উৎসৱ খোলাৰ ডাঙৰ গছত সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয়[1]


ভঠেলিৰ দিনা ৰাতিপুৱাই ডেকা ল’ৰাহঁতে ভঠেলি খোলাৰ একাষে এটি বাঁহৰ খুটি পুতি খুটিটোৰ মূৰত কলৰ ছটিয়াৰে এটি এঢলীয়া ঘৰ সাজে। এই ঘৰটোক ভঠেলি বোলা হয় । ঘৰটোৰ ভিতৰত এখন ডাঙৰ পীৰাৰ ওপৰত নতুন বিহুৱান এখন দি তাৰ ওপৰত একলহ চাউল, এথোক কল, এথোক তামোল, বিশ মুঠি পাণ, নাৰিকল, ফলমূল আদি ৰখা হয়। ধূপ-ধুনা জ্বলাই এই ঘৰটোত বাঁহদেৱতা অগ্নিলৈ এখন নৈবদ্য আগবঢ়াই তাতেই নাম-প্ৰসংগ কৰি নতুন বছৰটোত যাতে সকলো ভালে-কুশলে থাকিব পাৰে, তাৰ বাবে আশীষ বিচাৰে[1]

সাতামপুৰুষীয়া ভঠেলি উৎসৱ চোৱাৰ বাবে ডেকা-বুঢ়া সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাটকুৰি বাই আহে। এই জাতীয় উৎসৱ ভঠেলিত লোকাচাৰ আৰু ৰং-ধেমালিৰ প্ৰাচুৰ্য্য আছে। কিন্তু ইয়াত তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন একেবাৰেই নাই। দুপৰীয়াৰ পৰা চলা ভঠেলি উৎসৱ সন্ধিয়াৰ লগে লগে সামৰণি পৰে। ভঠেলিৰ পৰা নিজ নিজ ঘৰলৈ ঘূৰি যাওঁতে প্ৰতিজন মানুহে ‘পাউৰা’ৰ গুৰিৰ মাটি আনি নিজ ঘৰৰ হাঁহ-পাৰৰ বাঁহত থয়। বিশ্বাস অনুসৰি এই মাটি হাঁহ-পাৰৰ বাঁহত থ’লে হেনো কণী, পোৱালি আদিৰ একো অনিষ্ট নহয়। এই ভঠেলি উৎসৱত জিলাপী খোৱা আৰু ঘৰলৈ নিয়া আন এক আনন্দ[1]

গধুলি নামি অহাৰ লগে লগে ডেকা-ল’ৰাহঁতে ভঠেলি ঘৰটোৰ পৰা ভিতৰৰ বস্তুবোৰ আঁতৰাই আগতে সাজু কৰি থোৱা বাঁহৰ লাঠিৰে ঘৰটো কোবাই কোবাই ভাঙি আনন্দ কৰে। ইয়াক ভঠেলি ভগা বুলি কোৱা হয়। উৎসৱ শেষ হোৱাৰ লগে লগে গাঁৱৰ ডেকা ল’ৰাহঁতে ‘পাউৰা’ কান্ধত লৈ নামৰ পদ গাই গাই ঘৰে ঘৰে লৈ ফুৰায়। প্ৰতিঘৰ মানুহৰ জীয়ৰী-বোৱাৰীয়ে এই ‘পাউৰা’ক ভক্তি সহকাৰে সেৱা কৰে। থাল এখনত ফাকু লৈ ডেকাহঁতে সেৱা কৰাসকলক ফাকুৰ ফোঁট দিয়ে আৰু পৰিয়ালৰ লোকসকলে সেই থালখনত কিছু টকা পইচা আগবঢ়ায়। এই ‘পাউৰা’টো পিছত নামঘৰৰ কামত ব্যৱহাৰ কৰা হয়[1]


কেইখনমান উল্লেখযোগ্য ভঠেলি উৎসৱ[সম্পাদনা কৰক]

  1. কামৰূপ জিলাৰ ৰামদিয়াৰ কুৰিদিনীয়া ভঠেলি উৎসৱ।
  2. নলবাৰী জিলাৰ বেলশৰৰ কুৰিদিনীয়া ভঠেলি উৎসৱ।
  3. বৰনৰ্দীৰ ষোল্লদিনীয়া ভঠেলি উৎসৱ।
  4. বাটসৰৰ চৈধ্যদিনীয়া ভঠেলি উৎসৱ[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ভঠেলি বা বাঁহ পূজা : নগেন তালুকদাৰ, বৈভৱ, আজিৰ দৈনিক বাতৰি, ১৫ মে' ২০১২
  2. আসাম ট্ৰিবিউন, ২৪ এপ্ৰিল, ২০০৯

বাহ্যিক সংযোগ[সম্পাদনা কৰক]