হুঁচৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


হুচৰি গীত[সম্পাদনা কৰক]

হুচৰি গীত হ'ল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। এই গীত ডেকা-বুঢ়া-ল'ৰা সকলোৱে মিলি গায়। ইয়াত গাভৰুৰ স্থান নাই। বহাগ বিহুত গাৱৰ ৰাইজে ঢোল, পেপা, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে হুচৰি গীত গায়। হুচৰি গীত গাওঁতে বয়স্কসকলে চোলা-চুৰিয়া পিন্ধাৰ লগতে গাত চেলেং মেৰিয়াই লয়। হুচৰিৰ প্ৰধান ভাগ দুটা - হুচৰি কীৰ্তন আৰু বিহুনাম। হুচৰি কীৰ্তন হ'ল আধ্যাত্মিক ভাৱসম্পন্ন আৰু বিহুনাম হ'ল অশ্লীলতাহীন স্বাভাৱিক আনন্দ - উত্তেজনা আৰু নৈসৰ্গিক সৌন্দৰ্য়ৰ প্ৰকাশ।