বাইখো পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বাইখো পূজা
বাইখু/বায়খ'
বাইখো পূজা বাইখু/বায়খ'
কোকৰাঝাৰ জিলাৰ কলাবাৰী গাঁৱত উদযাপিত বাইখো পূজা
পালন কৰে ৰাভা জনগোষ্ঠী
তাৰিখ এপ্ৰিল-মে'[1]
উদযাপন ধৰ্মীয় নীতি-নিয়ম, নৃত্য-গীত

বাইখো পূজা অসমৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ। সাধাৰণতে ইংৰাজীৰ এপ্ৰিল-মে’ আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি এই উৎসৱ পালন কৰে। ঠাইভেদে বাইখো দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়। ৰাভাসকলে সমাজৰ অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যে উপাস্য দেৱতাক প্ৰাৰ্থনা জনায় আৰু বলি–বিধান আগবঢ়ায়। পৰম্পৰাগত গীত-নৃত্যৰ লগতে প্ৰচুৰ পৰিমাণৰ পানীয়ৰ ব্যৱহাৰেৰে অতি উলহ-মালহৰ মাজেৰে এই উৎসৱ পালন কৰা হয়।[1]

বৰ্ণনা[সম্পাদনা কৰক]

বাইখো পূজা সাধাৰণতে সপ্তাহৰ দেওবাৰ, বুধবাৰ বা শুক্ৰবাৰত আৰম্ভ কৰা হয়। এই উৎসৱৰ প্ৰথম দিনটোক নৱ মিঠাৰকায় বা ঘৰ শুদ্ধিকৰণ বুলি কোৱা হয়। ঘৰ শুদ্ধিকৰণৰ দিনা গাঁৱৰ প্ৰত্যেক পৰিয়ালে নিজৰ নিজৰ ঘৰ-দুৱাৰ, বাচন-বৰ্তন, কাপোৰ কানি আদি পৰিষ্কাৰ কৰি পূজাৰ বাবে সাজু হয়। ৰাভা সমাজত প্ৰচলিত ওজাপালিয়ে গীত আৰম্ভ কৰে। ইয়াৰ লগতে খাম বজোৱা হয়। শস্যৰ উপাস্য দেৱতালৈ বুলি প্ৰাৰ্থনা কৰি উভৈনদীকৈ শস্য পাবলৈ আৰু ব’ৰষুণৰ কামনাৰে পূজাৰীসকলে সূৰ্য অস্ত যোৱাৰ পিছত নিজৰ মুখমণ্ডলৰ লগতে গাত চাউলৰ গুৰি সানি পূজাৰ আৰম্ভণি কৰে। ওজা পালি দুয়ো সন্ধিয়া সময়ত হাতত পিঠাগুৰিৰ বাটি লৈ মংগলসুচক মন্ত্ৰ মাতি গাঁৱৰ প্ৰত্যেকৰে ঘৰৰ চালে চালে পিঠাগুৰি চতিয়াই দিয়ে। ইয়াক নক জুমকাম বা খুচৰি খোৱা বোলা হয়। মাংগলিক ভাৱে মন্ত্ৰ উচ্চাৰণ কৰা আৰু প্ৰত্যেক ঘৰে-ঘৰে মংগল কামনা কৰি পিঠাগুৰি ছতিয়াই যোৱা লোক সকলক মদেৰে আপ্যায়ন কৰা হয়। ইয়াক ন'ক জুমকায় বোলা হয়।[2]

বাইখোৰ দ্বিতীয় দিনক ভৰ বা পূজাৰ দিন বোলে। এইদিনা হৈ মাৰু গীত গাই পূজাৰ আৰম্ভণি কৰা হয়। ইয়াৰ পিছত গাঁৱৰ মতা মানুহবোৰে থানলৈ গৈ পূজাৰ আয়োজন কৰে। থানত প্ৰতিষ্ঠা কৰা দেৱ-দেৱীৰ উদ্দেশ্যে কুকুৰা আৰু গাহৰি বলি দিয়া হয়। বাইখো দেৱী আৰু দামঙিক সন্তুষ্ট কৰিবৰ বাবে গাহৰি আৰু দেৱ-দেৱীৰ বাবে কুকুৰা বলি দিয়া হয়। গাঁৱৰ মানুহে পূজা শেষ হোৱাৰ পিছত মদ-মাংসৰে ভোজ খাই ঘৰলৈ উভতি আহে। উভতি আহিবৰ সময়ত গীত গাই খাম, টেমেকা, বাদুংদুপ্পা আদি বজাই নৃত্য কৰে। ইয়াৰ লগতে তেওঁলোকে এডাল দীঘল বনৰীয়া লতা টানি আনে আৰু বাটে বাটে হৰিধ্বনি দি আহে। থানলৈ যোৱা মানুহবোৰ আহি পোৱাৰ আগতে গাঁৱৰ সীমান্তত ৰোৱা গছপুলিৰ গুৰিত গাঁৱৰ সকলোৱে গোট খায়। ইয়াকে কিল্লা পোতা বোলে। থানলৈ যোৱা সকল আৰু গাঁৱৰ আটাইবোৰ মানুহে বাদ্য বজাই কিল্লাৰ চাৰিওফালে সাতবাৰকৈ ঘূৰি পিছত কিল্লা ভাঙি পেলায়। ইয়াক কিল্লা দিবিকাই বা কিল্লা ভঙা বুলি কোৱা হয়।[3] কিল্লা ভঙাৰ পিছত গাঁৱৰ মুকলি ঠাইত ৰচী টনা খেল খেলা হয়। ইয়াকে লেৱা বিকায় বা লেৱা টনা নৃত্য বোলে।[4] ইয়াৰ পিছত ঘৰে ঘৰে গৈ হৈ মাৰু গীত গোৱা হয়।[2]

ওজা পালিয়ে পূজাৰ কাম-কাজ চলাই নিবলৈ চুত্ লা চুত্ লিক বাছনি কৰে। তেওঁলোকে মূৰত পাগুৰি মাৰি ৰঙা কাপোৰ পৰিধান কৰে। তাৰপিছত তেওঁলোকে ঘৰৰ মাজ মজিয়াত থাপনা পাতি চাকি এগছি জ্বলাই বাইখো দেৱীৰ নামত মদ আৰু প্ৰসাদ আগবঢ়ায়। থাপনাৰ চাৰিকোণত চাৰিজন বায়নে খাম বজায় আৰু চুত্ লা চুত্ লিয়ে খামৰ তালে তালে নাচে। গীতালি দুদনে হৈ মাৰু গীতৰ আৰম্ভণী কৰে।[2]

ৰাভাসকলৰ হৈ মাৰু গীতৰ লগত আধ্যত্মিক ভাৱ জড়িত হৈ আছে। বাইখো পূজাৰ বাহিৰে বেলেগ সময়ত হৈ মাৰু গীত পৰিবেশন কৰাটো নিষিদ্ধ। এই গীত মুখে মুখে চলি আহিছে আৰু ডেকা গাভৰুৱে এই গীত গোৱা নিষিদ্ধ। ঘৰৰ ভিতৰত হৈ মাৰু নৃত্য চলি থকা সমযত চোতালত ডেকা গাভৰুৰ নৃত্য-গীত আৰম্ভ হয়। এই নৃত্যগীতবোৰ যৌন আবেদনময়ী। এনে গীতবোৰক ছাথাৰ বুলি কোৱা হয়।[2]

ইয়াৰ লগতে আগৰ বছৰত থাকি যোৱা শস্যৰে নিৰ্মিত এটি মেজি সাজি জলাই দিয়াটো বাইখো পূজাৰ নিয়ম। গীতৰ তালে তালে নৃত্য কৰি পূজাৰীসকলে জলি উঠা মেজিৰ অঙঠাৰ[4] ওপৰেৰে পাৰ হৈ শস্যৰ উপাস্য দেৱতাক সন্তুষ্ট কৰে।[1][3]

চৰকাৰী পৃষ্ঠপোষকতা[সম্পাদনা কৰক]

বাইখো পূজাৰ বিষয়ে বিশ্বৰ আগত দাঙি ধৰিবলৈ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ অধীনত এখন আঁচনিৰ অংশ হিচাপে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। ‘বাইখো’ নামৰ এই তথ্যচিত্ৰখনত ৰাভাসকলৰ প্ৰধান ধৰ্মীয় উৎসৱটোৰ বিষয়ে সকলো দিশৰ উপস্থাপনৰ প্ৰয়াস কৰা হৈছে।[5]

তথ্য উৎস[সম্পাদনা কৰক]