মহোহো
মহোহো |
---|
'"মহোহো"' নামনি অসমৰ কোনো ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা এটা উৎসৱ। নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত ।
লোকবিশ্বাস[সম্পাদনা কৰক]
আঘোণ মাহ অসমৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ । এই সময়তে পথাৰত ধানে পক ধৰে । গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয় । তাৰ লগতে তেওঁলোকে গৃহস্থক তেওঁলোকৰ খেতি নদন-বদন হ'বলৈ আশীৰ্বাদ দিয়ে । এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে ।
প্ৰধান আকৰ্ষণ[সম্পাদনা কৰক]
আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে । তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় । শেষত গৃহস্থক আশীৰ্বাদ দি সামৰ্থ্য অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা ।
কেইটিমান প্ৰচলিত মহোহো গীত[সম্পাদনা কৰক]
![]() | এই পৃষ্ঠাখন ৱিকিউৎসলৈ স্থানান্তৰকৰণৰ বাবে প্ৰস্তাৱ কৰা হৈছে। এই প্ৰবন্ধত থকা তথ্য বা বিষয়বস্তু ৱিকিপিডিয়াৰ বিষয়বস্তুতকৈ ৱিকি উৎসৰ বিষয়বস্তুৰ লগতহে বেছি খাপ খায়, কাৰণ ”ৱিকিপিডিয়া গীতৰ কথাৰ তথ্যকোষ নহয়” বা “ৱিকিপিডিয়া সংযোগ(লিংক),চিত্ৰ বা মিডিয়া ফাইল ৰখা ভঁৰাল নহয়”। যদি আপুনি ভাবিছে যে এনে কৰা অনুচিত, তেন্তে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত আপোনাৰ মন্তব্য দিয়ক। | ![]() |
শাৰী হৌ শাৰী হৌ৷
কণা-কুঁজা এফাল হৌ৷৷
কণা-কুঁজা ধোঁৱা খোৱা৷
ওজা মাতো বৰেৰ পুৱা ৷৷(মঙলদৈ অঞ্চলত প্ৰচলিত)
লাউৰ মাত ঝিলাও লাওঁ৷
সক্খায়া নিন্ পালাওঁ৷৷
নিন্খিনি হাচাৰে৷
চকুটিপা নাচাৰে৷৷ (গোৱালপাৰা অঞ্চলত প্ৰচলিত)
কুপ্তি কুপ্তি হাউৰা কুপ্তি
আলিৰ মূৰত নল্বা বাহা৷
ফৰ্ব্বাৎ ডালি মাইৰ্বো ডিমাযুৰি ভাইঙ্বো
চানাক লেগি নক্ৰিবা আশা৷
অ’ দাদা, চানাক লেগি নক্ৰিবা আশা৷৷(নলবাৰী অঞ্চলত প্ৰচলিত) [1]
অ’হোহো মহোহো ।
মহ খেদবা টাকান লৌ ।।
মহে বুলে মল্লু দে ।
টেপল পুৰা খালু দে ।।
টেপলত নহ’ল নুন ।
চাউল লাগে দুণ দুণ ।।
বাঁহৰ পাত চিকিমিকি ।
আমাক নাংগে আধলি-সিকি ।।
বাঁহৰ পাত পকা ।
আমাক লাগে টকা ।।
অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলাৰ্থে) (নলবাৰী অঞ্চলত প্ৰচলিত)
অ’হোহো মহোহো
মহ খেদ্বা যাউং যো ।।
মহে বুলে মল্লু দে
তেপৰ মূৰা খালু দে ।।
তেপৰত নহল লোণ
চাউল লাগে দোণ দোণ ।।
সেই চাউলেদি নভ্ৰিল ডুনি
আইথেৰ ঘৰ লৰিচৰি ।।
আইথেৰ ঘৰত পকা জামুক
জাপ দি আহে আমাৰ ভালুক ।।
বাহৰ পাত চিকিমিকি
আমাক লাগে বগা সিকি ।। (বজালী অঞ্চলত প্ৰচলিত)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ অসমীয়া লোক-গীত সংগ্ৰহ, যোগেশচন্দ্ৰ তামুলী, অসম সাহিত্য সভা, ১৯৬০
|