সমললৈ যাওক

মহো-হো উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মহোহোৰ পৰা পুনঃনিৰ্দেশিত)
মহো-হো উৎসৱ

কলিতা জনগোষ্ঠীয়ে ঘৰে ঘৰে মহো-হো পৰিৱেশন কৰা দৃশ্য
তাৰিখ আঘোণ মাহৰ পূৰ্ণিমা
ঠাই অসম
অংশগ্ৰহণকাৰী নামনি অসমৰ কলিতা জনগোষ্ঠীৰ লোক
প্ৰকাৰ কৃষিভিত্তিক জনগোষ্ঠীয় উৎসৱ

মহো-হো (ইংৰাজী: Mohoho) বা ম'হ খেদা উৎসৱ নামনি অসমকলিতা জনগোষ্ঠীয় এক লোককৃষ্টি বা উৎসৱ। আঘোণ মাহৰ পূৰ্ণিমাৰদিনা ৰাতি কলিতা জনগোষ্ঠীয় লোকসকলে ঘৰে ঘৰে গৈ মহো-হো গীত গাই এই উৎসৱ পালন কৰে। গঞাসকলে চোতালে চোতালে মহোহো প্ৰদৰ্শন কৰি গৃহস্থক ধনে-ধানে সমৃদ্ধিশালী হ'বলৈ আশীৰ্বাদ দিয়ে।

বাৰে-ৰহণীয়া সাংস্কৃতিক সমাহাৰে চহকী অসমৰ মহোহো উৎসৱৰ এক সুকীয়া পৰিচয় আছে। প্ৰাক-ঐতিহাসিক যুগৰেপৰা তথা প্ৰাগজ্যোতিষপুৰৰ দিনৰেপৰা অসমত বসবাস কৰি অহা অসমৰ আটাইতকৈ প্ৰাচীন জনগোষ্ঠী কৃষিজীৱী কলিতাসকলৰ গাঁওসমূহত এই উৎসৱ বহু পূৰ্বৰেপৰা প্ৰচলিত হৈ আহিছে। অসমত নাঙলেৰে মাটি চাহ কৰি কৃষি কৰা পদ্ধতি কলিতা জনগোষ্ঠীয় লোকসকলেই আৰম্ভণি কৰিছিল। গতিকে এই লোকসকলৰ অসমৰ কৃষিভিত্তিক উৎসৱৰ সৈতে গভীৰ সম্পৰ্ক আছে।

উৎপত্তি বা প্ৰচলন

[সম্পাদনা কৰক]

জাৰকালিৰ আৰম্ভণিতে তথা আঘোণ মাহত কৃষিক্ষেত্ৰৰ ধানবোৰ পকিবলৈ আৰম্ভ কৰে। ধানৰ উপৰি মাহজাতীয় শস্যসমূহ যেনে মাটিমাহ, মগুমাহ, মচুৰ আদিবোৰ শস্য ধৰিবলৈ আৰম্ভ কৰে। এই শস্যবোৰ বনৰীয়া ম'হ বা চাপৰিৰ খুঁটিৱালাৰ ম'হবোৰৰ অতি প্ৰিয়। এই সময়ছোৱাত মাহজাতীয় শস্য তথা পকা ধান খাবলৈ বনাঞ্চল তথা ব্ৰহ্মপুত্ৰ বা নৈপৰীয়া চাপৰি অঞ্চলৰপৰা ম'হবোৰ ৰাতিৰ আন্ধাৰত কৃষিপথাৰলৈ ওলাই আহে। এই পকা ধান বা মাহজাতীয় শস্যসমূহ ম'হৰপৰা ৰক্ষা কৰিবলৈ গঞাসকলে জাকপাতি দলে-বলে ম'হ খেদিবলৈ যায়। ম'হ খেদিবলৈ যাওঁতে ইয়াৰে মাজৰ এজনে কলগছৰ শুকান পাত বা অন্যান্য গছৰ পাতৰে ভালুকৰ দৰে এযোৰ পোছাক তৈয়াৰী কৰি ভালুক আকৃতিৰ দৰে যায় যাতে ম'হে সেই ভালুক আকৃতিৰ জন্তুবিধক দেখি ভয়তে খেদি নাহে বা পলাই পত্ৰং দিয়ে। ম'হ খেদিবলৈ যাওঁতে গঞাসকলৰ প্ৰতিজনে হাতত একোডাল টাঙোন লৈ যায়।

আঘোণ মাহৰ পূৰ্ণিমাৰদিনা এইবাবেই যোৱা হয় যে আঘোণ মাহত পথাৰত খোজ কাঢ়িব পাৰি। ধানৰ তলত পানী বা বোকাময় হৈ নাথাকে। আৰু পূৰ্ণিমাৰদিনা ম'হবোৰ দূৰৈৰপৰাই ধাননি পথাৰ বা কৃষিক্ষেত্ৰত দেখা পোৱা যায়। আগৰ দিনত যিহেতু দূৰলৈকে পোহৰ যোৱা বিজুলী বাতি বা টৰ্চৰ ব্যৱস্থা নাছিল গতিকে পূৰ্ণিমাৰ পোহৰ আছিল উৎকৃষ্ট দিন। আন্ধাৰ ৰাতি বা বোকাময় পথাৰত ম'হ খেদিবলৈ গ'লে ম'হে খেদি অহাটো স্বাভাৱিক। আৰু যিহেতু আঘোণ মাহতেই ধান বা মাহবোৰ পৈণত হয় গতিকে এই সময়তে ম'হবোৰ আহে আৰু খেদিবলৈও আঘোণ মাহৰ পূৰ্ণিমা উৎকৃষ্ট দিন।

ম'হ খেদিবলৈ যোৱাৰ সময়তে ডেকাচামে এক উৎসৱমুখী পৰিৱেশ সৃষ্টি কৰিবৰ বাবে গীত জোৰে। কালক্ৰমত এয়াই হৈ পৰিল মহোহো লোকউৎসৱ বা লোকসংস্কৃতি। কালক্ৰমত ই বিহু বা হুঁচৰিৰ দৰেই নামনি অসমৰ চহাসকলে গাঁৱে গাঁৱে উদ্‌যাপন কৰা এক কৃষিভিত্তিক উৎসৱ হৈ পৰিল। বিহু যিদৰে অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ ঠিক সেইদৰেই এই মহোহো অসমৰ প্ৰাচীন তথা আদিবাসী জনগোষ্ঠী 'কলিতা'লোকসকলৰ কৃষিভিত্তিক উৎসৱ। অসমৰ প্ৰতিটো উৎসৱ কৃষিৰ সৈতে সম্পৰ্ক আছে।

মহোহো শব্দটোৰ অৰ্থ এনে বুলি ধৰা যায়। ম'হ হৈছে এবিধ জন্তু। আমি সাধাৰণতে গৰু বা ম'হ হালবোৱাৰ সময়ত নাইবা অন্য সময়ত খেদিবলৈ হো-হো শব্দটো ব্যৱহাৰ কৰো। ৰাতি ম'হ গুৱালসকলেও দূৰৈৰপৰা হো-হো কৈ বা হৌ-হৌকৈ চিঞৰি সতৰ্ক কৰে। যিকোনো জন্তু খেদিবলৈ হো-হো শব্দটো স্বতঃস্ফূৰ্তভাৱে ওলাই। গতিকে ম'হ হো-হো অৰ্থাৎ মহো-হো। ঠায়ে ঠায়ে ইয়াক ম'হৌ-হৌ বুলিও কয় অৰ্থাৎ ম'হ হৌ-হৌ। হৌ-হৌ মানে ম'হ খেদা। কামৰূপ, দৰং, নলবাৰী, বৰপেটা, বজালী আদি কলিতা জনগোষ্ঠীৰ লোক অধিকাংশ বসবাস কৰা এলেকাত এই মহো-হো উৎসৱ বেছিকৈ পালন কৰা দেখা যায়।

উদ্‌যাপনৰ ৰীতি

[সম্পাদনা কৰক]

এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। আঘোণ মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰে আনন্দৰে পালন কৰে। চেমনীয়া ল’ৰা আৰু ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহো-হো গীত বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰপৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহো-হো গীতৰ ৰূপ এনেধৰণৰ- মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ॥ মহে বোলে মৰ্‌লু দে। টেপৰ পূৰা খালো দে॥ ইত্যাদি।

উৎসৱত গোৱা গীতবোৰক ‘ভাল হওক দিয়া’ বা ভাওল দিয়া গীত বোলা হয়। মহ খেদোঁতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়। এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ এউৰিমগা গীত আৰু বাস্কা অঞ্চলৰ বাম্বোল পিটা গীতৰ কিছু সাদৃশ্য আছে। নামনি অসমৰ ভিন ভিন অঞ্চলত প্ৰচলিত মহো-হো গীতবোৰ প্ৰায় একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায়। আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহো-হো বা মহখেদা অ-জনজাতিসকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়।

লোকবিশ্বাস

[সম্পাদনা কৰক]

কালক্ৰমত মহোহো ম'হ খেদা উৎসৱৰ উপৰি লোকবিশ্বাস হৈ পৰিল। ম'হ খেদোৱা গীতবোৰ গায় গৃহস্থৰ পদূলিত ৰাইজে আহি আশীৰ্বাদ দিলে ধনে-ধানে সমৃদ্ধি হয় বুলি ভবা হয়। আঘোণ মাহ অসমৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ। এই সময়ত ধানবোৰ ভৰপক লয় বা কাটিবলৈ হয়। গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে পথাৰত বনৰীয়া ম'হবোৰে ধানবোৰ অনিষ্ট নকৰে। এয়া এক অসমৰ অতি পুৰণি কৃষিভিত্তিক উৎসৱ। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে।[1]

কেইটিমান প্ৰচলিত মহো-হো গীত

[সম্পাদনা কৰক]
শাৰী হৌ শাৰী হৌ।

কণা-কুঁজা এফাল হৌ॥

কণা-কুঁজা ধোঁৱা খোৱা।

ওজা মাতো বৰেৰ পুৱা॥
লাউৰ মাত ঝিলাও লাওঁ।

সক্খায়া নিন্ পালাওঁ॥

নিন্খিনি হাচাৰে।

চকুটিপা নাচাৰে॥
  • নলবাৰী অঞ্চলত প্ৰচলিত গীত (১):
কুপ্তি কুপ্তি হাউৰা কুপ্তি

আলিৰ মূৰত নল্বা বাহা।

ফৰ্বাৎ ডালি মাইৰ্বো

ডিমাযুৰি ভাইঙ্বো

চানাক লেগি নক্ৰিবা আশা।

অ’ দাদা, চানাক লেগি নক্ৰিবা আশা॥[2]
অ’হোহো মহোহো।

মহ খেদবা টাকান লৌ॥

মহে বোলে মৰল্লু দে।

টেপল পূৰা খালু দে॥

টেপলত নহ’ল নুন।

চাউল লাগে দুণ দুণ॥

বাঁহৰ পাত চিকিমিকি।

আমাক নাংগে আধলি-সিকি॥

বাঁহৰ পাত পকা।

আমাক লাগে টকা॥

অ’ হৰি অ’ ৰাম ( গৃহস্থৰ কুশলাৰ্থে)
অ’হোহো মহোহো

মহ খেদ্‌বা যাউং যো॥

মহে বোলে মল্লু দে

তেপৰ মূৰা খালু দে॥

তেপৰত নহ’ল লোণ

চাউল লাগে দোণ দোণ॥

সেই চাউলেদি নভ্‌ৰিল ডুনি

আইথেৰ ঘৰ লৰিচৰি॥

আইথেৰ ঘৰত পকা জামুক

জাঁপ দি আহে আমাৰ ভালুক॥

বাহৰ পাত চিকিমিকি

আমাক লাগে বগা সিকি॥

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ভৰালী, বিভা. "মহোহো বা মহখেদা উৎসৱ". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ae9b99b9-9ac9be-9ae9b99969c79a69be-9899ce9b89f1। আহৰণ কৰা হৈছে: 29 September 2020. 
  2. অসমীয়া লোক-গীত সংগ্ৰহ, যোগেশচন্দ্ৰ তামোলী, অসম সাহিত্য সভা, ১৯৬০