সত্ৰীয়া নৃত্য
সত্ৰীয়া নৃত্য | |
---|---|
ৰামকৃষ্ণ তালুকদাৰৰ দ্বাৰা সত্ৰীয়া নৃত্য | |
শৈলী | ভাৰতীয় শাস্ত্ৰীয় নৃত্য |
সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম। সত্ৰীয়া নৃত্যৰ 'সত্ৰীয়া' শব্দটো 'সত্ৰ'ৰ পৰা আহিছে।[1] মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয়।[2] সত্ৰীয়া নৃত্য-মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তিধৰ্ম প্ৰচাৰৰ অৰ্থে শাস্ত্ৰীয় নৃত্যৰ সম্পদক আশ্ৰয় কৰি সৃষ্টি কৰা, আৰু তেওঁৰ পৰৱৰ্তী প্ৰচাৰকসকলে কিছু পৰিমাণে সংবৰ্দ্ধন ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত, পৰিবৰ্ধিত,পৰিশীলিত, আৰু ব্যাকৰণসন্মত হিচাপে জনপ্ৰিয় হৈ উঠা নৃত্যধাৰাকে সাধাৰণতে সত্ৰীয়া নৃত্য বুলি কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

ইতিহাস[সম্পাদনা কৰক]
প্ৰাচীন কালৰে পৰাই অসমত নৃত্য-কলাৰ প্ৰচলন হৈ আহিছিল। প্ৰায় ১৫ শ শতিকৰ পৰা প্ৰচলিত এই নৃত্যধাৰা, ১৯ শ শতিকাৰ মাজভাগত বৈষ্ণৱ ধৰ্মীয় সত্ৰসমূহৰ পৰা আধুনিক মঞ্চলৈ ওলাই আহে। পৰম্পৰাগতভাৱে সত্ৰসমূহত এই নৃত্য মাথোঁ ভকত (পুৰুষ)সকলৰ মাজতে আৱদ্ধ আছিল। কিন্তু আধুনিক মঞ্চৰ স্বীকৃতি পোৱাৰ লগে লগে এই নৃত্য পুৰুষ মহিলা উভয়ে পৰিৱেশন কৰিবলৈ ধৰে।
২০০০ চনৰ ১৫ নৱেম্বৰত এক সুকীয়া শৈলীৰ এই নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰে।
নৃত্যশৈলী[সম্পাদনা কৰক]
প্ৰচলিত ধৰ্মীয় আখ্যানসমূহ এক বিশেষ শৈলীৰে এই নৃত্যৰ দ্বাৰা ব্যাখ্যা কৰা হয়।
সত্ৰীয়া নৃত্য বিভিন্ন ভাগত বিভক্ত।
- সূত্ৰধাৰ
- অপ্সৰা নৃত্য
- বেহাৰ নৃত্য
- ছালি নৃত্য
- দশাৱতাৰ নৃত্য
- নাদুভঙ্গী নৃত্য
- ৰাস নৃত্য
- গোসাঁই প্ৰৱেশ
- গোপী প্ৰৱেশ ইত্যাদি
সত্ৰীয়া নৃত্যৰ বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা[সম্পাদনা কৰক]
- মণিৰাম দত্ত মোক্তাৰ ১৯৬৩ চন
- বাপুৰাম বায়ন আতাই, ১৯৭৮ চন
- ৰসেশ্বৰ শইকীয়া বায়ন মোক্তাৰ, ১৯৮০
- ইন্দিৰা পি পি বৰা, ১৯৯৬
- প্ৰদীপ চলিহা, ১৯৯৮
- পৰমানন্দ বৰবায়ন, ১৯৯৯-২০০০
- ঘনকান্ত বৰা, ২০০১
- যতীন গোস্বামী, ২০০৪
- ঘনকান্ত দত্ত বৰবায়ন, ২০০৭
- মাণিক বৰবায়ন, ২০১০
- যোগেন দত্ত বায়ন, ২০১৩
- শাৰদী শইকীয়া, ২০১৫
- হৰিচৰণ ভূঞা বৰবায়ন, ২০১৬
- ৰামকৃষ্ণ তালুকদাৰ, ২০১৭
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত সত্ৰীয়া নৃত্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Satriya dance of Assam
- Sattriya Dance by Mrs Devika P. Borthakur and Mr.Pulak J. Borthakur
|