গিদ্ধা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গিদ্ধা
Giddha 1.jpg
গিদ্ধা নৃত্যৰত যুৱতীৰ দল
শৈলী লোকনৃত্য
উৎপত্তিমূল পঞ্জাব

গিদ্ধা (ইংৰাজী: Giddha) ভাৰত আৰু পাকিস্তানৰ পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য। গিদ্ধা নৃত্য প্ৰাচীন ৰিং নৃত্যৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। ই ভাংৰাৰ দৰেই উত্তেজনাপূৰ্ণ আৰু একে সময়তে ই সৃজনশীলভাৱে নাৰীসূলভ কৰুণা, সৌন্দৰ্য আৰু নমনীয়তা প্ৰদৰ্শন কৰে। এইটো অতি ৰঙীন নৃত্যৰ প্ৰকাৰ। এতিয়া দেশৰ সকলো অঞ্চলতে গিদ্ধা নৃত্যৰ প্ৰচলন দেখা যায়। মহিলাসকলে মুখ্যতঃ উৎসৱ বা সামাজিক অনুষ্ঠানত এই নৃত্য পৰিৱেশন কৰে। নৃত্যৰ লগত ছন্দ তুলি হাততালি বজোৱা হয় আৰু নেপথ্যত বয়স্ক মহিলাসকলে সাধাৰণ পৰম্পৰাগত লোকগীত গায়।

গিদ্ধা পৰম্পৰাগত আন পঞ্জাবী নৃত্যকৈ পৃথক। কাৰণ ইয়াৰ বাবে ঢোল বা তেনেজাতীয় বাদ্যযন্ত্ৰৰ প্ৰয়োজন নহয়। তাৰ পৰিৱৰ্তে মহিলাসকলে বৃত্ত গঠনত থিয় হৈ থাকে আৰু ছন্দ মিলাই হাততালি মাৰে। এগৰাকী মুখ্য মহিলাই এটা বলি বা গীতৰ শাৰী গায় আৰু গোটেই বৃত্তত মহিলাসকলে সেই শাৰী পুনঃ দোহাৰে। গিদ্ধাৰ লগত প্ৰচলিত লোকগীতসমূহ গোটেই ৰূপত এই মাতা আৰু সঁহাৰি হিচাপে থাকে। গীতসমূহত যৌনতাকে ধৰি মহিলাৰ জীৱনৰ কাহিনীৰ বিৱৰণ পোৱা যায়।[1]

ইতিহাস[সম্পাদনা কৰক]

গিদ্ধা প্ৰদৰ্শন কৰা পঞ্জাবী যুৱতীৰ দল

গিদ্ধা প্ৰাচীন ৰিং নৃত্যৰ পৰা উদ্ভৱ হৈছিল বুলি কোৱা হয়। পুৰণি সময়ত ৰিং নৃত্য পঞ্জাব অঞ্চলত প্ৰভাৱশালী আছিল। মহিলাসকলে গিদ্ধাৰ জৰিয়তে একে স্তৰৰ শক্তি দেখুৱায় যি পুৰুষে ভাংৰা প্ৰদৰ্শন কৰোঁতে প্ৰদৰ্শন কৰে। গিদ্ধায়ে পঞ্জাবী নাৰীত্ব প্ৰদৰ্শন কৰাৰ এক পৰম্পৰাগত পদ্ধতি প্ৰদৰ্শন কৰে। কোৰিঅ’গ্ৰাফী আৰু গীতৰ ভাষাৰ জৰিয়তে এয়া দেখা পোৱা যায়।[2] ১৯৪৭ চনত ভাৰত বিভাজন আৰু পঞ্জাব অঞ্চলৰ পশ্চিম পঞ্জাব (পাকিস্তান) আৰু পূব পঞ্জাব, ভাৰত) দুটা অংশ হোৱাৰ পিছত সীমান্তৰ ভাৰতীয় দিশৰ পঞ্জাবৰ লোকনৃত্য একত্ৰিত আৰু মঞ্চস্থ কৰা হৈছে আৰু পঞ্জাবী সংস্কৃতিৰ প্ৰতীক অভিব্যক্তি হিচাপে উন্নীত কৰা হৈছে।[3] যদিও গিদ্ধাৰ পাৰম্পৰিক ৰূপ বিভাজনৰ দ্বাৰা গুৰুত্বৰভাৱে প্ৰভাৱিত হোৱা নাছিল, গিব শ্ৰেফলাৰে লিখিছে যে ইয়াক সম্পূৰ্ণৰূপে নহ’লেও পুৰুষ ৰূপ ভাংৰাৰ মহিলা নৃত্য সমকক্ষ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।[3]

১৯৬০ দশকৰ পিছত পঞ্জাবী নৃত্য প্ৰকাৰবোৰ বিধিবদ্ধ হোৱাৰ লগে লগে ভাংৰা আৰু গিদ্ধা প্ৰতিযোগিতা সমগ্ৰ পঞ্জাব আৰু পঞ্জাবী প্ৰবাসীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে। পঞ্জাবী নৃত্যৰ বিভিন্ন প্ৰকাৰবোৰ ১৯৬০ দশকৰ পৰা পঞ্জাবত আৰু ১৯৯০ দশকৰ দক্ষিণ এছিয়াৰ শিক্ষাৰ্থী গোটৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু কানাডালৈ বিয়পি পৰিছে।[4]

পাৰম্পৰিক সাজ-পাৰ[সম্পাদনা কৰক]

পঞ্জাবৰ লোক নৃত্যশিল্পীসকলে ২০০৭ চনৰ ১৯ জানুৱাৰীত নতুন দিল্লীত ছয়দিনীয়া লোক নৃত্য উৎসৱ 'লোক তৰংগ'ত প্ৰদৰ্শন কৰা গিদ্ধা নৃত্য

গিদ্ধা নৃত্যত পৰম্পৰাগতভাৱে মহিলাসকলে উজ্জ্বল ৰঙৰ ছালৱাৰ কামীজ আৰু গহনা পিন্ধে। চুলিসমূহ দুটা ভাগত ভাগ কৰি বান্ধি আৰু লোক অলংকাৰ যেনে কপালত টিক্কা পিন্ধি গিদ্ধা নৃত্য প্ৰদৰ্শন কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Dance Styles" (en-US ভাষাত). http://www.shan-e-punjab.ca/dance-styles. 
  2. "Giddha Origin and history". utsavpedia.com. http://www.utsavpedia.com/cultural-connections/evergreen-folk-dance-from-punjab-giddha/. 
  3. 3.0 3.1 Schreffler, Gibb (2004). "Vernacular Music and Dance of Punjab". Journal of Punjab Studies খণ্ড 11 (2): 197–214. 
  4. Schreffler, Gibb (2013). "Situating bhangra dance: a critical introduction". South Asian History and Culture খণ্ড 4:3 (3): 384–412. doi:10.1080/19472498.2013.808514.