পঞ্জাবৰ লোক-নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পঞ্জাবৰ লোক-নৃত্য ভাংৰা।

পঞ্জাবী নৃত্য (ইংৰাজী: Punjabi dances) হৈছে ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ বিস্তৃত পঞ্জাব অঞ্চলৰ খিলঞ্জীয়া পঞ্জাবী জনগোষ্ঠীৰ লোক আৰু ধৰ্মীয় নৃত্যৰ এক শৃংখল। পঞ্জাবী নৃত্যৰ শৈলী অতি উচ্চ গতিৰ পৰা আৰম্ভ কৰি লেহেমীয়া গতিৰ হোৱা দেখা যায়। পঞ্জাবী নৃত্যত পুৰুষ আৰু মহিলাৰ বাবে নিৰ্দিষ্ট শৈলী থাকে।

প্ৰকাৰ[সম্পাদনা কৰক]

পঞ্জাবত প্ৰচলিত বিভিন্ন লোক-নৃত্যসমূহ হৈছে -

ভাংৰা নৃত্য : পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল।[1] ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।[2] ভাংৰাৰ এক সাধাৰণ প্ৰদৰ্শনত কেইবাজনো নৃত্যশিল্পীয়ে শৰীৰৰ জোৰদাৰ পদচালনা কৰে, জাঁপ মাৰে আৰু শৰীৰ বেঁকা কৰে। ইয়াৰ লগতে প্ৰায়ে ওপৰলৈ উঠা বাহু বা কান্ধৰ চলাচলৰ সৈতে এক সুকীয়া নৃত্যভংগীমাৰে নৃত্য কৰে। ভাংৰা নৃত্য বলিয়ান নামৰ চুটি গীতৰ সৈতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ঢোলৰ তালে তালে নৃত্য কৰা হয়।[3] ভাংৰাৰ সৈতে জড়িত ঢোলৰ এটা মূৰত জোৰেৰে আঘাত কৰে আৰু আনটো মূৰত লাহেকৈ আঘাত কৰি এক বৈশিষ্ট্যপূৰ্ণ সংগীতক তালৰ ছন্দময় ধ্বনি প্ৰস্তুত কৰা হয়।[4]

গিদ্ধা নৃত্য : পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য। গিদ্ধা নৃত্য প্ৰাচীন ৰিং নৃত্যৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। ই ভাংৰাৰ দৰেই উত্তেজনাপূৰ্ণ আৰু একে সময়তে ই সৃজনশীলভাৱে নাৰীসূলভ কৰুণা, সৌন্দৰ্য আৰু নমনীয়তা প্ৰদৰ্শন কৰে। এইটো অতি ৰঙীন নৃত্যৰ প্ৰকাৰ। এতিয়া দেশৰ সকলো অঞ্চলতে গিদ্ধা নৃত্যৰ প্ৰচলন দেখা যায়। মহিলাসকলে মুখ্যতঃ উৎসৱ বা সামাজিক অনুষ্ঠানত এই নৃত্য পৰিৱেশন কৰে। নৃত্যৰ লগত ছন্দ তুলি হাততালি বজোৱা হয় আৰু নেপথ্যত বয়স্ক মহিলাসকলে সাধাৰণ পৰম্পৰাগত লোকগীত গায়।

মালৱাই গিদ্ধা : মালৱাই গিদ্ধা পঞ্জাৱৰ মালৱা অঞ্চলৰ পুৰুষ সকলৰ লোকনৃত্য।[5][6][7][8][9] প্ৰথমে বৃদ্ধ পুৰুষে এই নৃত্য পৰিবেশন কৰিছিল। পঞ্জাৱ অঞ্চলৰ মালৱা অঞ্চলৰ পৰা উৎপত্তি হোৱা এই নৃত্য মুক্তসৰ, বাথিণ্ডা, ফৰিদকোট, সাংগুৰুৰ, ফিৰোজপুৰ, মানছা আৰু পাটিয়ালা জিলাৰ সৈতে জড়িত।

ঝুমৰ নৃত্য : পাকিস্তানৰ পৰম্পৰাগত ঝাং সংস্কৃতিৰ অন্তৰ্গত এক প্ৰকাৰৰ লোক-নৃত্য[10][11] পঞ্জাবৰ চন্দলবাৰ অঞ্চলৰো ই এটা জনপ্ৰিয় নৃত্য[12], এই অঞ্চলত ইয়াক ঘুমবৰ বুলিও কোৱা হয়।[13] ই এটা ধীৰ গতিৰ আৰু অধিক ছন্দময় ৰূপৰ নৃত্য।[14] "ঝুমৰ" শব্দটো ‘ਝੂਮ’ (ঝুম) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দোলায়িত। সাধাৰণতে বিয়াৰ অনুষ্ঠানত ঝুমৰ পৰিৱেশন কৰা হয়।[15] এই নৃত্যৰ শিল্পীসকলে বৃত্তাকাৰে, আৱেগিক গীতৰ সুৰত নৃত্য কৰে।[15]

কিকলী নৃত্য : পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি ঘূৰণীয়াকৈ ঘূৰে৷

গতকা নৃত্য : পঞ্জাৱৰ শিখ আৰু অন্যান্য আনুষংগিক জনগোষ্ঠী, যেনে হিন্দকোৱানৰ সৈতে জড়িত যুদ্ধ কলাৰ এক প্ৰকাৰৰ খেল।[16][17] ই লাঠি-যুদ্ধৰ এক শৈলী, কাঠৰ লাঠিৰে তৰোৱালৰ অনুকৰণ কৰা হয়।[18] পাঞ্জাবী নাম, গটকা, ব্যৱহৃত কাঠৰ লাঠিডালক বুজায় আৰু এই শব্দটোৰ উৎপত্তি হয়তো সংস্কৃত শব্দ "গদা"ৰ ক্ষুদ্ৰ ৰূপ হিচাপে হ'ব পাৰে।[19]

ছাম্মি : পঞ্জাৱৰ জনজাতীয় অঞ্চল বিশেষকৈ পাকিস্তানী পঞ্জাবৰ চন্দলবৰ অঞ্চল আৰু পোথোহাৰ অঞ্চলৰ পৰা উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য শৈলী।[20][21] সাধাৰণতে প্ৰচলিত পঞ্জাবী উদযাপনৰ সময়ত পুৰুষে ছাম্মি নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও মহিলাসকলেও উজ্জ্বল ৰঙীন কুৰ্তা আৰু লেহেংগা পিন্ধি এই নৃত্য পৰিবেশন কৰে।

লুড্ডি : লুড্ডী নৃত্য পঞ্জাবৰ পুৰুষ আৰু মহিলা উভয়ে আঙুলিত টুকৰ মাৰি কৰি হাত চাপৰি বজাই, জপিয়াই আৰু বৃত্তৰ দৰে ঘূৰি ঘূৰি পৰিৱেশন কৰে।[22][23][24][25][26] ইয়াক প্ৰধানকৈ বিয়া আৰু খেলৰ বিজয় উদযাপনৰ বাবে পৰিবেশন কৰা হয়।[27][28][29][30][31] ইয়াক যোৰকৈ বা গোটত ঢোল আৰু শ্বেনয়ীৰ সুৰত পৰিবেশন কৰা হয়।[32] 'লুড্ডি হায় জামালো' আছিল ১৯৮০ চনত নূৰ জেহানে গোৱা আৰু প্ৰায়ে বিয়াত মহিলাসকলে গোৱা এটা বিখ্যাত গীত।[33][34]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bhangra – dance". http://www.britannica.com/EBchecked/topic/63998/bhangra. 
  2. https://doi-org.wikipedialibrary.idm.oclc.org/10.1093/gmo/9781561592630.article.47339
  3. Vora, Shivani (2012-01-12). "A Wedding Dance That's Also a Workout" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2012/01/13/arts/dance/bhangra-the-wedding-dance-thats-also-a-workout.html. 
  4. "Bhangra classes offered for high school credit in B.C.". CBC News. Jan 23, 2016. https://www.cbc.ca/news/canada/british-columbia/bhangra-classes-offered-for-high-school-credit-in-b-c-1.3414587. 
  5. Walia, Aarohi (2008). Folk Dances of Punjab. Unistar Books. পৃষ্ঠা. 64–65. ISBN 9788171426027. https://books.google.com/books?id=tM7vvmV1SWcC. 
  6. Roy, Anjali Gera (April 2020). "Gendering Dance". Religions খণ্ড 11 (4): 202. doi:10.3390/rel11040202. 
  7. David, Ann R. (10 December 2015). "Embodied cultural memories of the Punjab: Giddha dance and song in migrant London space". Traditiones খণ্ড 44 (2): 149–171. doi:10.3986/Traditio2014440208. https://ojs.zrc-sazu.si/traditiones/article/view/4900। আহৰণ কৰা হৈছে: 29 March 2023. 
  8. Singh, Nahar; Gill, R.S. (2004). "Folk Practices in Punjab". Journal of Punjab Studies খণ্ড 11 (2): 171–196. https://punjab.global.ucsb.edu/sites/default/files/sitefiles/journals/volume11/no2/6_singh_gill.pdf। আহৰণ কৰা হৈছে: 29 March 2023. 
  9. Mooney, Nicola (September 19, 2008). "Aaja Nach Lai [Come Dance: Performing and Practicing Identity among Punjabis in Canada"]. Ethnologies খণ্ড 30 (1): 103–124. doi:10.7202/018837ar. https://www.erudit.org/en/journals/ethno/2008-v30-n1-ethno2406/018837ar/abstract/। আহৰণ কৰা হৈছে: 29 March 2023. 
  10. "International Dance Day is being observed today" (en-GB ভাষাত). Global Village Space. 2019-04-29. https://www.globalvillagespace.com/international-dance-day-is-being-observed-today/। আহৰণ কৰা হৈছে: 2023-01-16. 
  11. "Of culture and political identity | Art & Culture | thenews.com.pk" (en ভাষাত). www.thenews.com.pk. https://www.thenews.com.pk/tns/detail/568182-culture-political-identity। আহৰণ কৰা হৈছে: 2023-01-16. 
  12. (en ভাষাত) Punjab District Gazetteers: Shahpur District. 1897. পৃষ্ঠা. 93. https://books.google.com/books?id=qy9uAAAAMAAJ&dq=ghumbar+dance&pg=PA93. 
  13. Dhillan, I. S. (1998) (en ভাষাত). Folk Dances of Panjab. National Book Shop. পৃষ্ঠা. 55. ISBN 978-81-7116-220-8. https://books.google.com/books?id=edbfAAAAMAAJ&q=ghumbar+dance+sandalbar. 
  14. "Jhumar Dance - Folk Dance Performed on Marriage Ceremonies by Men". http://www.discoveredindia.com/punjab/culture-in-punjab/dance/punjabi-folk-dances-for-males/jhumar.htm। আহৰণ কৰা হৈছে: 2015-01-16. 
  15. 15.0 15.1 Manga, Dhiren (2018-08-21). "The Most Popular Dances of Pakistan" (en ভাষাত). DESIblitz. https://www.desiblitz.com/content/most-popular-dances-pakistan। আহৰণ কৰা হৈছে: 2023-01-16. 
  16. یاوری, موسیٰ (26 February 2019). "'گتکا ہماری ثقافت ہے اور ہم نے اسے قائم رکھنا ہے'" (ur ভাষাত). BBC News اردو. https://www.bbc.com/urdu/sport-47317035. 
  17. Sadaqat, Muhammad (March 17, 2019). "Gatka a centuries old art of self-defence". DAWN. https://www.dawn.com/news/1470080. 
  18. Donn F. Draeger and Robert W. Smith (1969). Comprehensive Asian Fighting Arts. Kodansha International Limited. 
  19. Ananda Lal, The Oxford companion to Indian theatre, Oxford University Press (2004), আই.এচ.বি.এন. 9780195644463, p. 129.
  20. "Culture". www.punjab.gov.in. Archived from the original on 2020-04-28. https://web.archive.org/web/20200428170704/http://www.punjab.gov.in/web/guest/culture। আহৰণ কৰা হৈছে: 2016-07-24. 
  21. Schreffler, Gibb (2012). "DESPERATELY SEEKING SAMMI: RE-INVENTING WOMen's DANCE IN PUNJAB" (en ভাষাত). Sikh Formations খণ্ড 8 (2): 127–146. doi:10.1080/17448727.2012.702416. ISSN 1744-8727. http://www.tandfonline.com/doi/abs/10.1080/17448727.2012.702416. 
  22. "Luddi - Kalapeet" (en ভাষাত). 21 April 2021. https://kalapeet.com/luddi/. 
  23. Post, Like This. "Luddi Dance – Punjab" (English ভাষাত). School Chalao. https://www.schoolchalao.com/basic-education/show-results/indian-folk-dance/luddi-dance-punjab. 
  24. Service, Tribune News. "Non-stop luddi by folk society enters Int'l Book of Records" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/jalandhar/non-stop-luddi-by-folk-society-enters-intl-book-of-records-163492. 
  25. "Luddi Dance". Indian Classical Folk & Tribal Dance. 12 March 2012. https://dance.anantagroup.com/luddi-dance/. 
  26. "luddi | Pakistani folk dance | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/art/luddi. 
  27. Kundi, Asma (15 April 2017). "Punjabi Sufi singers enthral visitors" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1327133. 
  28. "The Most Popular Dances of Pakistan" (en ভাষাত). DESIblitz. 21 August 2018. https://www.desiblitz.com/content/most-popular-dances-pakistan. 
  29. Reporter, A. (21 May 2015). "Culture of Punjab celebrated" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1183290. 
  30. Shahid, Jamal (31 March 2008). "Performing arts group brings smiles to Islamabad" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/295933/performing-arts-group-brings-smiles-to-islamabad. 
  31. Correspondent, The Newspaper's (6 October 2013). "Lok Rahs drama festival" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1047753/newspaper/column. 
  32. Ahmed, Shoaib (12 January 2017). "Beating the drum for her art" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1307909. 
  33. Khan, Sultan Arshad (4 August 2019). "SOUNDSCAPE: THREE GENERATIONS OF SONGMAKERS" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1497890. 
  34. "COVER STORY: Mega mutiars" (en ভাষাত). DAWN.COM. 17 December 2008. https://www.dawn.com/news/883315/cover-story-mega-mutiars.