সমললৈ যাওক

ভাংৰা নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাংৰা নৃত্য

ভাংৰা নৃত্য
শৈলী লোকনৃত্য
উৎপত্তিমূল ছিয়ালকোট, পাঞ্জাৱ

ভাংৰা (ইংৰাজী: Bhangra) বা ভাংড়া পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল।[1] ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।[2] ভাংৰাৰ এক সাধাৰণ প্ৰদৰ্শনত কেইবাজনো নৃত্যশিল্পীয়ে শৰীৰৰ জোৰদাৰ পদচালনা কৰে, জাঁপ মাৰে আৰু শৰীৰ বেঁকা কৰে। ইয়াৰ লগতে প্ৰায়ে ওপৰলৈ উঠা বাহু বা কান্ধৰ চলাচলৰ সৈতে এক সুকীয়া নৃত্যভংগীমাৰে নৃত্য কৰে। ভাংৰা নৃত্য বলিয়ান নামৰ চুটি গীতৰ সৈতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ঢোলৰ তালে তালে নৃত্য কৰা হয়।[3] ভাংৰাৰ সৈতে জড়িত ঢোলৰ এটা মূৰত জোৰেৰে আঘাত কৰে আৰু আনটো মূৰত লাহেকৈ আঘাত কৰি এক বৈশিষ্ট্যপূৰ্ণ সংগীতক তালৰ ছন্দময় ধ্বনি প্ৰস্তুত কৰা হয়।[4] ভাংৰাৰ উৎপত্তি পঞ্জাৱৰ কৃষকসকলৰ সৈতে এক সাংস্কৃতিক আৰু সাম্প্ৰদায়িক উদযাপন হিচাপে হৈছিল। আধুনিক যুগৰ বিৱৰ্তনে ভাংৰাক ইয়াৰ পৰম্পৰাগত ভাৰতীয় শিপা বজাই ৰাখিবলৈ সহায় কৰিছে। আনহাতে জনপ্ৰিয় সংগীত আৰু ডিজেইং, দল আধাৰিত প্ৰতিযোগিতা আৰু আনকি ব্যায়াম আৰু বিদ্যালয় আৰু ষ্টুডিঅ'ত নৃত্য কাৰ্যসূচীত একত্ৰীকৰণত অন্তৰ্ভুক্ত কৰিবলৈ ইয়াৰ প্ৰসাৰ বিশ্বব্যাপী কৰিছে।[3]

তাৎপৰ্য

[সম্পাদনা কৰক]

ভাংৰা নৃত্য মুখ্যতঃ শস্য চপোৱাৰ সময়ত পাঞ্জাৱী খেতিয়কসকলৰ দ্বাৰা কৰা হৈছিল। কৃষকসকলে কৃষিৰ কাম কৰি থকা অৱস্থাত সাধাৰণতে ভাংৰা পৰিৱেশন কৰিছিল। তেওঁলোকে কৃষি কৰা ঠাইতে ভাংৰা নৃত্য কৰিছিল। ইয়াৰ দ্বাৰা তেওঁলোকে আনন্দদায়ক ভাৱে তেওঁলোকৰ কাম শেষ কৰিব পৰিছিল। বৈশাখীৰ সময়ত তেওঁলোকৰ ঘেঁহুৰ শস্য চপোৱাৰ পিছত মানুহে ভাংৰা নাচি থাকোঁতে পিছলৈ ই সাংস্কৃতিক উৎসৱ হিচাপে পৰিগণিত হয়।[5] বহু বছৰ ধৰি কৃষকসকলে সফলতাৰ অনুভূতি প্ৰদৰ্শন কৰিবলৈ আৰু শস্য চপোৱা ঋতুক আদৰণি জনোৱাৰ বাবে ভাংৰা প্ৰদৰ্শন কৰিছিল।

উৎপত্তি

[সম্পাদনা কৰক]
নৃত্যৰত ভাংৰা শিল্পী

পৰম্পৰাগত ভাংৰাৰ উৎপত্তি অনুমানমূলক। ধিলন (১৯৯৮)ৰ মতে ভাংৰা পাঞ্জাৱী নৃত্য 'বাগা'ৰ সৈতে সম্পৰ্কিত। বাগা নৃত্য হৈছে পঞ্জাৱৰ এক সমৰ নৃত্য।[6] অৱশ্যে ভাংৰা লোক নৃত্যৰ উৎপত্তি মাঝা অঞ্চলৰ ছিয়ালকোট জিলাত হৈছিল।[6][7][8] ছিয়ালকোট জিলাৰ গাওঁসমূহত নৃত্যৰত ভাংৰাৰ পৰম্পৰাগত ৰূপক মানদণ্ড হিচাপে গণ্য কৰা হৈছিল।[9] ভাৰতৰ গুৰদাসপুৰ জিলাত পৰম্পৰাগত ভাংৰাৰ সামূহিক ৰূপ বজাই ৰখা হৈছে আৰু ভাৰতৰ পঞ্জাৱৰ হোচিয়াৰপুৰত বসতি স্থাপন কৰা লোকসকলে ইয়াৰ তত্ত্বাৱধান কৰিছে। পৰম্পৰাগত ভাংৰা এটা বৃত্তত পৰিৱেশন কৰা হয়[10] আৰু পৰম্পৰাগত নৃত্যৰ ভংগী ব্যৱহাৰ কৰি পৰিৱেশন কৰা হয়। পৰম্পৰাগত ভাংৰা এতিয়া শস্য চপোৱাৰ বতৰৰ বাহিৰে আন অনুষ্ঠানতো কৰা হয়।[11][12] গানহাৰ (১৯৭৫)ৰ মতে,[13] ভাংৰা মাঝা অঞ্চলৰ ছিয়ালকোটত উদ্ভৱ হৈছিল। ই জম্মু অঞ্চলৰ ঐতিহ্যৰ অংশ হিচাপে বৈশাখীত নৃত্য কৰা হয়। গিদ্ধা আৰু লুড্ডিৰ দৰে অন্যান্য পাঞ্জাৱী লোক নৃত্যও জম্মুৰ ঐতিহ্য বহন কৰিছে।[14][15][16][17] মানুহে এনে নৃত্য কৰিলে পাঞ্জাৱী ভাষাৰ প্ৰভাৱ দেখা যায়। জম্মু পঞ্জাৱ অঞ্চলৰ ভিতৰত পৰে আৰু পঞ্জাৱৰ সৈতে এক ঐতিহাসিক সম্পৰ্ক বজাই ৰাখে।[18]

বিৱৰ্তন

[সম্পাদনা কৰক]

১৯৫০-ৰ দশকত পঞ্জাৱত মুক্ত ৰূপৰ পৰম্পৰাগত ভাংৰাৰ বিকাশ দেখা গৈছিল। ভাংৰা নৃত্যক পাটিয়ালাৰ মহাৰাজই পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁ ১৯৫৩ চনত ভাংৰাক মঞ্চত প্ৰদৰ্শনৰ বাবে অনুৰোধ কৰিছিল। এই শৈলীৰ প্ৰথম গুৰুত্বপূৰ্ণ বিকাশক আছিল সুনামৰ দীপক পৰিয়ালৰ (মনোহৰ, অৱতাৰ আৰু গুৰবচন) ভাতৃসকলৰ নেতৃত্বত এটা নৃত্য দল আৰু ঢোল বাদক ভানা ৰাম সুনামী।[19] মঞ্চ প্ৰদৰ্শনৰ সময়ত মুক্ত ৰূপৰ পৰম্পৰাগত ভাংৰা বিকশিত হয়। এই নতুন ৰূপত পৰম্পৰাগত ভাংৰা ভংগীমা অন্তৰ্ভুক্ত কৰাৰ লগতে লগতে অন্যান্য পাঞ্জাৱী নৃত্যৰ ক্ৰম অন্তৰ্ভুক্ত থাকে, যেনে লুড্ডি, ঝুম্মাৰ, ধামাল, আৰু ঘাম লুড্ডি। পাঞ্জাৱী লোকগীত, বলিয়ান আদি মালৱাই গিদ্ধা পৰা অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৫০ৰ দশকত পাটিয়ালাৰ মহিন্দ্ৰ মহাবিদ্যালয় জড়িত হৈ থকাৰ দৰে বহু দশক ধৰি ভাৰতৰ পঞ্জাৱত ভাংৰা নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।[19]

বৰ্তমান স্থিতি

[সম্পাদনা কৰক]

ভাংৰা পুৰুষীয় মূল্যবোধৰ এক গভীৰ সংহতিৰ সৈতে সংযোজিত।[20] ইয়াৰে বেছিভাগ মূল্যবোধ শ্ৰম, উদ্যোগ আৰু কৃষি, আনুগত্য, স্বাধীনতা আৰু ব্যক্তিগত, ৰাজনৈতিক আৰু সামৰিক প্ৰচেষ্টাত সাহসিকতাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। ইয়াৰ লগতে পুৰুষত্ব, শক্তি আৰু সন্মানৰ বিকাশ আৰু অভিব্যক্তি ভাংৰাৰ সাধাৰণ বিষয়বস্তু। ভাংৰাই পুৰুষৰ আনুষ্ঠানিক প্ৰদৰ্শন আৰু পুৰুষ আৰু মহিলাৰ মাজত সাম্প্ৰদায়িক নৃত্য দুয়োটাৰ কথা উল্লেখ কৰিছিল। শেহতীয়া সময়ত সমগ্ৰ বিশ্বতে ভাংৰা নৃত্যয়ে প্ৰতিষ্ঠা লাভ কৰিছে। হিপ হপ, হাউচ আৰু ৰেগে শৈলীৰ সংগীতৰ সৈতে মিশ্ৰিত হোৱাৰ পিছত ই জনপ্ৰিয় এছিয়ান সংস্কৃতিক চিহ্ন হিচাপে পৰিগণিত হৈছে।[21] সময়ৰ লগে লগে কিছুমান ভাংৰা ভংগীমা অভিযোজিত আৰু পৰিৱৰ্তন কৰা হৈছে কিন্তু ইয়াৰ মূলত সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ অনুভূতি হৈ আছে। ভাংৰা মুখ্যতঃ পাঞ্জাৱী সংস্কৃতিত অভিন্ন অংগ। বহুলোকে বিবাহ, পাৰ্টি আৰু সকলো ধৰণৰ উদযাপনত আনন্দ আৰু মনোৰঞ্জনৰ উৎস হিচাপে ভাংৰা প্ৰদৰ্শন কৰে।

বহুলোকে ব্যায়ামৰ উৎস হিচাপে ভাংৰাও কৰে। ই ব্যায়ামাগাৰ বা জিমৰ বাবে এক উৎকৃষ্ট প্ৰতিষ্ঠাপন। পৰম্পৰাগতভাৱে, ভাংৰা পুৰুষৰ দ্বাৰা নৃত্য কৰা হয় কিন্তু বৰ্তমান পুৰুষ আৰু মহিলা উভয়ে এই নৃত্যত অংশগ্ৰহণ কৰে।[22]

ভাংৰাত মহিলা

[সম্পাদনা কৰক]

বৰ্তমান সময়ত বহুতো নৱপ্ৰজন্মৰ পাঞ্জাৱী মহিলাসকলে ভাংৰাৰ জৰিয়তে তেওঁলোকৰ সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিছে।[23] ডি জে ৰেখা দক্ষিণ এছিয়াৰ প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী যিয়ে বেচমেণ্ট ভাংৰা পাৰ্টিৰ পৰিচয় দি আমেৰিকা যুক্তৰাষ্ট্ৰত ভাংৰালৈ জনপ্ৰিয়তা আনিছিল। বহুতো বিশ্ববিদ্যালয় আৰু কমিউনিটি ক্লাবে তেওঁলোকৰ নিজা ভাংৰা দল গঠন কৰিছে। ইয়াৰে বেছিভাগ দলতে বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহা বিভিন্ন ধৰণৰ পুৰুষ আৰু মহিলা অন্তৰ্ভুক্ত থাকে। বহুতে সৰু ল'ৰা-ছোৱালীক ভাংৰা শিকোৱাৰ মানসিকতাৰ সৈতে ভাংৰা ক্লাব সৃষ্টি কৰিছে লগতে এই কাৰ্যসূচীবোৰে সৰু ল'ৰা-ছোৱালীক স্বাস্থ্যৱান হৈ থকাত আৰু ভাংৰা সংস্কৃতিৰ সৈতে সংযুক্ত হৈ থকাত সহায় কৰিছে। চাৰিনা জৈন ভাংৰা ফিটনেছ ৱৰ্কআউট বা ব্যায়ামৰ সৃষ্টি কৰিছিল আৰু ইয়াক এতিয়া মচলা ভাংৰা ৱৰ্কআউট বুলি জনা যায়। এই ব্যায়ামে সমগ্ৰ বিশ্বৰ বহু লোকক ভাংৰাৰ সৈতে সম্পৰ্কিত মৌলিক ভংগীমা শিকাইছে আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ ঘৰৰ আৰামত ভাংৰা শিকিব পাৰিছে।

ৰাণীয়ান দি ৰৌনাক

[সম্পাদনা কৰক]

'ৰাণীয়ান দি ৰৌনাক' ভাৰতৰ প্ৰথম সৰ্ব-মহিলা ভাংৰা প্ৰতিযোগিতা।[24] মহিলা ভাংৰা প্ৰদৰ্শনকাৰীৰ প্ৰাচুৰ্যৰ সৈতেও বহুতে এই নৃত্যৰূপক কেৱল পুৰুষসুলভ বুলি বিবেচনা কৰে।[22] ঐতিহাসিকভাৱে মহিলাসকলে ভাংৰা কৰাৰ অধিকাৰৰ বাবে যুঁজ দি আহিছে। ভাংৰা অনুষ্ঠানত প্ৰতিযোগিতা কৰা বহুতো মহিলাক পুৰুষ প্ৰদৰ্শনকাৰীসকলৰ বাবে প্ৰস্তুত কৰা মানদণ্ড অনুসৰি বিচাৰ কৰা হয়। ৰাণীয়ান দি ৰৌনাকে কেৱল মহিলাৰ বাবে বা ট্ৰান্সজেণ্ডাৰ বা ননবাইনেৰী হিচাপে পৰিচয় দিয়া সকলৰ বাবে এটা ভাংৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।[25] এই প্ৰতিযোগিতাখনে মহিলাসকলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আৰু সমানে বিচাৰ কৰাৰ ক্ষমতা থকাৰ বাবে এক সুৰক্ষিত স্থান প্ৰদান কৰিছে।

চিত্ৰ মালা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Bhangra – dance". http://www.britannica.com/EBchecked/topic/63998/bhangra. 
  2. https://doi-org.wikipedialibrary.idm.oclc.org/10.1093/gmo/9781561592630.article.47339
  3. 3.0 3.1 Vora, Shivani (2012-01-12). "A Wedding Dance That's Also a Workout" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2012/01/13/arts/dance/bhangra-the-wedding-dance-thats-also-a-workout.html. 
  4. "Bhangra classes offered for high school credit in B.C.". CBC News. Jan 23, 2016. https://www.cbc.ca/news/canada/british-columbia/bhangra-classes-offered-for-high-school-credit-in-b-c-1.3414587. 
  5. Pandher, Gurdeep. "Bhangra History". Archived from the original on 28 November 2019. https://web.archive.org/web/20191128203517/https://gurdeep.ca/bhangra/bhangra-history/। আহৰণ কৰা হৈছে: 28 November 2019. 
  6. 6.0 6.1 Dhillon, Iqbal S. (1998). Folk Dances of Punjab. Delhi: National Book Shop.
  7. Ballantyne, Tony. Between Colonialism and Diaspora: Sikh Cultural Formations in an Imperial World [1]
  8. Singh, Khushwant (23 May 2017). Land of Five Rivers. Orient Paperbacks. ISBN 9788122201079. https://books.google.com/books?id=_nmZjCerzi4C&q=bhangra+gurdaspur&pg=PA85. 
  9. Ballantyne, Tony (2007). Textures of the Sikh Past: New Historical Perspectives [2]
  10. Bedell, J. M. (23 May 2017). Teens in Pakistan. Capstone. ISBN 9780756540432. https://books.google.com/books?id=gRNTUme_a-4C&q=bhangra+pakistan+harvest&pg=PT38. 
  11. Black, Carolyn (2003). Pakistan: The culture. ISBN 9780778793489. https://books.google.com/books?id=J3adRL3lQwMC&q=bhangra+festivals++pakistan&pg=PA26. 
  12. "Pakistan Almanac". Royal Book Company. 23 May 2017. https://books.google.com/books?id=rRYZAQAAIAAJ&q=bhangra+pakistan+harvest. 
  13. Ganhar, J. N. (23 May 1975). "Jammu, Shrines and Pilgrimages". Ganhar Publications. https://books.google.com/books?id=N9IXAAAAIAAJ&q=bhangra. 
  14. Indian Council of Agricultural Research, Mohinder Singh Randhawa (1959) Farmers of India: Punjab Himachal Pradesh, Jammy & Kashmir, by M. S. Randhawa and P. Nath [3] g
  15. "Gidha Folk Dance". 12 May 2012. http://www.dailyexcelsior.com/gidha-folk-dance/. 
  16. Balraj Puri (1983). Simmering Volcano: Study of Jammu's Relations with Kashmir [4][সংযোগবিহীন উৎস]
  17. Hāṇḍā, Omacanda (1 January 2006). Western Himalayan Folk Arts. Pentagon Press. ISBN 9788182741959. https://books.google.com/books?id=ljjfOf95bxMC&q=folk+dances++jammu+punjab. 
  18. Manohar Sajnan (2001). Encyclopaedia of Tourism Resources in India, Volume 1 [5]
  19. 19.0 19.1 Gregory D. Booth, Bradley Shope (2014). More Than c1RSVbOFJc607QbAoIOwCg&ved=0CC4Q6AEwAA#v=onepage&q=sunam%20bhangra&f=false]
  20. Mooney, Nicola (2008-09-19). "Aaja Nach Lai [Come Dance]". Ethnologies খণ্ড 30 (1): 103–124. doi:10.7202/018837ar. ISSN 1708-0401. 
  21. "What is Bhangra". Bhangra. Archived from the original on 28 November 2019. https://web.archive.org/web/20191128203520/http://www.bhangra.org/about/bhangra-history/what-is-bhangra/। আহৰণ কৰা হৈছে: 28 November 2019. 
  22. 22.0 22.1 Sinnenberg, Jackson (August 8, 2019). "Raniyaan di Raunaq, America's first all-women's bhangra competition, shakes up the status quo". The Washington Post. https://www.washingtonpost.com/express/2019/08/08/raniyaan-di-raunaq-americas-first-all-womens-bhangra-competition-shakes-up-status-quo/. 
  23. Dhurandhar, S. (2005). Return to Bhangra; From dance clubs to gym clubs, young South Asian women reclaim a dance never meant for them. Colorlines, 54.
  24. McCoy, Maya (23 May 2019). "Raniyaan di Raunaq is America's First All-Women's Bhangra Competition". Kajal Media LLCKajal Mag. https://www.kajalmag.com/first-womens-bhangra-competition/। আহৰণ কৰা হৈছে: 28 November 2019. 
  25. Schreffler, Gibb (August 2012). "Desperately Seekingsammi: Re-Inventing Women's Dance in Punjab". Sikh Formations খণ্ড 8 (2): 127–146. doi:10.1080/17448727.2012.702416. ISSN 1744-8727. 

লগতে পঢ়ক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]