তাণ্ডৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তাণ্ডৱ নৃত্যৰত শিৱৰ ভাস্কৰ্য

তাণ্ডৱ বা তাণ্ডৱম বা তাণ্ডৱ নাট্যম (ইংৰাজী: Tandava) হিন্দু দেৱতাসকলে কৰা এক মহাজাগতিক ঐশ্বৰিক নৃত্য। হিন্দু শাস্ত্ৰসমূহত উল্লিখিত অনুসৰি দেৱতাসকলে বিভিন্ন অনুষ্ঠানত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল। ভাগৱত পুৰণত ভগৱান শ্ৰীকৃষ্ণয়ে সৰ্পৰাজ কালিয়াৰ মূৰৰ ওপৰত তাণ্ডৱ নৃত্য কৰিছিল। [1] শিৱয়ে তেওঁৰ দুখ আৰু খং প্ৰকাশ কৰিবলৈ ৰুদ্ৰ তাণ্ডৱ প্ৰদৰ্শন কৰিছিল বুলি কোৱা হয়। পাৰ্বতী হিচাপে পুনৰজন্ম হোৱা শিৱৰ প্ৰথম পত্নী সতীয়ে দক্ষৰ যজ্ঞাত অগ্নি কুণ্ডত জঁপিয়াই প্ৰাণ ত্যাগ কৰাৰ পিছত শিৱয়ে তাণ্ডৱ নৃত্য কৰিছিল। শিৱৰ পুত্ৰ গণেশক কিছুমান মন্দিৰৰ ভাস্কৰ্যসমূহত অষ্টভূজা তাণ্ডৱ নৃত্যৰত অৱস্থাত খোদিত কৰা হৈছে। [2]

জৈন পৰম্পৰা অনুসৰি ইন্দ্ৰয়ে জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ জন্মৰ সময়ত তেওঁৰ সন্মানৰ্থে তাণ্ডৱ কৰিছিল বুলি কোৱা হয়। [3]

হিন্দু ধৰ্মত তাণ্ডৱ[সম্পাদনা কৰক]

তাণ্ডৱ ভাৰতৰ পৱিত্ৰ নৃত্য-নাটক প্ৰদৰ্শন। তাণ্ডৱত বলিষ্ঠ, প্ৰাণৱন্ত তীব্ৰ অংগ সঞ্চালন অন্তৰ্ভুক্ত। আনন্দৰে প্ৰদৰ্শন কৰা তাণ্ডৱ নৃত্যক আনন্দ তাণ্ডৱ বুলি কোৱা হয়। হিংসাত্মক ভাৱত প্ৰদৰ্শন কৰা নৃত্যক ৰৌদ্ৰ বা ৰুদ্ৰ তাণ্ডৱ বুলি কোৱা হয়। হিন্দু গ্ৰন্থত পোৱা তাণ্ডৱৰ প্ৰকাৰবোৰ হৈছে: আনন্দ তাণ্ডৱ, ত্ৰিপুৰা তাণ্ডৱ, সান্ধ্য তাণ্ডৱ, সংহাৰ তাণ্ডৱ, কালী (কালিকা) তাণ্ডৱ, উমা তাণ্ডৱ, শিৱ তাণ্ডৱ, কৃষ্ণ তাণ্ডৱ আৰু গৌৰী তাণ্ডৱ। [4]

কৃষ্ণ তাণ্ডৱ[সম্পাদনা কৰক]

কালিয়া নাগৰ ওপৰত তাণ্ডৱ নৃত্যৰত শ্ৰীকৃষ্ণ, ভাগৱত পুৰাণ, ১৬৪০

ভাগৱত পুৰণ অনুসৰি কৃষ্ণই কালিয়া নাগৰ ফনাত তাণ্ডৱ নৃত্য কৰিছিল। কালিয়া সৰ্পক তেওঁ নিজৰ অধীন কৰি যমুনা নদীক ইয়াৰ অশুদ্ধতাৰ পৰা পৰিষ্কাৰ কৰিছিল। ব্ৰজৰ লোকসকলৰ আতংক স্বৰূপ বিষাক্ত সাপ কালিয়াৰ ধ্বংসৰ বৰ্ণনা কৰা এই খণ্ডটো কৃষ্ণ তাণ্ডৱ বা কৃষ্ণৰ তাণ্ডৱ নৃত্য হিচাপে অতি জনপ্ৰিয়ভাৱে পৰিচিত।[5]

লেখক অঙ্গনা জাভাৰীয়ে ৰাসলীলাত কৃষ্ণ তাণ্ডৱৰ বৰ্ণনা কৰিছে। ইয়াত লঘু দ্ৰুত চলাচল, লঘু জাঁপ, দ্ৰুত পদচালনা, ঘুৰ্ণন গতি আৰু কিছুমান শাৰীৰিক কছৰৎ অন্তৰ্ভুক্ত থাকে। কিন্তু এই নৃত্যত মূলত মাধুৰ্য আৰু মাৰ্জিত ৰূপত কৃষ্ণৰ ৰোমাণ্টিক আৰু যৌৱনোদ্দীপ্ত চৰিত্ৰ ফুটি উঠে।[6]

১৬ শতিকাৰ আগৰে পৰা কৃষ্ণক "নৃত্যৰ ঈশ্বৰ" হিচাপে উপাসনা প্ৰচলিত। লেখক আৰু অধ্যাপক কালেব চাইমন্সে তেওঁৰ 'ডেভছনেল চভাৰনিটি: কিংশ্বিপ এণ্ড ৰিলিজন ইন ইণ্ডিয়া' নামৰ কিতাপখনত কৈছে যে, মহীশূৰ ৰাজ্যৰ ১৪তম মহাৰাজ ৰজা চিক্কা দেৱৰাজে তেওঁৰ ৰাজ্যাভিষেক স্মৰণ কৰিবলৈ "দেৱৰাজ (সহ) নৃত্যৰত কৃষ্ণৰ প্ৰতিচ্ছবি" (তাণ্ডৱ কৃষ্ণমূৰ্তি দেৱৰাজ) নামৰ সোণৰ মুদ্ৰাৰ শৃংখলাৰ প্ৰচলন আৰম্ভ কৰিছিল।[7]

লেখক সহদেৱ কুমাৰে তেওঁৰ 'এ থাউজেণ্ড পেটেলেড লোটাছ: জৈন টেম্পেলছ অফ ৰাজস্থান: আৰ্কিটেক্সাৰ এণ্ড আইকনগ্ৰাফী' কিতাপখনত কৈছে যে, ১২ আৰু ১৩ শতিকাৰ আগতে চোল শাসনকালত নটৰাজ নৃত্য আৰু কৃষ্ণই এশ মুৰীয়া সৰ্প কালিয়াৰ ফনাৰ ওপৰত তাণ্ডৱ নৃত্য কৰা দৃশ্য শিল্পীসকলৰ বাবে প্ৰিয় বিষয় আছিল।

বিদুষী লাৱণ্য ভেমছানীয়ে কয়, "ভাৰতনাট্যম আৰু কুচিপুড়িয়ে তাণ্ডৱ নামেৰে জনাজাত নৃত্যৰ শৈলী বিকশিত কৰিছিল, ই মুখ্যতঃ ভৰিৰ তীব্ৰ চলাচলেৰে প্ৰদৰ্শন কৰা এক তীব্ৰ নৃত্যৰ সংহতি, যিটো এসময়ত শিশু কৃষ্ণৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছিল বুলি কোৱা হয় যেতিয়া তেওঁ বৃন্দাবনত কালিন্দী নদীত কালিয়া নাগক পৰাস্ত কৰিছিল।" [8]


কৃষ্ণ নৃত্যক বহুতো ৰচনাৰ জৰিয়তে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। পুৰন্দৰ দাসে 'নৃত্য কৃষ্ণ'ক 'তাণ্ডৱ কৃষ্ণ' বুলি নাম দিছিল। দাসে তেওঁৰ এক ৰচনাৰ মাধ্যমে 'তাণ্ডৱ কৃষ্ণনা ভজেচি' ('তাণ্ডৱৰত কৃষ্ণলৈ প্ৰাৰ্থনা') বুলি কৈছে। তাণ্ডৱ হৈছে কৃষ্ণ আৰু আনৰ দেৱ-দেৱীসকলৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য।[9][10]

শিৱ তাণ্ডৱ আৰু শৈৱবাদ[সম্পাদনা কৰক]

তাণ্ডৱ নৃত্যৰত নটৰাজ শিৱৰ মূৰ্তি

শৈৱবাদ মতে শিৱৰ তাণ্ডৱক সৃষ্টি, স্থিতি আৰু লয় চক্ৰৰ উৎস হিচাপে বৰ্ণনা কৰা হয়। ৰুদ্ৰ তাণ্ডৱে ইয়াৰ হিংস্ৰ ৰূপত অৱতীৰ্ণ হৈ প্ৰথমে সৃষ্টি আৰু পৰৱৰ্তীকালত বিশ্বৰ ধ্বংস আনকি মৃত্যু পৰ্যন্ত চিহ্নিত কৰে। আকৌ আনন্দ তাণ্ডৱত তেওঁক আনন্দপূৰ্ণ ৰূপত দেখা যায়। শিৱ সিদ্ধান্তৰ ঐতিহ্য অনুযায়ী নটৰাজৰূপী শিৱক (আক্ষৰিক অৰ্থ মতে 'নৃত্যৰ ৰজা'[11]) is considered to be supreme lord of dance.[12]) নৃত্যৰ সৰ্বোচ্চ দেৱতা বুলি গণ্য কৰা হয়।[13] তাণ্ডৱম্‌ নামটা শিৱৰ অনুচৰ তণ্ডুৰ পৰা আহিছে। তেওঁ ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ বিন্যাস অনুযায়ী অঙ্গহাৰ আৰু কৰণবোৰ[14] নাট্যশাস্ত্ৰৰ ৰচক ভৰতমুনিক শিকাইছিল। কিছু পণ্ডিতৰ মতে তণ্ডু নিজে নাটকীয় শিল্প ৰচনাৰ লেখক আছিল আৰু পৰৱৰ্তী সময়ত সেইবোৰ নাট্যশাস্ত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিল। এতেকে শিৱ ঐতিহ্যৰ মুদ্ৰাসমূহ আৰু আচাৰ-অনুষ্ঠানৰ পৰায়ে সম্ভৱত উচ্চাঙ্গৰ নৃত্য, নাট্য আৰু সংগীতৰ উৎপত্তি হৈছে।

ভৰতমুনিৰ দ্বাৰা ৰচিত নাট্যশাস্ত্ৰত 'তাণ্ডৱ লক্ষণম'[15] নামৰ চতুৰ্থ অধ্যায়ত ৩২টা অঙ্গহাৰ আৰু ১০৮টা কৰণৰ বৰ্ণনা পোৱা যায়। তাণ্ডৱত ভৰিৰ সৈতে যুগ্ম হাতৰ ভংগী আৰু নৃত্যৰ অংগবিন্যাসক কৰণ বোলে। অঙ্গহাৰ হৈছে সাত বা ততোধিক কাৰণৰ সমাহাৰ। [4]

"শিৱৰ উপাসনাত কিমান প্ৰকাৰৰ বিভিন্ন নৃত্য আছে সেয়া মই ক'ব নোৱাৰিম। এই সমস্ত নৃত্যৰ কম বেছি পৰিমাণে এক আৰু অদ্বিতীয় মূল ধাৰণা হৈছে নিঃসন্দেহে আদিম ছন্দোবদ্ধ শক্তিৰ অভিব্যক্তি। শিৱৰ নৃত্যৰ উৎস হিচাপে যি আছিল সেয়া কালক্ৰমত দেৱতাৰ কাৰ্যকলাপৰ পৰিষ্কাৰ চিত্ৰ হৈ পৰিছিল, যাক লৈ যিকোনো শিল্প অথবা ধৰ্ম অহংকাৰ কৰিব পাৰে।" - আনন্দ কুমাৰস্বামী[16]

শিৱৰ তাণ্ডৱ নৃত্যৰ প্ৰত্যুত্তৰত তেওঁৰ পত্নী পাৰ্বতীয়ে লাস্য নৃত্য প্ৰদৰ্শন কৰিছিল। লাস্য নৃত্যৰ অংগ সঞ্চালন নম্ৰ, মাধুৰ্যপূৰ্ণ আৰু বহু সময়ত কামভাৱাপন্ন। কিছু পণ্ডিতৰ মতে লাস্য হৈছে তাণ্ডৱৰ নাৰীত্বপূৰ্ণ ৰূপ।

শিৱ তাণ্ডৱ স্তোত্ৰম্‌ হৈছে ৰাৱণৰ দ্বাৰা বিৰচিত শিবৰ শক্তি আৰু সৌন্দৰ্য বৰ্ণনা কৰা স্তোত্ৰম্‌।

ভাৰতীয় শাস্ত্ৰীয় নৃত্য[সম্পাদনা কৰক]

ভাৰতীয় শাস্ত্ৰীয় নৃত্যত তাণ্ডৱ নৃত্যৰ নিদৰ্শন দেখা যায়। কথক নৃত্যত তিনি প্ৰকাৰৰ তাণ্ডৱ সাধাৰণতে ব্যৱহাৰ কৰা হয়, সেইকেইটা হৈছে: কৃষ্ণ তাণ্ডৱ, শিৱ তাণ্ডৱ আৰু ৰাৱণ তাণ্ডৱ। কিন্তু কেতিয়াবা চতুৰ্থ প্ৰকাৰ তাণ্ডৱ - কালিকা বা কালি তাণ্ডৱ ব্যৱহাৰ হ'ব পাৰে।[17][18] মণিপুৰী নৃত্যক "তাণ্ডৱ" বা 'লাস্য' এই দুই গোটত ভাগ কৰা হয়। ইয়াত সাধাৰণতে শিৱ, শক্তি বা কৃষ্ণক যোদ্ধা-ত্ৰাণকৰ্তা হিচাপে দেখুওৱা নৃত্যক তাণ্ডৱ আৰু ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনীৰ সৈতে জড়িত নৃত্যক লাস্য বোলে।[19][20][21]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Manohar Laxman Varadpande 1987, পৃষ্ঠা. 98.
  2. Manohar Laxman Varadpande 1987, পৃষ্ঠা. 5.
  3. Manohar Laxman Varadpande 1987, পৃষ্ঠা. 146.
  4. 4.0 4.1 Manohar Laxman Varadpande 1987, পৃষ্ঠা. 154.
  5. Shovana Narayan (1 January 2004). Indian Theatre And Dance Traditions. Harman Publishing House. পৃষ্ঠা. 14. ISBN 978-8186622612. https://books.google.com/books?id=sVNQAAAAMAAJ. 
  6. Angana Jhaveri (1986). The Raslila Performance Tradition of Manipur in Northeast India. Michigan State University. Department of Theater. পৃষ্ঠা. 105. https://books.google.com/books?id=HAw7eAozMjwC. "Krishna tandava as used in the raslila has very spritely and joyful dance movements. It involves small quick movements, light springy jumps, fast footwork, spinning at a dizzy speed and some acrobatic movements. But the overall effect of the form is that of grace and delicacy suitable to the romantic and youthful character of Krishna." 
  7. Caleb Simmons (2 December 2019). Devotional Sovereignty: Kingship and Religion in India. Oxford University Press. পৃষ্ঠা. 8. ISBN 978-0190088910. https://books.google.com/books?id=cMHADwAAQBAJ&pg=PA267. 
  8. Sehdev Kumar (2001). A Thousand Petalled Lotus: Jain Temples of Rajasthan : Architecture & Iconography. Abhinav Publications. পৃষ্ঠা. 184. ISBN 978-8170173489. https://books.google.com/books?id=nSDACkmA_ukC. 
  9. Lavanya Vemsani (13 June 2016). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃষ্ঠা. 220. ISBN 9781610692113. https://books.google.com/books?id=4fw2DAAAQBAJ. "Bharatanatyam and Kuchipudi developed a style of dance known as Tandava, a set of vigorous dance moves mainly performed with brisk movements of the feet, which was once said to have been performed by the child Krishna while he deafeated the sepant Kaliya in Kalind lake in Brindavan." 
  10. Tumuluri Seetharama Lakshmi (1994). A study of the compositions of Purandaradāsa and Tyāgarāja. Veda Sruti Publications. পৃষ্ঠা. 116. https://books.google.com/books?id=cBTmAAAAMAAJ. 
  11. Joyce Burkhalter Flueckiger (23 February 2015). Everyday Hinduism. John Wiley & Sons. পৃষ্ঠা. 74. ISBN 978-1118528181. https://books.google.com/books?id=44MTBwAAQBAJ&q=nataraja+king+of+the+dance&pg=PA74. 
  12. "Nataraja", Manas, UCLA
  13. Natya-shastra IV.263-264
  14. Quarterly Journal of the Andhra Historical Research Society, part III, pp. 25-26, as cited in Manohar Laxman Varadpande 1987, পৃষ্ঠা 154
  15. Ragini Devi, Dance Dialects of India, pp.29-30. Motilal Banarsidass (1990) আই.এচ.বি.এন. 81-208-0674-3
  16. Ananda K. Coomaraswamy, "The Dance of Shiva", in The Dance of Shiva: Fourteen Indian Essays, rev. ed. (New York: Noonday Press, (1957) আই.এচ.বি.এন. 81-215-0153-9. Cited, "Nataraja", Manas, UCLA
  17. Classical and Folk Dances of India. Marg Publications. 1963. পৃষ্ঠা. 43. https://books.google.com/books?id=tzwOAQAAIAAJ. "There are three types of Tandavas generally used in Kathak, namely, Krishna Tandava, Shiva Tandava and Ravana Tandava, but sometimes a fourth variety - Kalika Tandava, is also recognised ." 
  18. Marie Joy Curtiss (1970). Kathak, Classical Dance of India. University of the State of New York. পৃষ্ঠা. 12. https://books.google.com/books?id=l6kkAQAAIAAJ. 
  19. Vimalakānta Rôya Caudhurī (2000). The Dictionary of Hindustani Classical Music. Motilal Banarsidass. পৃষ্ঠা. 80. ISBN 978-81-208-1708-1. https://archive.org/details/dictionaryofhind00roya. 
  20. Reginald Massey 2004, পৃষ্ঠা. 193-194.
  21. Saryu Doshi 1989, পৃষ্ঠা. xvi-xviii, 44-45.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]