সমললৈ যাওক

দাণ্ডিয়া ৰাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাণ্ডিয়া ৰাস

দাণ্ডিয়া ৰাস নৃত্যৰত শিল্পী
শৈলী লোকনৃত্য
উৎপত্তিমূল গুজৰাট, ভাৰত

দাণ্ডিয়া ৰাস (ইংৰাজী: Dandiya Raas) বা ৰাস ভাৰতগুজৰাট ৰাজ্যত উদ্ভৱ হোৱা আৰু নৱৰাত্ৰি উৎসৱত জনপ্ৰিয়ভাৱে প্ৰদৰ্শন কৰা সামাজিক তথা ধৰ্মীয় লোক নৃত্য।[1][2] ৰাজস্থানৰ মাৰৱাৰ অঞ্চলতো এই নৃত্য প্ৰদৰ্শন কৰা হয়।[3] দাণ্ডিয়া ৰাসত পুৰুষ আৰু মহিলাসকলে হাতত সৰু লাঠি লৈ বৃত্তাকাৰত নৃত্য প্ৰদৰ্শন কৰে। তেওঁলোকে ব্যৱহাৰ কৰা লাঠী ডালক দাণ্ডিয়া বোলে। ইজনে সিজনৰ দাণ্ডিয়াসমূহত আঘাত কৰি এই নৃত্য কৰা হয়। এনেদৰে শব্দ সৃষ্টি হয় আৰু পুৰণি কালত গীতৰ অবিহনে কেৱল দাণ্ডিয়াৰ তালত নৃত্য কৰা হৈছিল।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]
দাণ্ডিয়া

"ৰাস" শব্দটো "ৰস" শব্দৰ পৰা আহিছে, যি আৱেগ আৰু অনুভূতিৰ সৈতে সম্পৰ্কিত এক নান্দনিক ভাৰতীয় ধাৰণা। কপিলা বাৎসায়নৰ মতে ৰাসৰ নান্দনিক তত্ত্বে ভাৰতীয় কলাক অন্তৰ্নিহিত একতা প্ৰদান কৰে।[4] আনহাতে দাণ্ডিয়া শব্দটো "দণ্ড"ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে সৰু লাঠী। গুজৰাটত ই সাধাৰণতে ৰাস বুলিয়ে জনাজাত।

দাণ্ডিয়া ৰাস দেৱী দুৰ্গাৰ সন্মানত প্ৰদৰ্শন কৰা হয়। এই নৃত্য প্ৰকৃততে দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত ঘটা যুদ্ধৰ এক নাট্যৰূপ। এই নৃত্যক 'তৰোৱাল নৃত্য' বুলিও কোৱা হয়। নৃত্যত ব্যৱহাৰ কৰা দাণ্ডিয়া বা লাঠীয়ে দেৱী দুৰ্গাৰ তৰোৱালক প্ৰতিনিধিত্ব কৰে। বৰ্তমান দাণ্ডিয়া গুজৰাটৰ নৱৰাত্ৰিৰ এক গুৰুত্বপূৰ্ণ অংশৰ লগতে অন্যান্য শস্য সম্পৰ্কীয় উৎসৱৰ লগতো জড়িত।

সৌৰাষ্ট্ৰৰ দাণ্ডিয়া ৰাস

দাণ্ডিয়া ৰাস, গোপগুণ্ঠন ছ'লঙা ৰাস আৰু মেৰ ডাণ্ডিয়া ৰাস হৈছে ৰাসৰ জনপ্ৰিয় ৰূপ। গুজৰাটৰ সৌৰাষ্ট্ৰত পুৰুষসকলে পৰিৱেশন কৰা ৰাস আৰু মহিলাসকলে কৰা নৃত্যক ৰাসদা বুলি কোৱা হয়। ৰাসত নৃত্যৰ উপাদান অধিক বিশিষ্ট আনহাতে ৰাসদাত সংগীত অধিক বিশিষ্ট।[2]

বিন্যাস

[সম্পাদনা কৰক]
বেংগালুৰুত নৱৰাত্ৰিৰ সময়ত শিশুৰ দ্বাৰা দাণ্ডিয়া ৰাস নৃত্য

পুৰুষ আৰু মহিলাসকলে পৰম্পৰাগতভাৱে দাণ্ডিয়া-ৰাসত যোগদান কৰে আৰুযোৰ হিচাপে নৃত্য কৰে। অৰ্থাৎ নৃত্যগোটত সমান সংখ্যক শিল্পী থকা বাঞ্ছনীয়। সাধাৰণতে দুটা শাৰী গঠন কৰা হয় আৰু অংশীদাৰসকলে ইজনে সিজনৰ সন্মুখীন হয়। এই শাৰীবোৰ ঘড়ীৰ কাঁটাৰ দিশত ফালে আগবাঢ়ে আৰু প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ সংগী সৈতে লাঠি মাৰিবলৈ আগবাঢ়ি যায়। শাৰীৰ শেষত প্ৰতিটো বিপৰীত ৰেখাৰ সৈতে পৰিৱৰ্তন কৰা হয় আৰু নতুন সৰি যোগ দিয়ে। সেয়েহে চলাচল নিৰন্তৰ হৈ থাকে। দাণ্ডিয়াৰ সংগীত প্ৰথমতে ধীৰ লয়ত আৰম্ভ হয়। এই গীত সমূহত কাহেৰভা নামৰ অষ্টতাল সময় চক্ৰ থাকে। প্ৰথম তালত নিজৰ লাঠিবোৰ একেলগে আঘাত কৰা হয়, তাৰ পিছত সংগীৰ সৈতে সোঁ লাঠি, তাৰ পিছত বাওঁ লাঠিৰে টোকৰ মৰা হয়। তাৰ পিছত প্ৰতিজনে পুনৰ সোঁ লাঠি মাৰিবলৈ সংগীৰ ওচৰলৈ ঘূৰি যোৱাৰ আগতে আৰু দুটা স্থানত নতুন সংগীলৈ যোৱাৰ আগতে একেলগে নিজৰ লাঠি মাৰিবলৈ বাওঁফালে ঘূৰি যায়।[5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Education, International Society for Music (1984) (en ভাষাত). ISME Yearbook. B. Schott's Söhne. পৃষ্ঠা. 118. https://books.google.com/books?id=WDk9AQAAIAAJ&q=Raas+dandiya. 
  2. 2.0 2.1 Sharma, Manorma (2007) (en ভাষাত). Musical Heritage of India. APH Publishing. পৃষ্ঠা. 59. ISBN 9788131300466. https://books.google.com/books?id=nuWBch2jTqAC&q=Raas+dandiya&pg=PA59. 
  3. (hi ভাষাত) Khyāta: itihāsa, kalā, evaṃ saṃskr̥ti kī śodha patrikā. Marubhūmi Śodha Saṃsthāna. 2002. পৃষ্ঠা. 240. https://books.google.com/books?id=L7RMAQAAIAAJ&q=rajasthan+dandiya+raas. 
  4. Vatsyayan, Kapila (1987) (en ভাষাত). Traditions of Indian folk dance. Clarion Books associated with Hind Pocket Books. পৃষ্ঠা. 5. ISBN 9788185120225. https://books.google.com/books?id=I2K1AAAAIAAJ&q=traditions+of+indian+folk+dance+kapila+vatsyayan+pdf. 
  5. David. Performing faith. পৃষ্ঠা. 138–9. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]