দুগদুগী
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a0/Dugdugi.jpg/220px-Dugdugi.jpg)
দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট।[1] সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়।[1][2] উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাইও ডিঙিত দুগদুগী পিন্ধে।
অলংকাৰ তৈয়াৰ কৰা পদ্ধতি
[সম্পাদনা কৰক]অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এচিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই পদ্ধতিতে দুগদুগীও প্ৰস্তুত কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "দুগদুগী". শব্দ ডট অৰ্গ. http://www.xobdo.org/dic/%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%80। আহৰণ কৰা হৈছে: ২ ফেব্ৰুৱাৰী, ২০২১.
- ↑ মুখ্য সম্পাদক: ড° দীনেশ চন্দ্ৰ গোস্বামী (পঞ্চম মুদ্ৰন, জুলাই ২০১৬). শৰাইঘাট অভিধান. শৰাইঘাট প্ৰকাশন. পৃষ্ঠা. পৃ:৪৮৭. ISBN ৯৭৮-৯৩-৮৪২১১-০০-৪.
|