কেঁচাইখাঁতী পূজা |
---|
 ছৈখোৱা কেঁচা খাইতী শালৰ মূল প্ৰৱেশ-দ্বাৰ |
পালন কৰে |
কছাৰী জনগোষ্ঠী |
---|
উদযাপন |
ধৰ্মীয় নীতি-নিয়ম, নৃত্য-গীত |
কেঁচাইখাঁতী পূজা হ'ল নানা ধৰ্মীয় নিয়ম-নীতিৰে কেঁচাইখাঁতী গোঁসানীক বলিৰ তেজ দি উপাসনা কৰা এক পৰম্পৰাগত প্ৰথা। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ আদ্যা শক্তিয়ে হ'ল কেঁচাইখাঁতী গোসাঁনী।[1] জাগ্ৰত গোসাঁনীয়ে কেঁচাই তেজ খাই বুলি বিশ্বাস। সেয়ে গোসাঁনীৰ সন্তোষৰ অৰ্থে পূৰ্বে নৰ বলি দিয়াৰো ৰীতি আছিল। কেঁচাইখাঁতী গোসাঁনীক তাম্ৰেশ্বৰী দেৱীও বোলা হয়।[1]
ডিব্ৰুগড় জিলাৰ শদিয়াৰ ওচৰৰ তাম্ৰেশ্বৰী মন্দিৰ এই পূজাৰ মূল স্থান[1] যদিও অসমৰ আন আন মঠ-মন্দিৰতো এই পূজাৰ প্ৰচলন আছে। ম'হ,ছাগলী, হাঁহ-পাৰ আদি দেৱীলৈ উৰ্চগা কৰি বলি দিয়া হয়। গোসাঁনীৰ পূজা-অৰ্চনা কৰি ডিঙি কাটি কোনোটো জন্তুৰ তেজ দেৱীৰ চৰণত দিয়া হয় আৰু বলিৰ মঙহ ভক্তসকলৰ মাজত প্ৰসাদ ৰূপে বিতৰণ কৰা হয়। কেঁচাইখাঁতী প্ৰধানতঃ কছাৰীসকলৰ আৰাধ্য দেৱী। দেওধনী নৃত্য এই পূজাৰ অপৰিহাৰ্য অংগ।[1]