সমললৈ যাওক

মুঠিখাৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰম্পৰাগত মুঠিখাৰু
এপাট সোণৰ মুঠিখাৰু (তিনি শিলিখা)।

মুঠিখাৰু হৈছে অসমীয়া নাৰীয়ে হাতৰ মণিবন্ধত পৰিধান কৰা একপ্ৰকাৰৰ পৰম্পৰাগত অলংকাৰ। এই খাৰু কেইবাডালো চেপেতা বালা লগ লগাই সজা হয় আৰু পিন্ধাৰ সময়ত হাতখন মুঠি মাৰি লোৱা হয়।[1] কেতিয়াবা গামখাৰুৰ সৈতে মুঠিখাৰুৰ সাদৃশ্য দেখা যায়। অতীজৰে পৰা এই খাৰু অসমীয়া জীয়ৰী-বোৱাৰীয়ে বিভিন্ন উপলক্ষত পৰিধান কৰাৰ পৰম্পৰা আছে যদিও ব'হাগ বিহুৰ সময়ত গীত-নৃত্যত ভাগ ল'বলৈ গামখাৰুহে পৰিধান কৰা হয়। পৌৰাণিক ভাস্কৰ্যসমূহত মুঠিখাৰু সদৃশ দীঘলীয়া অনেক প্ৰকাৰৰ হাতৰ আ-অলংকাৰ দেখা পোৱা যায়। আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰত আৱিষ্কৃত হোৱা নৃত্যৰতা যুৱতীৰ প্ৰতিমূৰ্তিৰ হাততো খাৰু দেখিবলৈ পোৱা যায়।

বিৱৰণ[সম্পাদনা কৰক]

প্ৰাচীন কালত মুঠিখাৰুসমূহ সাধাৰণতে সোণেৰে সজোৱা হৈছিল। অৱশ্যে আৰ্থিক সামৰ্থ অনুযায়ী ইয়াক ৰূপেৰেও সজোৱা হৈছিল। সোণৰ মুঠিখাৰুসমূহত কেতিয়াবা বাখৰ-পতোৱা হৈছিল।[2] বহু সময়ত সোণপাণী চৰোৱা খাৰুৰো প্ৰচলন আছিল। আহোম ৰাজত্বকালত আহোম স্বৰ্গদেৱৰ কুঁ‌ৱৰীসকলৰ মুঠিখাৰুত হীৰা খটোৱা আছিল বুলি কোৱা হয়।[3] অঞ্চলভেদে সৰু গামখাৰুকে মুঠিখাৰু বুলি কোৱা হয়। আহোম ৰাজত্বকালত সৰ্বসাধাৰণ লোকে পৰিধান কৰা মুঠিখাৰু ৰূপেৰে সজোৱা হৈছিল।[4]

মুঠিখাৰুসমূহত ফুল-পাত আদিৰ আকৃতি কাৰুকাৰ্য কৰি গঢ় দিয়া হয়। বাখৰ পতাই ইয়াক আকৰ্ষণীয় কৰি তোলা হৈছিল।[3] পৰম্পৰাগতভাৱে মুঠিখাৰুসমূহ কেইবাপাটো খাৰু একেলগে জাপি থোৱাৰ দৰে সজা হয়। অৱশ্যে কোনো কোনো ক্ষেত্ৰত ই গামখাৰু সদৃশ আকাৰ লয়। গামখাৰু সদৃশ মুঠিখাৰুসমূহৰ এটা বৈশিষ্ট্য হ'ল যে গামখাৰুৰ দৰেই মুঠিখাৰুৰ গাত শিলিখাৰ আকৃতিৰ একাধিক শাৰী সজা হ'ব পাৰে। কিন্তু দেখাত মিল থাকিলেও ই গামখাৰুতকৈ দৈৰ্ঘ্যত চুটি হয়। এই শিলিখাৰ শাৰীৰ সংখ্যা অনুযায়ী খাৰুপাটক তিনি শিলিখা, চাৰি শিলিখা আদি নাম দিয়া হয়। খাৰুপাটত এডাল শলখা থাকে।

উপলক্ষ[সম্পাদনা কৰক]

মুঠিখাৰু বিভিন্ন উপলক্ষত অসমীয়া নাৰীসকলে পৰিধান কৰে। বিয়া-সবাহ, উৎসৱ-পাৰ্বন আদিৰ লগতে পুৰণি কালত আঢ্যৱন্ত ঘৰৰ নাৰীয়ে সাধাৰণভাৱেও মুঠিখাৰু পৰিধান কৰিছিল। অৱশ্যে বিহু নৃত্যৰ সময়ত ইয়াৰ সলনি গামখাৰু পিন্ধাৰ প্ৰথাহে প্ৰচলিত হৈ আহিছে। বিবাহৰ সময়ত কন্যাই অন্যান্য অলংকাৰৰ লগতে মুঠিখাৰু পৰিধান কৰিব পাৰে।

ৰূপৰ কাম কৰা এখেল লোকক আহোম আৰু কোচ ৰজাসকলে মঠ-মন্দিৰ বা দেৱালয় আদিৰ ৰূপৰ সামগ্ৰী গঢ়িবলৈ দেৱলীয়া বা দেৱালভগীয়া নাম দি ৰাখিছিল।[4] আহোম ৰাজত্বকালত কাড়ী-পাইকে ডিঙিত বা কাণত সোণৰ অলংকাৰ পিন্ধিবলৈ ৰজা ঘৰৰ পৰা অনুমতি দিয়া হৈছিল যদিও হাতৰ অলংকাৰ হিচাপে সোণৰ অলংকাৰ পিন্ধিবলৈ দিয়া নহৈছিল। তেওঁলোকে হাতত সোণৰ অলংকাৰ পিন্ধিবলৈ ৰজাঘৰৰ পৰা অনুমতি ল'ব লাগিছিল। সেই কাৰণে সেই সময়ৰ কাঁড়ী-পাইকৰ পুৰুষ-মহিলাৰ বাবে অন্যান্য অলংকাৰৰ লগতে ৰূপৰ মুঠি খাৰু আদি এই দেৱলীয়াসকলে সাজিছিল।[4]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "মুঠি-খাৰু". শব্দ ডট অৰ্গ. http://www.xobdo.org/dic/%E0%A6%AE%E0%A7%81%E0%A6%A0%E0%A6%BF-%E0%A6%96%E0%A6%BE%E0%A7%B0%E0%A7%81। আহৰণ কৰা হৈছে: 9 April 2023. 
  2. চন্দ্ৰমা গগৈ. "পুৰণি অসমীয়া আ-অলংকাৰ". satirtha.in. https://satirtha.in/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A3%E0%A6%BF-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%86-%E0%A6%85%E0%A6%B2%E0%A6%82%E0%A6%95%E0%A6%BE%E0%A7%B0/। আহৰণ কৰা হৈছে: 9 April 2023. 
  3. 3.0 3.1 মঞ্জুলী ৰাহাঙ (15 May 2017). "কেৰু, মণি, থুৰিয়াৰ কথাৰে". সাহিত্য ডট অৰ্গ. https://xahitya.org/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%A3%E0%A6%BF-%E0%A6%A5%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%95%E0%A6%A5%E0%A6%BE%E0%A7%B0%E0%A7%87-%E0%A6%AE%E0%A6%9E/। আহৰণ কৰা হৈছে: 9 April 2023. 
  4. 4.0 4.1 4.2 মৃগেন শৰ্মা (3 December 2020). "তাহানিৰ অসমৰ ৰূপ শিল্প". অগ্ৰদূত দৈনিক অগ্ৰদূত. সংগ্ৰহ কৰা হৈছে: 9 April 2023.