মাটি আখৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মাটি আখৰা


সত্ৰীয়া নৃত্যৰ বাবে মাটি আখৰা অপৰিহাৰ্য ৷ ইয়াৰ দ্বাৰা শৰীৰটো নাচৰ উপযোগী হোৱাৰ লগতে বিভিন্ন ভংগী শুদ্ধভাবে দিয়াত সুবিধা হয় ৷ তদুপৰি সত্ৰীয়া নাচৰ বেলা শাস্ত্ৰীয় নৃত্য কলাৰ অভিনয়ে হস্তত আৰম্ভ কৰি ৰণলৈকে বিশেষ শিক্ষা নিদিলেও এই মাটি আখৰা শিকিয়েই ধ্ৰুপদী নৃত্যৰ সৰহখিনি কথা জানিব পাৰি ৷ মাটি আখৰাৰ আৰম্ভণি এনে ধৰণৰ- শিকাজনে তললৈ পেট পেলাই সোঁফালে গাল কাটি কৰি বাহুৰ সমানে হাতদুখন মেলি লৈ ভৰি দুখনো সমানে সম্প্ৰসাৰিত কৰি আঠুৰ তলছোৱা আনি গোৰোহাত লগাব লাগে ৷ গুৰুৱে তাৰ পিছত সোঁভৰিৰে বাহুৰ পৰা ক্ৰমে তপিনালৈকে গছকি দি গাটো শিথিল কৰি দিয়ে ৷ মাটি আখৰা শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত শিকাৰুক সৰল নাদুভংগীৰ আখৰা দিয়াটো নিয়ম ৷ প্ৰত্যেক সত্ৰৰে মাটি আখৰাৰ সংখ্যা ভিন ভিন ৷ ড০ মহেশ্বৰ নেওগে কমলাবাৰী সত্ৰৰ মণিৰাম দত্ত বায়ন মুক্তিয়াৰদেৱৰ পৰা ৪৪টা মাটি আখৰাৰ বৰ্ণনা লৈছিল ৷ সিবোৰৰ কেইটামান হ’ল বহি মূৰুকা, থিয় মূৰুকা, মতা ওৰা, মাইকী ওৰা, ওৰাত বহা, ওৰা-চটা, খৰ, লুটি-খৰ, টমান-মুচৰা, ভাৰ-ভগা, হাত-পকোৱা, ম’ৰাই পানী খোৱা, বাঘ জাপ আদি ৷ শ্ৰীনাৰায়ন চন্দ্ৰ গোস্বামীয়ে সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা নামৰ গ্ৰন্থত ৭০টা মাটি আখৰাৰ লেখ দিছে ৷ তাৰে কেইটামানৰ নাম হ’ল- ওৰা, ওৰাত বহা, ওৰাত গেৰুৱা লগোৱা, ওৰা চটা, ওৰাত জাপ, খৰ, লুটি খৰ, চিত খৰ, চিতা পাক, গোৰ পাক, চেৰেকী পাক, উঘা পাক, কাতি পাক, উৰ পাক, টুকুৰা পাক, আকল পাক, শাৰী পাক, মাইকী পাক, ভেকোলা জাপ, বাঘ জাপ আদি ৷ সত্ৰীয়া নৃত্যত ব্যৱহাৰ হোৱা মাটি আখৰাত ভৰত নাট্য শাস্ত্ৰত বৰ্ণিত ১০৮ বিধ কৰণেৰে ৰিজাব পাৰি ৷

তথ্যসংগ্ৰহ-[সম্পাদনা কৰক]

  • অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৭৮)