লাস্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লাস্য (ইংৰাজী: Lasya) হিন্দু শাস্ত্ৰ অনুসৰি দেৱী পাৰ্বতীয়ে কৰা একপ্ৰকাৰ মহাজাগতিক স্বৰ্গীয় নৃত্য। প্ৰাচীন শ্ৰেণীবিভাজন অনুসৰি নৃত্যৰ দুটা মুখ্য শৈলী হৈছে তাণ্ডৱ আৰু লাস্য।[1] ভগৱান শিৱয়ে তাণ্ডৱ নৃত্য কৰে আৰু ই সাহস, শক্তি, তীব্ৰ আৰু পুংলিংগক সূচায়। আনহাতে লাস্যয়ে কোমল, কমনীয়, সৌন্দৰ্য, প্ৰেম আৰু স্ত্ৰী লিংগৰ প্ৰতীক। সংগীত, নৃত্য আৰু নাটকৰ প্ৰাচীন গ্ৰন্থ ভৰতমুনিৰ নাট্যশাস্ত্ৰ অনুসৰি ভগৱান শিৱৰ দ্বাৰা প্ৰদৰ্শিত তাণ্ডৱৰ মহাজাগতিক নৃত্যৰ পুৰুষ শক্তিৰ উত্তৰত দেৱী পাৰ্বতীয়ে কৰা নৃত্যয়ে হৈছে লাস্য। নৃত্যৰ অংগ সঞ্চালন অত্যন্ত কোমল আৰু ধীৰ হয়। অভিব্যক্তিত ফালৰ পৰা ই শৃংগাৰ ৰসক প্ৰতিনিধিত্ব কৰে। লাস্য নৃত্য ঘাইকৈ মহিলা নৃত্যশিল্পীসকলে অধিক কাৰ্যকৰীভাৱে প্ৰদৰ্শন কৰে। মথুৰাৰ ৰাস নৃত্য, দক্ষিণ ভাৰতৰ হালীসাক, কথক, ভাৰতনাট্যম, মণিপুৰী নৃত্য, ওডিছী, মোহিনীঅট্টম, কুচিপুড়ি আদি ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত নৃত্যত লাস্য নৃত্যৰ চাপ বিদ্যমান।[1]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

লাস্য শব্দৰ অৰ্থ হৈছে ৰমণীসকলৰ লীলায়িত নৃত্যভংগী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰিভাষা অনুসৰি তাল বা তালম শব্দটো উৎপত্তিৰ ফালৰ পৰা ভগৱান শিৱ আৰু তাণ্ডৱ আৰু পাৰ্বতীৰ লাস্য দুয়োটা নৃত্যৰ সংঘৰ পৰা আহৰণ কৰা হৈছে। নৃত্যত সুখ আৰু আনন্দৰ অভিব্যক্তিক লাস্যৰ মাজেৰে প্ৰকাশ কৰা হয়। লাস্য নৃত্য সুখ, সৌন্দৰ্য আৰু প্ৰেমৰ প্ৰতীক।[1]

বৰ্ণনা[সম্পাদনা কৰক]

হিন্দু পুৰাণত লাস্য শব্দটোৱে দেৱী পাৰ্বতীয়ে কৰা নৃত্যক বৰ্ণনা কৰে। ই সুখ প্ৰকাশ কৰে আৰু প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক। ভগৱান শিৱৰ দ্বাৰা প্ৰদৰ্শিত তাণ্ডৱৰ মহাজাগতিক নৃত্যৰ পুৰুষ শক্তিৰ উত্তৰত পাৰ্বতীয়ে লাস্য নৃত্য কৰিছিল বুলি বিশ্বাস কৰা হয়। আক্ষৰিক অৰ্থত, লাস্যৰ অৰ্থ হৈছে সৌন্দৰ্য, সুখ, আকৰ্ষণীয় আৰু কমনীয়।[2]

অধ্যাপক ইনায়ত খানে তেওঁৰ "মুনকাৰ মুচিকাৰ" (১৯১২) কিতাপখনত লিখিছিল:

"মহিলা আৰু পুৰুষ দুয়োজনে এই নৃত্য প্ৰদৰ্শন কৰে আৰু ভাৰতত ইয়াৰ কেইবাজনো স্বীকৃত পণ্ডিত বা ওস্তাদ আছে। লাস্যৰ সৈতে দুজন সৰংগী বাদক, এজন তবলা বাদক আৰু কেতিয়াবা এটা মঞ্জীৰা নামৰ এবিধ সৰু ভাৰতীয় তাল বজোৱা হয়। ইয়াত এগৰাকী মহিলাৰ দ্বাৰা বা দুগৰাকী মহিলাই একেলগে নৃত্য কৰা হয়। "[3]

লাস্য হৈছে এক উপাদান যি সুন্দৰ, সূক্ষ্ম আৰু মৃদু স্তৰত আৱেগ প্ৰকাশ কৰে। এয়া মহিলাৰ নৃত্যৰ সৈতে জড়িত। জনশ্ৰুতি অনুসৰি ভগৱান শিৱয়ে ত্ৰিপুৰাসুৰৰ বধ কৰাৰ পিছত তাণ্ডৱ নৃত্য কৰিছিল। ইয়াৰ ফলত গোটেই সৃষ্টিতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছত দেৱী পাৰ্বতীয়ে লাস্য নৃত্য কৰি তাণ্ডৱৰ প্ৰভাৱক প্ৰশমিত কৰিছিল।[2] পাৰ্বতীয়ে বাণাসুৰৰ কন্যা ঊষাক প্ৰথমে লাস্য নৃত্য শিকাইছিল। ঊষায়ে পিছলৈ এই কলা পৃথিৱীৰ মহিলাসকলৰ মাজত বিলাই দিয়ে।[4]

প্ৰকাৰ[সম্পাদনা কৰক]

লাস্য মুখ্যতঃ চাৰি প্ৰকাৰৰ বুলি জনা যায়। সেই চাৰিটা হৈছে: শৃংখলা, লতা, পিণ্ডী আৰু ভেদ্যকা। সংগীত ৰত্নাকাৰ অনুসৰি লাস্য ১০টা লাস্যাংগ বিৱৰণ দিয়ে আৰু এইসমূহ দৰ্শী শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই দহটা লাস্যাংগ হৈছে, চালি, চালিবাদ, উৰংগণ, লাধী, চোকা, দশক, অনগ্ৰহ, অৰায়ক, বিহাস আৰু মনা।[5]

নৃত্য[সম্পাদনা কৰক]

বৰ্তমান সময়ত তিনি প্ৰকাৰৰ লাস্য নৃত্য অনুশীলন কৰা হয়:

  • 'বিকট লাস্য': প্ৰদৰ্শন কৰোঁতে লয়, তাল, ভাৱ প্ৰদৰ্শন কৰা নৃত্যক 'বিকট লাস্য' বুলি কোৱা হয়।
  • 'বিষম লাস্য' : অনুভূমিক, বৃত্তাকাৰ আৰু তীক্ষ্ণ চলাচলৰ জৰিয়তে 'ভৰামাৰি' ব্যৱহাৰ কৰি, লয় আধাৰিত নৃত্যত বিশেষ পদচালনাযুক্ত 'বিষম লাস্য'।
  • 'লঘু লাস্য': ভৰিৰে আৰু অংচিত কুঞ্চিত পাদবিন্যাসৰ জৰিয়তে মাটিত শব্দ প্ৰস্তুত কৰি 'লঘু লাস্য' কৰা হয়।

এই নৃত্যত কোমল শব্দ, উচ্চ তীক্ষ্ণতা থকা বাদ্য যেনে 'মঞ্জীৰা', 'বাঁহী', 'ঘুগুৰা', 'মাদল, 'খোল', 'তবলা', 'তুম্বুৰু' আদি ব্যৱহাৰ কৰা হয়।

ব্যৱহৃত পোছাকবোৰ অত্যন্ত শৃংগাৰিক আৰু আকৰ্ষণীয়। মহিলা নৃত্যশিল্পীসকলে বহু ভাঁজযুক্ত চাদৰ, বহল কঁকাল বন্ধ আৰু পাটকা ব্যৱহাৰ কৰে। তেওঁলোকে তেওঁলোকৰ চুলিত ফুলৰ মালা আৰু উজ্জ্বল আৰু ডাঠ ৰঙৰ ওৰণি পিন্ধে। হাত আৰু ডিঙি মুক্তা আৰু ফুলেৰে সজ্জিত কৰি নৃত্য প্ৰদৰ্শন কৰে।[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Lasya Dance". https://abhipedia.abhimanu.com/Article/IAS/Njk2MzMEEQQVV/Lasya-Dance-Culture-of-India-IAS. 
  2. 2.0 2.1 2.2 "Lasya". https://nadsadhna.com/indian-music/dance-forms/lasya/. 
  3. Hazrat Inayat Khan. «The Minqar-i Musiqar: Hazrat Inayat Khan's Classic 1912 Work on Indian Musical Theory and Practice». Omega Publications. 2016 (আই.এচ.বি.এন. 1941810187)
  4. Dictionary of Hindu Lore and Legend (আই.এচ.বি.এন. 0-500-51088-1) by Anna Dallapiccola
  5. "Froms of Lasya". https://kalyanikalamandir.com/blogs/forms-of-lasya/.