ওডিছী নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ওডিছী নৃত্য
Odissi Performance DS.jpg
ওডিছী নৃত্যশিল্পী
শৈলী ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা

ওডিছী নৃত্য (ইংৰাজী: Odissi Dance) ভাৰতৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ উৎপত্তি আৰু বিকাশ হৈছিল উৰিষ্যাত। মূলতঃ মন্দিৰৰ দেৱদাসী সকলে পৰিৱেশন কৰা এই নৃত্যই পাছলৈ ৰাজসভাতো ঠাই পায়। ওডিছী নৃত্যত মুঠ ১০৮ বিধ মূল নৃত্য শৈলী পোৱা যায়। উৰিষ্যাৰ ভুৱনেশ্বৰ, কোণাৰ্ক আৰু পুৰীৰ মন্দিৰৰ বেৰত এই নৃত্যৰ বহু ভংগিমা খোদিত কৰা দেখা পোৱা যায়। ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ লগত ওডিছী নৃত্যৰ মূল ভংগিমাৰ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়। এই নৃত্যৰ মূল স্থায়ী ভংগীমা হ’ল ত্ৰিভঙ্গ। ভূমি প্ৰণামেৰে আৰম্ভ কৰি বিঘ্নৰাজ পূজা, বুট নৃত্য, ইষ্টদেৱ বন্দনা, স্বৰ পল্লৱী নৃত্য, মাভিনয় নৃত্য আৰু শেষত দ্ৰুত লয়ত ডাৰিঝম অংশ পৰিবেশন কৰি নৃত্যৰ সমাপ্তি কৰা হয়। পাখোৱাজ, বাঁহী, তানপুৰা, ব্ৰহ্মবীণা, মৃদংগ, ঘণ্টিতাল আদি ওডিছী নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰ। এই নৃত্যত কটিবেণী, পুষ্পচূড়া আৰু অৰ্ধবক্তক এই তিনিশ্ৰেণীৰ কেশসজ্জা কৰা হয়। পোছাকৰ ক্ষেত্ৰত পাটৰ শাৰী, ব্লাউজ, নীবিবন্ধ, বকুল কালিকা, নাগপাশ, মাথামণি, কিংকিনী, কৰকংকন আদিৰ ব্যৱহাৰ কৰা হয়। [1]

ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ ওডিছী নৃত্যশিল্পী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ:[সম্পাদনা কৰক]

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং :?