সমললৈ যাওক

কস্তুৰী পাটনায়ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কস্তুৰী পট্টানাইকৰ পৰা পুনঃনিৰ্দেশিত)
কস্তুৰী পাটনায়ক
প্ৰাথমিক তথ্য
জন্মৰ নাম কস্তুৰী বৰু
জন্ম ৩ আগষ্ট, ১৯৬৫ (৫৯ বছৰ)
কটক, ভাৰত
মূল ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য, ওড়িছী নৃত্য
পেচা ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, নৃত্য পৰিচালক, শিক্ষক
কাৰ্যকাল ১৯৭৫ চনৰপৰা বৰ্তমানলৈকে
ৱেবছাইট www.kasturipattanaik.com

কস্তুৰী পাটনায়ক (ইংৰাজী: Kasturi Pattanaik) হৈছে এগৰাকী অগ্ৰণী ওড়িছী নৃত্য শিল্পী, প্ৰদৰ্শক, নৃত্য পৰিচালক, শিক্ষক, প্ৰশিক্ষক আৰু সংগীত ব্যৱস্থাপক।[1]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

কস্তুৰী পাটনায়কে ৰচনা আৰু পৰিচালনা কৰা ওড়িছী নৃত্যসমূহ ইয়াৰ মৌলিকতা আৰু সৃষ্টিশীলতাৰ বাবে উচ্চ প্ৰশংসিত।[2] ওড়িছী নৃত্য প্ৰদৰ্শনত তেওঁ নতুন প্ৰতীতি, নতুন ধাৰণা, নতুন কৌশল, নতুন সমন্বয় আৰু নতুন থীম আৰু নতুন সংযোগ প্ৰৱৰ্তন কৰিছে।[3]

পাটনায়ক এগৰাকী দক্ষ একক শিল্পী আৰু লগতে দলীয় প্ৰদৰ্শকো। তেওঁ ওড়িছী নৃত্য নাটিকাৰ অন্যতম বাটকটীয়া। নাটিকাসমূহত তেওঁ ধ্ৰুপদী নৃত্য, উৰিষ্যাৰ লোক পৰম্পৰা আৰু অখিল ভাৰতীয় পৌৰাণিক কাহিনীসমূহৰ সংমিশ্ৰণ ঘটায়। এগৰাকী দক্ষ ওড়িছী সংগীতকাৰ হোৱাৰ বাবে, পাটনায়কে ওড়িছী নৃত্যত, ওড়িছী সংগীতক তেওঁৰ অভিনৱ আৰু কল্পনাত্মক ৰচনা আৰু কোৰিঅগ্ৰাফীৰে প্ৰকৃত আৰু অপৰিৱৰ্তিত বিন্যাসত একত্ৰিত কৰিছে।[4]

পাটনায়কে কথক নৃত্যৰ সমান্তৰালকৈ তেওঁৰ শৈশৱৰে পৰা ওড়িছী নৃত্য শিকা আৰম্ভ কৰিছিল। কটক, উৰিষ্যাৰ প্ৰতিষ্ঠিত শৈলবালা মহিলা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁ ওড়িছী নৃত্যত উচ্চশিক্ষা লাভৰ বাবে ভুৱনেশ্বৰৰ ওড়িছী গৱেষণা কেন্দ্ৰত যোগদান কৰে।[5]

পাটনায়কৰ ৰঘুনাথ দত্ত, পদ্মবিভূষণ কেলুচৰণ মহাপাত্ৰ, পদ্মশ্ৰী গংগাধৰ প্ৰধান, ৰমনী ৰঞ্জন জেনা, দয়ানিধি দাসৰ দৰে ওড়িছী নৃত্যৰ উচ্চস্তৰীয় গুৰু তথা ওস্তাদসকলৰ অধীনত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনৰ বিৰল সৌভাগ্য ঘটিছিল।[6]

কম বয়সৰপৰাই ওড়িছী নৃত্য প্ৰদৰ্শন আৰু প্ৰচাৰৰ বাবে তেওঁ ভাৰতৰ আৰু পৃথিৱীৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছে। হংকং, ইউ এছ এছ আৰ, ইণ্ডোনেছিয়া, থাইলেণ্ড, ছিংগাপুৰ, উত্তৰ কোৰিয়া আৰু চীন আদি বিশ্বৰ বহুতো দেশত পাটনায়কে ওড়িছী নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। সমগ্ৰ ভাৰত আৰু বিশ্বৰ চাৰিশতকৈও অধিক ছাত্ৰক তেওঁ ওড়িছী নৃত্যৰ প্ৰশিক্ষণ দিছে, যাৰ সৰহভাগেই প্ৰশংসিত প্ৰদৰ্শক বা প্ৰশিক্ষক ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছে।

কোৰিঅ'গ্ৰাফাৰ হিচাপে ওড়িছী গৱেষণা কেন্দ্ৰত তেওঁৰ কাৰ্যকালৰ পিছত;[5] তেওঁ নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় নডেল সাংস্কৃতিক সংগঠন 'সংকল্প'ত ইয়াৰ কাৰ্যসূচী পৰিচালক (সাংস্কৃতিক) আৰু সৃষ্টিশীল মুৰব্বী হিচাপে যোগদান কৰে। ভাৰতীয় কলা আৰু সংস্কৃতিক আগুৱাই লৈ যোৱাৰ তেওঁৰ মূল উদ্দেশ্যৰ বাহিৰেও 'সংকল্প'ত তেওঁ শিক্ষা, গৱেষণা আৰু নীতি কৌশলক আগবঢ়াই লৈ যোৱাৰ আখৰা কৰিছিল।

তেওঁ বিভিন্ন বিশেষজ্ঞ সমিতিত চামিল হৈ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়কো সেৱা আগবঢ়াইছে।

পাটনায়ক উৰিষ্যাৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ আগশাৰীৰ অভিনেত্ৰীও আছিল। তেওঁৰ দূৰদৰ্শন ধাৰাবাহিক 'দেৱদাসী' দেৱদাসী পৰম্পৰাৰ ওপৰত এটি উচ্চস্তৰীয় কৰ্ম।[7]

তেওঁ চেন্সৰ বৰ্ডৰ আঞ্চলিক সমিতিৰ সদস্য। ভুৱনেশ্বৰৰ ৰাজ্যিক প্ৰযুক্তি প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত আয়োজন কৰা প্ৰাইমেৰী শিক্ষা অনুষ্ঠানৰো তেওঁ বক্তা আছিল।

খৈৰাগড়, চট্টিশগড়ত প্ৰতিষ্ঠিত 'ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়'ৰ ওড়িছী নৃত্যৰ স্নাতক পাঠ্যক্ৰমৰ চিলেবাছ প্ৰস্তুত কৰাতো তেওঁ অগ্ৰণী ভূমিকা লৈছিল। মধ্যপ্ৰদেশ চৰকাৰে প্ৰদান কৰা 'কালিদাস সম্মান', 'তুলসী সম্মান' আদি প্ৰসিদ্ধ কলা বঁটাৰো তেওঁ জুৰিৰ সদস্য।

ভাৰতীয় কলা আৰু সংস্কৃতিৰ বিবিধতা প্ৰচাৰত তেওঁ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে কস্তুৰী পাটনায়কক অলেখ বঁটা আৰু সম্মানেৰে বিভূষিত কৰা হৈছে।

পাটনায়কে এতিয়াও 'সংকল্প'[8]ৰ সৈতে কাম কৰি আছে। ভাৰতৰ পূৰ্ব মুখ্য ন্যায়াধীশ জগদীশ চৰণ বাৰ্মাৰ অধ্যক্ষতাত পৰিচালিত হোৱা 'সংকল্প' এনে এটা বেচৰকাৰী সংস্থা যাক ভাৰত চৰকাৰৰ সমিতিৰ দ্বাৰা যথেষ্ট ভাল আৰু ৰুচিসম্পন্ন বুলি কোৱা হৈছে। সাংস্কৃতিক বিভাগৰ কাৰ্যসূচী পৰিচালক হিচাপে পাটনায়কে সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য প্ৰচাৰৰ কাম কৰি আছে।[9]

সম্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • কটক, উৰিষ্যাত 'ৰাজেন্দ্ৰ প্ৰসাদ স্মৃতি সংসদ'ৰ 'ৰাজেন্দ্ৰ প্ৰসাদ পুৰস্কাৰ' প্ৰদান, ১৯৯৭।
  • পুৰী, উৰিষ্যাত বিষ্ণুপ্ৰিয়া স্মৃতি সম্মানৰপৰা ওড়িছী নৃত্যত উৎকৃষ্ট নৃত্য প্ৰদৰ্শনৰ বাবে 'অভিনন্দনিকা' বঁটা লাভ, ১৯৯৯।
  • ১৯৮৭ চনত ৰাজ্যিক চৰকাৰৰ আৰু ২০০০ চনত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰপৰা বৃত্তি লাভ।
  • ২০০৩ চনত উদয়ন সাংস্কৃতিক অনুষ্ঠানৰ 'দেৱদাসী সম্মান' প্ৰদান।
  • চেঞ্চৰ বৰ্ডৰ জুৰিৰ সদস্য নিৰ্বাচিত, ২০০২
  • অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি জিলাৰ 'কুচিপুড়ি নাট্যকলা মন্দিৰ'ৰ দ্বাৰা ১৯৯৯ চনত সন্মান প্ৰদান।
  • মাধুৰী বঁটা, ২০১৫i[10]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]