৩ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
৩ আগষ্ট (ইংৰাজী: 3 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম (অধিবৰ্ষত ২১৬তম) দিন। বছৰ শেষ হ'বলৈ ১৫০ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৩৪৭ - আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
- ১৪৯২ - ক্ৰিষ্টোফাৰ কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজ ছাণ্টা মাৰিয়া, পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনাৰ সৈতে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে।
- ১৭৮০ - মেজৰ প'হামৰ (ইংঃ Popham) অধীনত কেপ্টেইন ব্ৰুচে গোৱালিয়ৰ দূৰ্গ দখল কৰে।
- ১৯১৪ - প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
- ১৯৩৪ - হিটলাৰে জাৰ্মানীৰ ৰাষ্ট্ৰপতি আৰু 'চেঞ্চেলৰ' কাৰ্যালয় এক কৰি নিজকে অধিনায়ক (জাঃ Führer বা ইংঃ leader) ঘোষণা কৰে।
- ১৯৫৪ - ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
- ১৯৬০ - নাইজাৰে স্বাধীনতা লাভ কৰে।
- ১৯৯৯ - নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
- ২০০৪ - বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৬৭ - ষ্টেনলি বলডিন্, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
- ১৮৮৬ - হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হয়।
- ১৯৮৪ - ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী ৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৭৯২ - ৰিচাৰ্ড আৰ্কৰাইট, ইংৰাজ উদ্য়োগপতি আৰু উদ্ভাৱক।
- ১৯৫৯ - কবি-দাৰ্শনিক ভবানন্দ দত্তৰ মৃত্যু হয়।
- ১৯৮০ - শিল্পী কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
দিৱস[সম্পাদনা কৰক]
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ তৃতীয় দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
অনান্য[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৩ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|