- ১৯২১ - ড॰ ফ্ৰেডেৰিক বেণ্টিং আৰু তেওঁৰ সহযোগী চাৰ্লচ বেষ্টৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইনছুলিন হ’ৰ’মন পৃথক্কৰণ সম্ভৱ হৈছিল।
- ১৯৩৯ - কেন্দ্ৰীয় পুলিচ বাহিনী প্ৰতিষ্ঠা কৰা হয়।
- ২০০০ - অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা সংৰক্ষিত এটা অঞ্চলক নামবৰ অভয়াৰণ্য নামেৰে ঘোষণা কৰা হয়।
- ২০০৫ - মুম্বাইত একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ ভয়াবহ বানপানীত ৪৫০জন লোকৰ মৃত্যু হয়।
- ২০০৫ - মুম্বাই উপকূলৰ পৰা ১৬০ কিঃমিঃ আঁতৰত আৰব সাগৰত অৱস্থিত অ' এন জি চিৰ সামুদ্ৰিক তৈল ক্ষেত্ৰত বম্বে হাই প্লেটফৰ্মত আন এখন সহায়ক জাহাজে খুন্দা মৰাৰ ফলত প্লেটফৰ্মত জুই লাগে। এই অগ্নিকাণ্ডৰ ফলত ১২জন লোকৰ মৃত্যু হয় আৰু ৩২ হাজাৰ কোটি টকাৰ লোকচান হয়।
- ২০০৯ - ছৈয়দ ছিবেট ৰাজিয়ে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
- ২০১১ - মৰক্কোত হোৱা এক ভয়াবহ বিমান দুৰ্ঘটনাত ৭৮জন লোকৰ মৃত্যু হয়।
- ২০১২ - অমৰনাথলৈ যাত্ৰা কৰোঁতে ১৬জন লোকৰ মৃত্যু হয়।
- ২০১২ - লণ্ডনত অলিম্পিকখেল আৰম্ভ হয়।
- ১৮৮১ - হান্স ফিছাৰ, নোবেল বিজয়ী জাৰ্মান জৈৱ ৰসায়নবিদ।
- ১৯২৭ - প্ৰখ্যাত ভাৰতীয় গল্প লেখক, কৃষ্ণ বলদেৱ বৈদৰ জন্ম হয়।
- ১৯৪০ - ভাৰতী মুখাৰ্জী, ভাৰতীয় আমেৰিকান লেখক।
- ১৯৫৫ - এলেন বৰ্ডাৰ, অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলুৱৈ।
- ১৯৬৭ - ৰাহুল বসু, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সমাজকৰ্মী আৰু ৰাগবী খেলুৱৈ।
- ১৮৪৪ - জন ডেল্ট, পৰমাণু তত্ত্বৰ প্ৰৱৰ্তক ইংৰাজ ৰসায়নবিদ।
- ১৯৯২ - আমজাদ খান, ভাৰতৰ অন্যতম প্ৰখ্যাত অভিনেতা।
- ২০০২ - কৃষ্ণ কান্ত, ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি। তেখেতৰ কাৰ্যনিবাহ কালতে পৰলোকপ্ৰাপ্তি হয়।
- ২০১৫ - এ পি জে আব্দুল কালাম, ভাৰতৰ বিজ্ঞানী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০২২ - অৰ্ধেন্দু কুমাৰ দে', অসমৰ প্ৰাক্তন মন্ত্ৰী।[1]
- ২০২২ - অতুলানন্দ গোস্বামী, প্ৰখ্যাত সাহিত্যক।[2]