১৬ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
১৬ আগষ্ট (ইংৰাজী: 16 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৮তম (অধিবৰ্ষত ২২৯তম) দিন। বছৰ শেষ হ'বলৈ ১৩৭ দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৮৪৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পদাৰ্থ নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমেনৰ জন্ম হয়।
- ১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৮৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হয়।
- ১৯০৯ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰাক ফাঁচী দিয়া হয়।
- ১৯৪৬ চনৰ আজিৰ দিনটোতে কলকাতাত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত কবি অমূল্য বৰুৱাৰ মৃত্যু হয়।
- ২০০৩ চনৰ আজিৰ দিনটোতে উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি একনায়ক ইদি আমিনৰ মৃত্যু হয়।
- ২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ মৃত্যু হয়।
অনান্য[সম্পাদনা কৰক]
- ১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।
- ১৯১০ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলিৰ প্ৰথম প্ৰকাশ হয়।
- ১৯৫৫ চনৰ আজিৰ দিনটোতে বজালী মহাবিদ্যালয় স্থাপন হৈছিল।
- ১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।
- ১৯৬২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।
- ১৯৬৮ চনৰ আজিৰ দিনটোতে মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৬ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|