২৫ নৱেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
২৫ নৱেম্বৰ (ইংৰাজী: 25 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২৯ তম (অধিবৰ্ষত ৩৩০ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত ১৯৩০ চনৰ আজিৰ দিনটোতেই জন্ম হয় ঔপন্যাসিক, বুৰঞ্জীবিদ ড° লীলা গগৈৰ ৷
- ১৮৬৬ চনৰ আজিৰ দিনটোতে এলাহাবাদ উচ্চ ন্যায়ালয় মুকলি হয় । উল্লেখ্য যে ১৮৬৬ চনৰপৰা ১৮৬৮ চনলৈকে এই ন্যায়ালয়ৰ কাম-কাজ চলিছিল আগ্ৰাত আৰু ১৮৬৯ চনত ইয়াক এলাহাবাদলৈ অনা হয় ।
- ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাৰ এণ্টাৰ্কটিকালৈ যাত্ৰা কৰে। তেওঁ এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম অসমীয়া ।
- ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী প্ৰতিষ্ঠা কৰা হয় ১৯৪৮ চনৰ আজিৰ দিনটোতে ।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে বৰ্ষীয়ান গান্ধীবাদী নেতা, সমাজকৰ্মী বাবা আমাতেলৈ ১৯৯৯ চনৰ গান্ধী শান্তি বঁটা ঘোষণা কৰে ।
- ১৯৭৪ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান ইউ থাণ্টৰ মৃত্যু হয় ।
- ছুৰিনামৰ আৰু পাপুৱা নিউগিনিয়ে স্বাধীনতা লাভ কৰে ১৯৭৫ চনৰ আজিৰ দিনটোতে ।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৫ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|