১৯৩৬ চনৰ আজিৰ দিনটোত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।
১৯৪৮ চনৰ আজিৰ দিনটোত ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।