৭ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৭ জুন (ইংৰাজী: 7 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৭টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৬৩ আজিৰ দিনটোতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।
  • ১৯৭২ চনৰ আজিৰ দিনটোত অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
  • ১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।

জন্ম[সম্পাদনা কৰক]

  • ১৪৯০ - মথুৰা দাস বুঢ়া আতা, ধৰ্ম প্ৰচাৰক। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
  • ১৯৭৪ - এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্, এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৫৪ - এলান মেথিছন ট্যুৰিং, এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৬৪ - পাৰ্বতী প্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।
  • ১৯৮৬ - অতুল চন্দ্ৰ হাজৰিকা, এগৰাকী আগশাৰীৰ অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক।
  • ১৯৮২ - কৃষ্ণকান্ত সন্দিকৈ, অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদঅসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ।
  • ২০০০ - ৰবীন বৰুৱা, সাংবাদিক।
  • ২০২১ - আন্তঃৰাষ্টীয় পয্য়ায়ৰ ভাৰতীয় কমিক্‌ছ শিল্পী ধীৰজ বাৰ্মা, অসমৰ মানাহ অভয়াৰন্য়ৰ পটভূমিত সৃষ্টি কৰা জনপ্ৰিয় চৰিত্ৰ কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ) আৰু আন্তঃৰাষ্টীয় পয্য়ায়ত লেডী ডেথ্, ট্ৰান্সফৰ্মাছ আৰু কেনন চৰিত্ৰৰ ৰেখাচিত্ৰ শিল্পী আছিল। (জঃ২২ অক্টোৱৰ, ১৯৬৭) [1] [2] [3]

দিৱস[সম্পাদনা কৰক]

  • আজি পেৰুৰ পতাকা দিৱস।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]