৩১ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩  ২৪  ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৩১ মাৰ্চ (ইংৰাজী: 31 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯০তম (অধিবৰ্ষত ৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৫টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল।
  • ১৮৬৭- বোম্বাইত (বৰ্তমানৰ মুম্বাইত) প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল।
  • ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়।
  • ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।
  • ১৯৮৩- কলোম্বিয়াৰ চহৰ পোপায়নত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০জন ব্যক্তিৰ মৃত্যু হৈছিল।
  • ১৯৮৬- মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৫৯৬ - ৰেনে ডেকাৰ্ট, ফৰাচী দাৰ্শনিক আৰু আধুনিক দৰ্শনৰ জনক, গণিতজ্ঞ, বিজ্ঞানী। (মৃ.১১/০২/১৬৫০)
  • ১৯১৪ - অক্টাৱিয়' পাছ, সাহিত্যত ন'বেল বিজয়ী (১৯৯০) মেক্সিকান কবি।
  • ১৯২২- ৰিচাৰ্ড কাইলী, আমেৰিকাৰ অভিনেতা আৰু গায়ক (মৃ. ১৯৯৯)
  • ১৯৩৮- শীলা দীক্ষিত, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৪৫- মীৰা কুমাৰ, লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ (ভাৰত)

মৃত্যু[সম্পাদনা কৰক]

  • ১৬৩১ -জন ডান, ইংৰাজ কবি।
  • ১৭২৭ - ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু গণিতবিদ তথা বিশ্বৰ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম ছাৰ আইজাক নিউটনৰ মৃত্যু।
  • ১৯১৭ - এমিল ভোন বেহৰিং, নোবেল পুৰস্কাৰ বিজয়ী জাৰ্মান জীৱবিজ্ঞানী।
  • ১৯৭২ - মীনা কুমাৰী, বলিউডৰ অভিনেত্ৰী।
  • ২০১৬ - অসীম বোথ্ৰাৰ মৃত্যু। তেখেত এগৰাকী চলচ্চিত্ৰ কৰ্মী আছিল।
  • ২০০৬ - কেশৱ মহন্ত, অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। (জন্ম: ২০ জানুৱাৰী, ১৯২৬)

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]