মীনা কুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মীনা কুমাৰী

'কহিনুৰ'ত (১৯৬০) মীনা কুমাৰী
জন্ম মেহজবিন বানো
১ আগষ্ট, ১৯৩৩
বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰত)
মৃত্যু ৩১ মাৰ্চ, ১৯৭২ (৩৮ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ট্ৰেডেদী কুইন, মঞ্জু, চাইনীজ ড’ল
মহিলা গুৰু দত্ত, ভাৰতীয় চলচ্চিত্ৰৰ ছিন্দ্ৰেলা
পেচা
  • অভিনেত্ৰী
  • কবি
  • কণ্ঠশিল্পী
  • কষ্টিউম ডিজাইনাৰ
সক্ৰিয় হৈ থকা সময় ১৯৩৯-১৯৭২
দাম্পত্যসঙ্গী কমল আমৰোহী (বি. ১৯৫২; sep. ১৯৬৪)
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা
সাংগীতিক কেৰিয়াৰ
কাৰ্যকাল ১৯৪১, ১৯৪৬-১৯৪৮, ১৯৫৯-১৯৭২
স্বাক্ষৰ

মীনা কুমাৰী (ইংৰাজী: Meena Kumari ; জন্ম মেহজবিন বানো; ১ আগষ্ট ১৯৩৩ - ৩১ মাৰ্চ ১৯৭২)[1] এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কবি আছিল। তেওঁ ট্ৰেজেদী কুইন নামেৰে বিশেষভাৱে জনাজাত আছিল।[2][3] অভিনয় জগতত তেওঁ ১৯৩৯ চনৰ পৰা ১৯৭২ চনলৈ সক্ৰিয় হৈ আছিল।[4] ৩৩ বছৰীয়া কৰ্মময় জীৱনত চাহিব বিবি ঔৰ গুলাম, পাকিজা, মেৰে অপনে, আৰতি, বেইজু বাৱৰা, পৰিণীতা, দিল অপনা ঔৰ প্ৰীত পৰায়ে, ফুটপাথ, দিল এক মন্দিৰ, কাজল আদি তেওঁ প্ৰায় ৯২খন ছবিত অভিনয় কৰিছে।[5]

মীনা কুমাৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৫৪ চনত বেইজু বাৱৰাৰ বাবে, ১৯৫৫ চনত পৰিণীতাৰ বাবে এই বঁটা পাইছে। ১০ম ফিল্মফেয়াৰ বঁটাৰ (১৯৬৩) শ্ৰেষ্ঠ অভিনেত্ৰীৰ তিনিওটা মনোনয়ন তেৱেঁ পাইছিল আৰু ইয়াৰ ভিতৰত নিৰ্বাচিত হৈছিল চাহিব বিবি ঔৰ গুলাম। একেগৰাকী অভিনেত্ৰীয়ে একেটা শিতানত তিনিখনকৈ মনোনয়ন পোৱাটো ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। চতুৰ্থটো ফিল্মফেয়াৰ বঁটা (১৯৬৩) পায় কাজল ছবিৰ বাবে। সমালোচকসকলে প্ৰায়ে চাহিব বিবি ঔৰ গুলামত কৰা তেওঁৰ চৰিত্ৰটো তেওঁৰ জীৱন কাহিনীৰ সৈতে মিলি যোৱা বুলি উল্লেখ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

৮ বছৰ বয়সত মীনা কুমাৰী

মীনা কুমাৰীৰ জন্মৰ নাম আছিল মেহজবিন। ১৯৩৩ চনৰ ১ আগষ্টত এটা দুখীয়া মুছলমান, থিয়েটাৰ শিল্পীৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। দেউতাক আৰু মাকৰ নাম আছিল ক্ৰমে আলি বক্স আৰু ইকবাল বেগম। ল’ৰা হব বুলি ভাবি থকা আলি বক্সে ছোৱালী জন্ম হোৱাত যথেষ্ট হতাশ হৈছিল। [6] তেওঁ আছিল মাক-দেউতাকৰ দ্বিতীয় জীয়ৰী। খুৰচীদ জুনিয়ৰ তেওঁৰ বায়েক আৰু মহলিকা বা মধু ভনীয়েক আছিল। [6] মধু বেবী মাধুৰী নামেৰে প্ৰখ্যাত এজনী শিশুশিল্পী আছিল। [6] মীনা কুমাৰীৰ প্ৰসৱৰ সময়ত ডাক্তৰৰ খৰচ যোগাৰ কৰিব নোৱাৰি তেওঁক এটা অনাথ গৃহত সমৰ্পন কৰাৰ মন মেলিছিল। কেই ঘণ্টামান পাছত যেনিবা দেউতাৰ মন ঘূৰাত কেঁচুৱা মীনাক ঘৰলৈ লৈ আহিল।

অলপ ডাঙৰ হোৱাৰ পিছত মাক-দেউতাকে তেওঁক লৈ কামৰ সন্ধানত ষ্টুডিঅ’ই ষ্টুডিঅ’ই ঘূৰি ফুৰিবলৈ ধৰিলে, যদিও তেওঁৰ অভিনয়ৰ প্ৰতি আগ্ৰহ নাছিল আৰু পঢ়া-শুনাৰ প্ৰতিহে বেছি মন আছিল।[7][8] পৰিচালক বিজয় ভাটে মীনাক ফৰজন্দে ৱতন (১৯৩৯) ছবিৰ বাবে ২৫টকা পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তি কৰালে।[9]

চলচ্চিত্ৰ পঞ্জী[সম্পাদনা কৰক]

  • গোমতী কি কিনাৰে (১৯৭২)
  • গঙ্গা
  • পাকিজা (১৯৭২)
  • দুচমন (১৯৭১)
  • মালতি
  • মেৰা অপনা (১৯৭১)
  • আনন্দী দেৱী
  • সীমা (১৯৭১)
  • জবাব (১৯৭০)
  • বিদ্যা
  • সাত ফিৰি (১৯৭০)
  • অভিলাষ (১৯৬৮)
  • বাহাৰো কি মঞ্জিল (১৯৬৮)
  • বহু বেগম (১৯৬৭)
  • চন্দন কা পালনা (১৯৬৭)
  • মঝলি দিদি (১৯৬৭)
  • নূৰজাহান (১৯৬৭)
  • পিঞ্জৰে কি পঞ্চী (১৯৬৬)
  • ফুল ঔৰ পত্থৰ (১৯৬৬)
  • ভিগি ৰাত (১৯৬৫)
  • চি.আই.ডি. (১৯৬৫)
  • কাজল (১৯৬৫)
  • পূৰ্ণিমা (১৯৬৫)
  • চিত্ৰলেখা (১৯৬৪)
  • গজল (১৯৬৪)
  • সাঝ ঔৰ সবেৰা (১৯৬৪)
  • মেঁই ভি লড়কী হুঁ (১৯৬৪)
  • বেনজিৰ (১৯৬৪)
  • অকেলি মত যাইয়ো (১৯৬৩)
  • দিল এক মন্দিৰ (১৯৬৩)
  • কিনাৰে কিনাৰে (১৯৬৩)
  • আৰতি (১৯৬২)
  • মেঁই চুপ ৰহুংগা (১৯৬২)
  • চাহিব বিবি ঔৰ গুলাম (১৯৬২)
  • প্যাৰ কা সাগৰ (১৯৬১)
  • জিন্দেগী ঔৰ খোৱাব (১৯৬১)
  • বাহানা (১৯৬০)
  • কহিনূৰ (১৯৬০)
  • দিল পনা ঔৰ প্ৰীত পৰায়ে (১৯৬০)
  • চিৰাগ কাহাঁ ৰোচনী কাহাঁ (১৯৫৯)
  • জাগিৰ (১৯৫৯)
  • মধু (১৯৫৯)
  • সত্তা বাজাৰ (১৯৫৯)
  • সৰাৰত (১৯৫৯)
  • অৰ্ধাঙ্গিনী (১৯৫৯)
  • চান্দ (১৯৫৯)
  • ফোৰ ফেচেজ অফ ইণ্ডিয়া (১৯৫৯)
  • ফৰিস্তা (১৯৫৮)
  • চবেৰা (১৯৫৮)
  • ইহুদী (১৯৫৮)
  • চাহাৰা (১৯৫৮)
  • মিচ মেৰী (১৯৫৭)
  • সাৰদা (১৯৫৭)
  • বন্ধন (১৯৫৬)
  • হালাকু (১৯৫৬)
  • নয়া আন্দাজ (১৯৫৬)
  • সতৰঞ্জ (১৯৫৬)
  • এক হি ৰাস্তা (১৯৫৬)
  • মেম চাহেব (১৯৫৬)
  • আজাদ (১৯৫৫)
  • বন্দিশ (১৯৫৫)
  • আদিল ই জাহাঙ্গিৰ (১৯৫৫)
  • ৰুকচানা (১৯৫৫)
  • চান্দনী চ'ক (১৯৫৪)
  • ইলজাম (১৯৫৪)
  • পৰিণীতা (১৯৫৩)
  • দানা পানী (১৯৫৩)
  • ফুটপাথ (১৯৫৩)
  • দো বিঘা জামিন (১৯৫৩)
  • দি ফিঁয়াসে (১৯৫৩)
  • আলাদিন এণ্ড দি ৱণ্ডাৰফুল ল্যাম্প (১৯৫২)
  • বেইজু বাৱৰা (১৯৫২)
  • তামাশা (১৯৫২)
  • হনুমান পাতাল বিজয় (১৯৫১)
  • লক্ষ্মী নাৰায়ন (১৯৫১)
  • চনম (১৯৫১)
  • অনমোল ৰতন (১৯৫০)
  • হামাৰা ঘৰ (১৯৫০)
  • প্ৰাউড (১৯৫০)
  • শ্ৰী গণেশ মহিমা (১৯৫০)
  • বিছড়ে বলম (১৯৪৮)
  • পিয়া ঘৰ আয়া (১৯৪৭)
  • বচ্ছো কা খেল (১৯৪৬)
  • দুনিয়া এক সাৰাই (১৯৪৬)
  • লাল হাভেলি (১৯৪৪)
  • প্ৰতিজ্ঞা (১৯৪৩)
  • গৰীব (১৯৪২)
  • বহেন (১৯৪১) (বেবী মিনা)
  • কচৌটি (১৯৪১) (বেবী মিনা)
  • নয়ী ৰোচনী (১৯৪১)
  • এক হি ভুল (১৯৪০)
  • পূজা (১৯৪০)
  • ফৰজন্দে ৱতন (১৯৩৯)

পৰৱৰ্তী জীৱন[সম্পাদনা কৰক]

চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ কামাল আমৰোহীৰ সৈতে তেওঁৰ বিয়া হয়। আমৰোহীয়ে মুঠ চাৰিবাৰ বিয়া কৰাইছিল। মীনা কুমাৰী আছিল তেওঁৰ তৃতীয় পত্নী। আমৰোহীয়ে তেওঁক তামাচা নিৰ্মাণ কৰি থকা সময়ত লগ পাইছিল।অভিনেতা অশোক কুমাৰে দুয়োকো চিনাকী কৰাই দিছিল। প্ৰথমে প্ৰেম আৰু ১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত একেবাৰে অনুষ্ঠুপীয়াকৈ দুয়োৰো বিবাহ অনুষ্ঠিত হয়। দুয়োৰ বিবাহ ১১ বছৰ স্থায়ী হৈছিল। সেই সময়ত মীনা কেৰিয়াৰৰ চূড়ান্ত পৰ্যায়ত আছিল। দুয়োৰো মাজত সংঘাত আৰম্ভ হোৱাত বেলেগে থকাৰ সিদ্ধান্ত ল’লে আৰু অৱশেষত ১৯৬৪ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়।[10]

অতিপাত সুৰা সেৱন কৰা মীনাৰ ১৯৬৮ চনত লিভাৰ চিৰ’চিচ ৰোগ ধৰা পৰে। পাকিজা ছবিখনৰ মুক্তিৰ তিনি সপ্তাহ পিছতে তেওঁৰ শাৰীৰিক অৱস্থা অতিপাত বেয়া হোৱাত চেইণ্ট এলিজাবেথ নাৰ্চিং হোমত ভৰ্তি কৰা হয়। ১৯৭২ চনৰ ৩১ মাৰ্চত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ।[10]

তথ্য উৎস[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]