কংগনা ৰাণাৱত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কংগনা ৰাণাৱত

কান চলচ্চিত্ৰ মহোৎসৱত ৰাণাৱত, ২০১৯
জন্ম কংগনা অমৰদীপ ৰাণাৱত
২৩ মাৰ্চ, ১৯৮৭ (৩৭ বছৰ)
মাণ্ডি জিলা, হিমাচল প্ৰদেশ, ভাৰত
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ২০০৬-বৰ্তমানলৈ

কংগনা অমৰদ্বীপ ৰানাৱত [1][2] (ইংৰাজী: Kangna Amardeep Ranaut; জন্ম: ২৩ মাৰ্চ ১৯৮৭) [3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। নাৰী কেন্দ্ৰিক চলচ্চিত্ৰত দৃঢ়মনৰ অগতানুগতিক নাৰী চৰিত্ৰ চিত্ৰিত কৰাৰ বাবে বিশেষভাবে পৰিচিত, ৰাণাৱতে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। লগতে ফৰ্বছ ইণ্ডিয়াৰ ‘চেলিব্ৰিটি ১০০’ তালিকাত তেওঁ ছবাৰকৈ স্থান পাইছে। ২০২০ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰে।

ষোল্ল বছৰ বয়সত নাট্ পৰিচালক অৰবিন্দ গৌৰৰ অধীনত প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ৰাণাৱটে কম সময়ৰ বাবে মডেলিঙতো জড়িত হৈ পৰিছিল। [4] ২০০৬ চনৰ থ্ৰিলাৰ ছবি গেংষ্টাৰৰ যোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। ছবিখনে তেওঁলৈ প্ৰথম ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰে। [5] ৱো লমহে (২০০৬),লাইফ ইন এ মেট্ৰো (২০০৭) আৰু ফেশ্বনত (২০০৮) তীব্ৰ সংবেদনশীল নাৰী চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়। [6] [7] ইয়াৰে শেষৰখন ছবিৰে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনে। ব্যৱসায়িকভাৱে সফল ছবি ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজ (২০০৯) আৰু ওৱানছ্ আপন এ টাইম ইন মুম্বাই (২০১০) ছবিত অভিনয় কৰিছিল যদিও নিউৰ’টিক চৰিত্ৰত একঘেয়েমী অভিনয়ৰ বাবে সমালোচিতও হৈছিল। তনু ৱেডছ মনুত (২০১১) এটা কমিক চৰিত্ৰত অভিনয় কৰি ভাল সমাদৰ পাইছিল। অৱশ্যে ইয়াৰ পিছত চমু সময়ৰ বাবে গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰিও কেৰিয়াৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে। [8]

ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম কল্পবিজ্ঞান ছবি কৃষ ৩-ত মিউটেণ্টৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ উৰ্দ্ধমুখী হোৱাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ পিছত তেওঁ কমেডী ছবি কুইনত (২০১৪) এজনী পৰিত্যক্ত কইনাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে একেধাৰে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১৫-ত কমেডী ছিকুৱেল তনু ৱেডছ মনু ৰিটাৰ্নছ মুক্তি পায়; সৰ্বোচ্চ উপাৰ্জনকাৰী নাৰী প্ৰধান এই ছবিখনত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ব্যৱসায়িক ভাবে বিফল হ’বলৈ ধৰে আৰু তাৰকাৰ মৰ্যদা অৱনমিত হয়। এই সময়ছোৱাত তেওঁৰ একমাত্ৰ সফল উদ্যম আছিল জীৱনীভিত্তিক ছবি মণিকৰ্ণিকা: দ্য কুইন অৱ ঝান্সি (২০১৯); যিখন ছবিৰ তেওঁ সহ-পৰিচালকো আছিল। মণিকৰ্ণিকা: দ্য কুইন অৱ ঝান্সি আৰু পাংগাত কৰা অভিনয়ৰ বাবে তেওঁ যৌথভাবে চতুৰ্থটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়। পাংগাত তেওঁ এগৰাকী খেলুৱৈৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। [9]

২০২০ চনত ৰাণাৱতে মণিকৰ্ণিকা ফিল্মছ নামেৰে নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰে; যিটো প্ৰডাকচনত তেওঁ পৰিচালক আৰু প্ৰযোজক হিচাপে কাম কৰি আছে। প্ৰচাৰ মাধ্যমত তেওঁক অন্যতম উত্তম সাজ-পোছাক পৰিধান কৰা চেলিব্ৰিটি হিচাপে কৃতিত্ব দিয়া হৈছে। সোঁপন্থী মতাদৰ্শৰ সৈতে মিল থকা তেওঁৰ বক্তব্যসমূহৰ লগতে, তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কৰ মাজত সঘনাই হোৱা সংঘৰ্ষই বিতৰ্কৰ সৃষ্টি কৰিছে। [10] [11]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Manikarnika Films Private Limited Information on The Economic Times" (en ভাষাত). The Economic Times. https://economictimes.indiatimes.com/company/manikarnika-films-private-limited/U92412MH2012PTC236186। আহৰণ কৰা হৈছে: 2022-06-01. 
  2. "Kangana Ranaut is not as young as she claims?" (en ভাষাত). Deccan Chronicle. 2016-05-22. https://www.deccanchronicle.com/entertainment/bollywood/220516/kangana-ranaut-is-not-as-young-as-she-claims.html। আহৰণ কৰা হৈছে: 2022-06-01. 
  3. Goyal, Divya (18 January 2019). "Kangana Ranaut To Karni Sena on Manikarnika Row: I'm Rajput, Will Destroy You". NDTV.com. https://www.ndtv.com/entertainment/kangana-ranaut-to-karni-sena-on-manikarnika-row-im-rajput-will-destroy-you-1979536। আহৰণ কৰা হৈছে: 27 June 2021. 
  4. "Kangana Ranaut bares her soul". The Times of India. 29 October 2007. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Kangana-Ranaut-bares-her-soul/articleshow/2497438.cms?referral=PM. 
  5. "Kangana Ranaut new face of 2006". The Tribune. 25 December 2006. http://www.tribuneindia.com/2006/20061225/main8.htm. 
  6. "It was difficult to portray schizophrenia: Kangana". 19 September 2006. https://www.dnaindia.com/entertainment/report-it-was-difficult-to-portray-schizophrenia-kangana-1053978. 
  7. Jha, Subhash K. (13 October 2006). "Her moment". The Telegraph (India). http://www.telegraphindia.com/1061013/asp/etc/story_6861643.asp. 
  8. "Kangana Ranaut: Box Office Details and Filmography". Box Office India. Archived from the original on 18 September 2015. https://web.archive.org/web/20150918191957/http://www.boxofficeindia.com/Star_Cast/actor_detail/kangana_ranaut। আহৰণ কৰা হৈছে: 9 March 2014. 
  9. Pathak, Ankur (15 September 2018). "Sonu Sood Refused To Work Under A Woman Director, Says Kangana Ranaut After Actor Walked Out 'Manikarnika'". HuffPost. https://www.huffingtonpost.in/2018/08/31/sonu-sood-refused-to-work-under-a-woman-director-says-kangana-ranaut-after-actor-walked-out-of-the-film_a_23513755/. 
  10. Sengar, Shweta (4 February 2021). "Abuse, Mockery & Slut-Shaming: What Women Faced For Speaking Out Over Farmers' Protests" (en-IN ভাষাত). The Times of India. https://www.indiatimes.com/news/india/abuse-mockery-slut-shaming-what-women-face-for-speaking-out-over-farmers-protests-533579.html#highlight_37827. 
  11. Majumder, Abhijit (11 September 2020). "Kangana Ranaut is not a loose cannon, but a political silver bullet". Firstpost. https://www.firstpost.com/india/kangana-ranaut-is-not-a-loose-cannon-but-a-political-silver-bullet-8805761.html. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]