সমললৈ যাওক

ইন্দ্ৰানী হালদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দ্ৰানী হালদাৰ

ইন্দ্ৰানী হালদাৰ ২০১২ চনত
জন্ম ৬ জানুৱাৰী, ১৯৭১ (৫৫ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
শিক্ষানুষ্ঠান যোগমায়া দেৱী মহাবিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৬ চনৰ পৰা বৰ্তমানলৈ
উল্লেখযোগ্য কৰ্ম চলচ্চিত্ৰ: দহন (১৯৯৭)
অনু
বিয়েৰ ফুল
উচ্চতা ১৬৮ চেণ্টিমিটাৰ
দাম্পত্যসঙ্গী ভাস্কৰ ৰায়, অমৰেন্দ্ৰ ঘোষ
অংশীদাৰ সঞ্জীৱ দাশগুপ্ত

ইন্দ্ৰানী হালদাৰ (ইংৰাজী: Indrani Haldar; জন্ম: ৬ জানুৱাৰী ১৯৭১) বঙালী ভাষাৰ চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী।[1] তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা আৰু তিনিটা ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন (BFJA) বঁটা’ আৰু দুটা ‘আনন্দলোক বঁটা’ৰে সন্মানিত হৈছে। হালদাৰে জচন দস্তিদাৰ পৰিচালিত ১৯৮৬ চনত ‘তেৰ পাৰ্বন’ শীৰ্ষক বঙালী টেলিভিচন ধাৰাবাহিকেৰে অভিনয় জগতত পদাৰ্পন কৰিছে।[2] প্ৰসেনজিৎ চট্টোপাধ্যায়ৰ ১৯৯০ চনত মুক্তি পোৱা ছবি ‘মন্দিৰা’ৰ যোগে তেওঁ ৰূপালী পৰ্দাত প্ৰবেশ কৰে।[3] তেওঁ বহুতো চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিক আৰু টেলিফিল্মত অভিনয় কৰিছে আৰু বঙালী ধাৰাবাহিক ‘গোয়েন্দা গিন্নি’ৰে খ্যাতিৰ শিখৰ চুইছে।[4] হালদাৰ অভিনীত চলচ্চিত্ৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত কেইখনমান চলচ্চিত্ৰ হ’ল- ‘চৰাচৰ’, ‘দহন’, ‘অনু’, ‘সাঝবাটিৰ ৰূপকথৰা’, ‘ফাল্টু’, ‘তখন তেইশ’, ‘ময়ূৰাক্ষী’ আদি।[5]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ইন্দ্ৰানী হালৰৰ জন্ম কলকাতাত। দেউতাৰ নাম সঞ্জয় হালদাৰ। মাল্টিপাৰ্পোজ গাৰ্লচ্ স্কুলৰ পৰা বিদ্যালয় পৰ্যায়ৰ শিক্ষাগ্ৰহণ কৰে। কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ যোগমায়া দেৱী কলেদৰ পৰা তেওঁ স্নাতক উপাধি লয়। গুৰু থঙ্কমণি কুট্টীৰ ওচৰত শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

টেলিভিচন ধাৰাবাহিক ‘তেৰ পাৰ্বন’ত ইন্দ্ৰানীয়ে এজনী শিশুশিল্পীৰ চৰিত্ৰত অভিনয় কৰে আৰু অভিনয় জীৱনৰ পাতনি মেলে।[7] তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ হিন্দী ধাৰাবাহিকত অভিনয় কৰিবলৈ মুম্বাইত আছিল।[6]

তেওঁৰ উল্লেখনীয় কৰ্মৰাজিৰ ভিতৰত আছে- ‘বিয়েৰ ফুল’, যিখন ছবিত তেওঁ ৰাণী মুখাৰ্জীৰ সৈতে একেলগে অভিনয় কৰিছিল। অঞ্জন দাস পৰিচালিত ‘যাৰা বৃষ্টিতে ভিজেছিল’ আৰু ‘ফাল্টু’, শতৰূপা সান্যাল পৰিচালিত ‘অনু’, অতনু ঘোষ পৰিচালিত ‘তখন তেইশ’, গৌতম ঘোষ পৰিচালিত ‘দেখা’, শক্তি সামন্ত পৰিচালিত ‘দেৱদাস’, বুদ্ধদেৱ দাশগুপ্ত পৰিচালিত ‘লাল দৰ্জা’, বীৰেশ চট্টোপাধ্যায় পৰিচালিত ‘নিলীময় নীল’, প্ৰভাত ৰায় পৰিচালিত ‘শ্বেত পাথৰেৰ থালা’ আদি ছবিৰ অভিনয়ৰ দ্বাৰা তেওঁক জনা যায়, তেওঁৰ ‘বিয়েৰ ফুল’, প্ৰেম সংঘাত’, ‘অন্তৰতম’, ‘বৰ কনে’, ‘চৌধুৰী পৰিবাৰ’, ‘জয়-বিজয়’, ‘আপোন হল পৰ’, ‘ঘৰেৰ লক্ষ্মী’, ‘নয়নেৰ আলো’, ‘সত্যম শিৱম সুন্দৰ’, ‘মন্দিৰা’, ‘বিশ্বাস অবিশ্বাস’, ‘চৈকত সঙ্গীত’, ‘সাগৰ বন্যা’, ‘জামাইবাবু’, ‘শেষ আশ্ৰয়’ আদি ছবি ব্যৱসায়িকভাবে সফল হৈছে। তেওঁ প্ৰধানকৈ প্ৰসেনজিত চেতাৰ্জী, তাপস পাল, চিৰঞ্জীত চক্ৰৱৰ্তী, অভিষেক চেতাৰ্জী, ভাস্কৰ বেনাৰ্জী, সঞ্জীৱ দাশগুপ্ত আদি অভিনেতাৰ বিপৰীতে দেখা যায়। তেওঁ মিথনু চক্ৰৱৰ্তীৰ সৈতে হিন্দী ছবি ‘ভৈৰৱ’তো অভিনয় কৰিছে।[6][1]

তেওঁ ‘ষ্টাৰ জলচা’ত সম্প্ৰচাৰিত ধাৰাবহিক ‘শ্ৰীময়ী’ত মূল ভূমিকাত অভিনয় কৰিছে।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Indrani Haldar movies, filmography, biography and songs - Cinestaan.com". Cinestaan. Archived from the original on 2019-04-02. https://web.archive.org/web/20190402184831/https://www.cinestaan.com/people/indrani-haldar-20729 আহৰণ কৰা হৈছে: 2019-04-07.
  2. "বাংলাৰ ঘৰে ঘৰে ‘তেৰো পাৰ্বণ’ - Anandabazar" (বঙালী ভাষাত). anandabazar.com. https://www.anandabazar.com/supplementary/rabibashoriyo/ব-ল-ৰ-ঘৰ-ঘৰ-ত-ৰ-প-ৰ-বণ-1.121643 আহৰণ কৰা হৈছে: 2021-01-06.
  3. "Four much fun". www.telegraphindia.com. https://www.telegraphindia.com/entertainment/four-much-fun/cid/1424338 আহৰণ কৰা হৈছে: 2021-01-06.
  4. "‘শাশুড়িদেৰ ট্যাঁকে পুৰতে হলে ৰসে-বশে ৰাখ’" (বঙালী ভাষাত). anandabazar.com. https://www.anandabazar.com/entertainment/interview-of-goyenda-ginni-actress-indrani-haldar-dgtl-1.315465 আহৰণ কৰা হৈছে: 2021-01-06.
  5. "সামাজিক বাৰ্তাতেই এখনও ৰাজেন্দ্ৰাণী" (বঙালী ভাষাত). EI Samay. Archived from the original on 2021-01-09. https://web.archive.org/web/20210109042828/https://eisamay.indiatimes.com/entertainment/cinema/actress-indrani-halder-still-ruling-the-industry-at-her-own-terms/articleshow/78168590.cms আহৰণ কৰা হৈছে: 2021-01-06.
  6. 1 2 3 Rafi Hossain (2015-01-13). "INDRANI HALDAR BENGAL AND BEYOND". The Daily Star (Bangladesh). Archived from the original on 2015-01-13. https://web.archive.org/web/20150113064321/http://www.thedailystar.net/showbiz/indrani-haldar-bengal-and-beyond-5895 আহৰণ কৰা হৈছে: 2015-01-13.
  7. Chatterji, Shoma A.. "Star, Artist". Rediff. http://www.rediff.com/entertai/1999/aug/11ind.htm আহৰণ কৰা হৈছে: 2007-03-20.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]