কিৰণ খেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিৰণ খেৰ

ইণ্ডিয়ান টেলিএৱাৰ্ডছত খেৰ, ২০১২
লোকসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মে' ২০১৪
পূৰ্বসূৰী পৱন কুমাৰ বানচাল
উত্তৰসূৰী পদস্থ
সমষ্টি চণ্ডীগড় লোকসভা সমষ্টি
সংখ্যা গৰিষ্ঠতা ৬৯,৬৪২ (১৫.৪০%)
ব্যক্তিগত তথ্য
জন্ম
কিৰণ ঠাকুৰ সিং সন্ধু

১৪ জুন, ১৯৫২ (৭১ বছৰ)
বাংগালোৰ, মহীশুৰ ষ্টেট, ভাৰত[1]
নাগৰিকত্ব ভাৰতীয়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী গৌতম বেৰী (বি. ১৯৭৯; বিবি. ১৯৮৫)
অনুপম খেৰ (বি. ১৯৮৫)
সন্তান ছিকন্দৰ খেৰ (পুত্ৰ)
বাসস্থান
পেচা ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক

কিৰণ অনুপম খেৰ (ইংৰাজী: Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৪ জুন ১৯৫২-ত কিৰণ ঠাকাৰ সিং সন্ধুৰ মহীশুৰ ষ্টেটৰ বাংগালোৰত এটা পাঞ্জাবী জাট শিখ পৰিয়ালত জন্ম হৈছিল। তেওঁ চণ্ডীগড়ত ডাঙৰ-দীঘল হৈছিল।[3] গৌতম বেৰীৰ সৈতে প্ৰথম বিবাহ হোৱাৰ পিছত তেওঁক কিৰণ বেৰী বুলি জনা গৈছিল। পিছত অনুপম খেৰৰ সৈতে দ্বিতীয় বিবাহ হোৱাৰ পিছত তেওঁ কিৰণ ঠাকাৰ সিং খেৰ নামেৰে পৰিচিত হয়। কিন্তু নিউমাৰ’ল’জীত তেওঁৰ গভীৰ আস্থা আছিল আৰু সেয়ে ২০০৩ চনত নিজৰ নামটো ইংৰাজীত Kirron Kherলৈ[4] পৰিবৰ্তন কৰি লয়।[5]

তেওঁৰ এজন ভায়েক আৰু দুজনী ভনীয়েক আছে। ভায়েক শিল্পী অমৰদীপ সিং সন্ধু ২০০৩ চনত ঢুকায়। এজনী ভনীয়েক কাঁৱাল ঠাকাৰ কৌৰ বেডমিণ্টন খেলুৱৈ আৰু অৰ্জুন বঁটা প্ৰাপক। আনজনী ভনীয়েক চৰণজিত কৌৰ সন্ধু ভাৰতীয় নৌসেনা বিষয়া এজনৰ পত্নী। কিৰণে প্ৰথম মধ্যপ্ৰদেশৰ জব্বলপুৰত স্কুললৈ যায় আৰু স্কুলীয়া শিক্ষাৰ সামৰণি মাৰে চণ্ডীগড়ত। থিয়েটাৰ বিষয়ত তেওঁ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ স্নাতক।[6]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কিৰণে ১৯৭৯-ৰ মাৰ্চত মুম্বাইৰ এজন ব্যৱসায়ী গৌতম বেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যুগ্মজীৱনৰ সাক্ষী স্বৰূপে এটা পুত্ৰ সন্তানৰ জন্ম হয়; তেওঁৰ নাম ছিকন্দৰ খেৰ।[7] আশীৰ দশকত মুম্বাই চলচ্চিত্ৰ উদ্যোগত প্ৰতিষ্ঠিত হ’বলৈ কিৰণে প্ৰচেষ্টা চলায় যদিও সফল নহয়। প্ৰযোজকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে আৰু তেনেকুৱা সময়তে তেওঁৰ সম্পৰ্ক হয় চণ্ডীগড় বিশ্ববিদ্যালয়তে সামান্য চিনা-জনা থকা অনুপম খেৰৰ সৈতে। অনুপম খেৰেও সেই সময়ত প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম চলাই আছিল। ১৯৮৫ চনত দুয়ো চান্দপুৰী কী চম্পাবাই নামৰ এখন নাটকত একেলগে অভিনয় কৰে। অনুপম খেৰে সাৰাংশ নামৰ চলচ্চিত্ৰখনত সফলতা পোৱাৰ পিছত কিৰণৰ প্ৰথম স্বামীৰ সৈতে বিবাহ-বিচ্ছেদ হয়।[8]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮৩ চনত কিৰণে পাঞ্জাবী চলচ্চিত্ৰখন আছৰা প্যাৰ দা প্ৰথম চলচ্চিত্ৰত অভিনয় কৰে। ১৯৯৬ চনলৈ তেওঁ মাত্ৰ পেষ্টনজী (১৯৮৭) নামৰ এখন ছবিতহে অভিনয় কৰে; য’ত তেওঁ দ্বিতীয় স্বামী অনুপম খেৰৰ সৈতে এটা সৰু চৰিত্ৰত ভূমুকি মাৰিছিল।[9] ১৯৯০ দশকৰ মাজভাগত তেওঁ জাভেদ চিদ্দিকি ৰচিত আৰু ফিৰোজ আব্বাচ খান পৰিচালিত চালগিৰা নামৰ মঞ্চনাটখনৰ যোগেদি অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছতে তেওঁ জি-টিভিৰ কম সময়ৰ বাবে সম্প্ৰচাৰ হোৱা পুৰুষক্ষেত্ৰৰে আৰম্ভ কৰি তিনিটা টেলিভিচন শ্বো হোষ্ট কৰে।[10]

শ্যাম বেনেগালৰ চৰ্দাৰী বেগম (১৯৯৬) ছবিখনেৰে তেওঁ চলচ্চিত্ৰলৈ উভতি আহে। এই ছবিখন কৰা অভিনয়ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা লাভ কৰে।তাৰপিছতে তেওঁ অভিনয় কৰে ঋতুপৰ্ণ ঘোষৰ বঙালী ছবি বাৰীৱালীত (১৯৯৯); যিখন ছবিয়ে সমালোচকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। যেতিয়া তেওঁ এই ছবিখনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা পায়, বঙালী অভিনেত্ৰী ৰীতা কৈৰালে দাবী কৰে যে কিৰণৰ চৰিত্ৰটো তেওঁহে ডাব কৰিছিল। গতিকে তেৱোঁ বঁটাটোৰ সমান দাবীদাৰ। ২০০২ চনত কিৰণে দেৱদাসত ভূমুকি মাৰে আৰু শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।[11]

সামাজিক-ৰাজনৈতিক কাৰ্যকলাপ[সম্পাদনা কৰক]

কিৰণ খেৰ কন্যাভ্ৰুণ হত্যাৰ বিৰুদ্ধে প্ৰচাৰাভিযান চলোৱা লাডলী আৰু কৰ্কট ৰোগ সম্পৰ্কে সচেতনা বৃদ্ধিৰ প্ৰয়াস চলোৱা ৰোকো কেনচাৰ নামৰ সামজিক সংগঠনৰ সৈতে জড়িত।[12] ২০০৯ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০১৪ আৰু ২০১৯-ৰ লোকসভা নিৰ্বাচনত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা জয়ী হয়।[13]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Members : Lok Sabha". http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=4775। আহৰণ কৰা হৈছে: 5 August 2019. 
  2. "Election results: BJP's Kirron Kher wins from Chandigarh, Naveen Jindal finishes third - Times of India ►". The Times of India. https://timesofindia.indiatimes.com/news/Election-results-BJPs-Kirron-Kher-wins-from-Chandigarh-Naveen-Jindal-finishes-third/articleshow/35213795.cms। আহৰণ কৰা হৈছে: 18 May 2020. 
  3. "Members : Lok Sabha". http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=4775। আহৰণ কৰা হৈছে: 5 August 2019. 
  4. "Always there, from tiny steps to big leaps". http://cities.expressindia.com/fullstory.php?newsid=17407। আহৰণ কৰা হৈছে: 29 November 2008.  Indian Express, 12 May 2002.
  5. "Shifting roles, yet 'keeping it real'" (en ভাষাত). Hindustan Times. 3 April 2014. https://www.hindustantimes.com/chandigarh/shifting-roles-yet-keeping-it-real/story-uY0Xn00Sw5k56LMZClRI6O.html। আহৰণ কৰা হৈছে: 4 June 2019. 
  6. "Anupam Kher visits dept of theatre, remembers old days - Times of India". The Times of India. https://timesofindia.indiatimes.com/news/Anupam-Kher-visits-dept-of-theatre-remembers-old-days/articleshow/33529743.cms। আহৰণ কৰা হৈছে: 24 May 2020. 
  7. "Second Time Lucky In Love: A Beautiful Love Story Of Anupam Kher And Kirron Kher". BollywoodShaadis. https://www.bollywoodshaadis.com/articles/a-beautiful-love-story-of-anupam-kher-and-kirron-kher-6373। আহৰণ কৰা হৈছে: 16 May 2020. 
  8. "Once more, with feeling". Archived from the original on 10 December 2008. https://web.archive.org/web/20081210062753/http://www.desimatch.com/desi-planet/desi-archive/magazine25b.html। আহৰণ কৰা হৈছে: 20 September 2009. . desimatch.com
  9. The Making of Neoliberal India: Nationalism, Gender, and the Paradoxes of Globalization, by Rupal Oza, Published by CRC Press, 2006. আই.এচ.বি.এন. 0-415-95186-0. Page 63.
  10. 56th Locarno International Film Festival in Switzerland Archived 5 September 2008 at the Wayback Machine The Tribune, 18 August 2003.
  11. "Members : Lok Sabha". http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=4775। আহৰণ কৰা হৈছে: 5 August 2019. 
  12. "Kirron Kher prefers social work to politics". DNA. 10 October 2007. http://www.dnaindia.com/entertainment/report-kirron-kher-prefers-social-work-to-politics-1126684. 
  13. "Kirron Kher wins Chandigarh". The Indian Express. 16 May 2014. http://indianexpress.com/article/india/politics/kirron-kher-wins-chandigarh/। আহৰণ কৰা হৈছে: 16 May 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

External links[সম্পাদনা কৰক]