সমললৈ যাওক

ৰবীনা টেণ্ডন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীনা টেণ্ডন

টেণ্ডন, ২০২১
জন্ম ২৬ অক্টোবৰ, ১৯৭২ (৫৩ বছৰ)[1][2]
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯১-বৰ্তমানলৈ
দাম্পত্যসঙ্গী অনিল থান্দানি (বি. ২০০৪)
সন্তান

ৰবীনা টেণ্ডন (ইংৰাজী: Ravena Tandon ; জন্ম: ২৬ অক্টোবৰ ১৯৭২) হিন্দী ছবিৰ বহুধা প্ৰতিভাসম্পন্ন এগৰাকী অভিনেত্ৰী। তেওঁ পৰিচালক ৰবি টেণ্ডনৰ কন্যা। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা তেওঁ লাভ কৰিছে। ২০২৩ চনত ৰবীনাক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

১৯৯১ চনত মুক্তি পোৱা একচন চলচ্চিত্ৰ পাত্থৰ কে ফুলৰ যোগে চলচ্চিত্ৰ অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু নিউ ফেচ অফ দ্য ইয়েৰ শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰে। ব্যৱসায়িকভাৱে সফল একচন ছবি দিলৱালে (১৯৯৪), মোহৰা (১৯৯৪),খিলাড়ীয়োঁ কা খিলাড়ী (১৯৯৬), আৰু জিদ্দিত (১৯৯৭) মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰি টেণ্ডনে নিজকে প্ৰতিষ্ঠা কৰে।[3]

১৯৯৪ চনৰ ড্ৰামাফিল্ম লাদলাত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন পায় আৰু ১৯৯০ চনৰ শেষৰ ফালে গোবিন্দৰ সৈতে বড়ে মিঞা ছোটে মিঞা (১৯৯৮),দুলহে ৰাজা (১৯৯৮), আনাড়ী নাম্বাৰ ৱান (১৯৯৯) আদি বহুকেইখন সফল কমেডী ছবিত অভিনয় কৰে। তেওঁ অপৰাধমূলক ছবি গুলাম-ই-মুস্তাফা (১৯৯৭) আৰু শুলত (১৯৯৯) ব্যতিক্ৰমী চৰিত্ৰতো অভিনয় কৰিছিল।

২০০০ৰ দশকত টেণ্ডনে দমন (২০০১) আৰু অকছ্ (২০০১) ছবিৰ যোগে কলাত্মক ছবিতো জড়িত হয় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। প্ৰথমখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দ্বিতীয়খনৰ বাবে ফিল্মফেয়াৰ স্পেচিয়েল পাৰফৰমেঞ্চ বঁটা পাবলৈ সক্ষম হয়। ছবি বিতৰক অনিল থাদানীৰ সৈতে বিবাহৰ পিছত টেণ্ডনে ছবি জগতৰ পৰা বিৰতি লৈছিল। সাময়িক বিৰতিৰ পিছত তেওঁ ছাহাৰা ৱান ড্ৰামা চাহিব বিৱি গুলাম (২০০৪),ডান্স ৰিয়েলিটি শ্ব’ , চক দে বচ্ছে (২০০৮) আৰু টক শ্ব’ ইসী কা নাম জিন্দেগী (২০১২) আৰু চিম্পলি বেটীয়েঁ উইথ ৰবীনা (২০১৪) আদি টিভি অনুষ্ঠানত তেওঁক দেখা যায়। কেইবা বছৰৰ বিৰতিক মূৰত টেণ্ডনে থ্ৰিলাৰ মাতৰত (Maatr) (২০১৭) মূল ভূমিকাত আৰু কে.জি.এফ: চেপ্টাৰ-২ত (২০২২) সহযোগী চৰিত্ৰত অভিনয় কৰে।[4] ২০২১ চনত নেটফ্লিক্সৰ অপৰাধ থ্ৰিলাৰ ৱেব ধাৰাবাহিক আৰণ্যকৰ অভিনয়ৰ বাবে তেওঁ প্ৰশংসিত হয়।[5]

টেণ্ডন এগৰাকী পৰিৱেশক কৰ্মীও আৰু ২০০২ চনৰ পৰা তেওঁ PETA-ৰ সৈতে কাম কৰি আহিছে। টেণ্ডনৰ চাৰিটা সন্তান; ইয়াৰে দুটা দত্তক আৰু দুটা নিজৰ স্বামীৰ ফালৰ।

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

১৯৯২: নিউ লাক্স ফেচ অফ দ্য ইয়েৰ ফিল্মফেয়াৰ বঁটা (লাদলা)। [6]
২০০১: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (দমন)। [7]
২০০২: ফিল্মফেয়াৰ স্পেচিয়েল পাৰফৰমেঞ্চ এৱাৰ্ড (অকছ্)। [8]
২০২৩: কলা শিতানত পদ্মশ্ৰী

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Raveena Tandon". Rediff.com. https://www.rediff.com/movies/2002/nov/13pop.htm আহৰণ কৰা হৈছে: 18 December 2021.
  2. "Raveena Reveals Her True Age | Raveena Tandon| JioTalks". JioTalks. https://www.youtube.com/watch?v=WyVnAs45LVE আহৰণ কৰা হৈছে: 27 May 2022.
  3. "Top Actresses". Box Office India. Archived from the original on 17 October 2013. https://web.archive.org/web/20131017104803/http://boxofficeindia.com/cpages.php?pageName=top_actress আহৰণ কৰা হৈছে: 28 November 2021.
  4. Kumar, Anuj (21 December 2021). "'Aranyak' season one review: Raveena Tandon aces Netflix whodunit, aided by the fantastic writing". The Hindu. https://www.thehindu.com/entertainment/movies/aranyak-season-one-review-raveena-tandon-aces-netflix-whodunit-aided-by-the-fantastic-writing/article38003206.ece.
  5. Parkar, Shaheen (8 September 2012). "Raveena and cousin Manjari have their films screened on the same day" (en ভাষাত). Mid-Day. Archived from the original on 7 July 2019. https://web.archive.org/web/20190707042240/https://www.mid-day.com/articles/raveena-and-cousin-manjari-have-their-films-screened-on-the-same-day/180557.
  6. "Raveena Tandon shares daughter's boxing video, says no one messes with her little Mary Kom" (en ভাষাত). Hindustan Times. 4 January 2019. https://www.hindustantimes.com/bollywood/raveena-tandon-shares-daughter-s-boxing-video-says-no-one-messes-with-her-little-mary-kom/story-ikP7ZGCLSCvYTd5WiUE5CO.html.
  7. Patthar Ke Phool Awards: List of Awards won by Hindi movie Patthar Ke Phool, https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/patthar-ke-phool/movieawards/61332369.cms, আহৰণ কৰা হৈছে: 22 October 2020
  8. "rediff.com: Raveena Tandon wins the National Award in Real Audio". Rediff. https://m.rediff.com/broadband/2001/mar/29lead.htm আহৰণ কৰা হৈছে: 22 October 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]