সোনাক্ষী সিন্‌হা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সোনাক্ষী সিন্‌হা

মিছন মংগলৰ প্ৰচাৰ অভিযানৰ সময়ত অভিনেত্ৰী সোনাক্ষী সিন্‌হা
জন্ম ২ জুন, ১৯৮৭ (৩৪ বছৰ)[1]
পাটনা, বিহাৰ, ভাৰত
শিক্ষানুষ্ঠান এছএনডিটি মহিলা বিশ্ববিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • গায়িকা
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান
পিতৃ-মাতৃ পুনম সিন্‌হা
শত্ৰুঘ্ন সিন্‌হা
আত্মীয়-স্বজন লাভ সিন্‌হা (ভ্ৰাতৃ)


সোনাক্ষী সিন্‌হা (উচ্চাৰণ: [soːnaːkʂi sɪnɦa]; (ইংৰাজী: Sonakshi Sinha), জন্ম-২ জুন, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী আৰু গায়িকা৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷[2] কেৰিয়াৰৰ আৰম্ভণিতে সোনাক্ষীয়ে সাজসজ্জা পৰিকল্পক হিচাপে কাম কৰে৷ ২০১০ চনত মুক্তিপ্ৰাপ্ত হিন্দী একছন-ড্ৰামা "ডাবাং" আছিল সিন্‌হাৰ দ্বাৰা অভিনীত প্ৰথমখন ছবি৷ ছবিখনত তেখেতে ছলমান খানৰ বিপৰীতে অভিনয় কৰে৷ ছবিখনত অভিনয়ৰ জৰিয়তে সিন্‌হাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ শিতানত বিজয়ীৰ বঁটা লাভ কৰে৷ [3]

বক্স-অফিচত সফলতা লাভ কৰা বহুকেইখন একছন-ড্ৰামা ছবিত সোনাক্ষী সিন্‌হাই শীৰ্ষ নাৰীৰ চৰিত্ৰ ৰূপায়ন কৰে৷ তাৰে ভিতৰত ৰাওদী ৰাথোড় (২০১২), ছন অৱ ছৰ্ডাৰ (২০১২), ডাবাং ২ (২০১২) আৰু হলিডে: এ ছলজাৰ ইজ নেভাৰ অফ ডিউটি (২০১৪) হৈছে অন্যতম৷ এইসমূহ ছবিত সিন্‌হাই অভিনয় কৰিছিল যদিও সমালোচকৰ পৰা বৰকৈ প্ৰশংসা লাভ কৰা নাছিল৷ তাৰ পৰিৱৰ্তে চৰিত্ৰসমূহৰ অভিনয়ৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে তেখেতে নেতিবাচক প্ৰতিক্ৰিয়াৰহে পাত্ৰী হৈছিল৷ পিছে ২০১৩ চনত মুক্তিলাভ কৰা ৰোমাণ্টিক ড্ৰামা লুটেৰাৰ জৰিয়তে সোনাক্ষী সিন্‌হাই নিজৰ প্ৰতিভাৰ উজ্জ্বলতা প্ৰদৰ্শন কৰে আৰু দৰ্শক আৰু সমালোচকৰ উভয়ৰে পৰা ইতিবাচক মন্তব্য লাভ কৰে৷ এইখন ছবিত অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰো মনোনয়ন লাভ কৰে৷[4][5][6] ইয়াৰ পিছত তেখেতে কিছুমান ব্যৱসায়িকভাৱে বিফল হোৱা ছবিত অভিনয় কৰে৷ ২০১৯ চনত সোনাক্ষীক দেখা যায় মহাকাশ-ড্ৰামা ছবি "মিছন মংগল"ত৷ ছবিখনত সহযোগী অভিনেত্ৰী হিচাপে কাম কৰি সোনাক্ষীয়ে দৰ্শকৰ পৰা প্ৰশংসা আদায় কৰে৷[7]

অভিনয়ৰ উপৰি সোনাক্ষী সিন্‌হাই ২০১৫ চনৰ ছবি টেৱৰত ইমৰাণ খানৰ গীত লেটছ ছেলেব্ৰেটৰ কিছু অংশত কণ্ঠদান কৰে৷ সোনাক্ষীয়ে "আজ মুড ইছকহলিক হ্যেয়" গীতটোতো কণ্ঠদান কৰিছে৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৮৭ চনৰ ২ জুনত বিহাৰৰ পাটনাত সোনাক্ষী সিন্‌হাৰ জন্ম হৈছিল৷[1] তেখেতৰ পিতৃ হৈছে ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম তাৰকা শত্ৰুঘ্ন সিন্‌হা আৰু মাতৃ হৈছে পুনম সিন্‌হা৷ পিতৃ হৈছে বিহাৰী কায়স্থ সম্প্ৰদায়ৰ আৰু মাতৃ হৈছে হিন্দু সিন্ধী জাত্যাংশৰ৷[8] তেখেতৰ পিতৃয়ে ভাৰতীয় জনতা দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷[1][9] ২০১৯ চনত তেখেত কংগ্ৰেছ দলৰ লগত চামিল হয়৷ তেওঁলোকৰ পৰিয়ালৰ তিনিটি সন্তানৰ ভিতৰত সোনাক্ষী হৈছে কনিষ্ঠতম৷ লাভ সিন্‌হা আৰু কুশ সিন্‌হা হৈছে সোনাক্ষীৰ ভ্ৰাতৃ৷ সোনাক্ষীয়ে আৰ্য বিদ্যা মন্দিৰৰ পৰা পঢ়াশালীয়া শিক্ষা সমাপ্ত কৰে আৰু পৰৱৰ্তী সময়ত প্ৰেমলীলা বিথালদাস পলিটেকনিকৰ পৰা ফেশ্যন ডিজাইনিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰে৷ এইখন পলিটেকনিক শ্ৰীমতি নাথিবাই দামোদৰ থাকাৰছেই মহিলা বিশ্ববিদ্যালয়ৰ অধীনস্থ আছিল৷[10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "'Shotgun Junior' Sonakshi Sinha turns 26!". Zee News. http://zeenews.india.com/entertainment/celebrity/shotgun-junior-sonakshi-sinha-turns-26_135886.html. 
  2. "Sonakshi Sinha Turns Singer-Rapper". 31 December 2015. http://www.newindianexpress.com/entertainment/hindi/Sonakshi-Sinha-Turns-Singer-Rapper/2015/12/31/article3203720.ece. 
  3. Gaurav Dubey. "Salman Khan hosts an impromptu birthday bash for Sonakshi Sinha". Mid Day. http://www.mid-day.com/articles/salman-hosts-an-impromptu-birthday-bash-for-sonakshi-sinha/16260195. 
  4. "Sonakshi Sinha: Year since 'Lootera', appreciation hasn't stopped". The Times of India. IANS. 5 July 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Sonakshi-Sinha-Year-since-Lootera-appreciation-hasnt-stopped/articleshow/37838144.cms. 
  5. "Shatrughan Sinha breaks down after watching daughter Sonakshi in Lootera". Indian Express. http://www.indianexpress.com/news/shatrughan-sinha-breaks-down-after-watching-daughter-sonakshi-in-lootera/1139060/. 
  6. Hungama, Bollywood (5 September 2016). ""No one doubted my capacity as an actor in the past as well" – Sonakshi Sinha on Akira appreciation : Bollywood News - Bollywood Hungama". https://www.bollywoodhungama.com/news/features/no-one-doubted-capacity-actor-past-well-sonakshi-sinha-akira-appreciation/. 
  7. "Sonakshi Sinha". https://boxofficeindia.com/actor.php?actorid=65. 
  8. Pradhan S. Bharati (12 June 2012). "It's work first for Sonakshi". The Telegraph (Kolkata). https://www.telegraphindia.com/1120610/jsp/7days/story_15591857.jsp. 
  9. "Sonakshi Sinhas birthday with fans". NDTV. http://m.ndtv.com/photos/entertainment/sonakshi-sinha-s-birthday-with-fans-8785/slide/2. 
  10. "Just How educated are our Bollywood heroines?". 18 January 2012. http://www.rediff.com/movies/slide-show/slide-show-1-just-how-educated-are-bollywood-heroines/20120118.htm#11.