সমললৈ যাওক

শৰ্ৱৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰ্ৱৰী

২০২৪ চনত শৰ্ৱৰী
জন্ম শৰ্ৱৰী ৱাঘ
১৪ জুন, ১৯৯৭ (২৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০২০–বৰ্তমান
আত্মীয়-স্বজন মনোহৰ যোশী
(ককা)


শৰ্ৱৰী ৱাঘ (ইংৰাজী: Sharvari Wagh; জন্ম: ১৪ জুন ১৯৯৭)[1] শৰ্ৱৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১৫ চনত লাভ ৰঞ্জন আৰু সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত তেওঁ কবীৰ খানৰ দ্বাৰা পৰিচালিত যুদ্ধধৰ্মী ধাৰাবাহিক দ্য ফৰ্গটেন আৰ্মি - আজাদি কে লিয়ে (২০২০)ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।

য়শ ৰাজ ফিল্মছৰ হাস্যৰসাত্মক ছবি বাণ্টী ঔৰ বাবলী ২ (২০২১)ত অভিনয়েৰে তেওঁ বলিউডত খোজ দিয়ে আৰু উক্ত ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[2] ব্যৱসায়িকভাৱে সফল কমেডী হৰৰ ছবি মুঞ্জ্যা (২০২৪)ৰ জৰিয়তে তেওঁ বিৰাট সাফল্য অৰ্জন কৰে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তেওঁ ১৯৯৭ চনত এটি মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ শৈলেশ ৱাঘ, এগৰাকী বিল্ডাৰ আৰু মাতৃ নম্ৰতা ৱাঘ, এগৰাকী স্থপতিবিদ। মুম্বাইৰ দ্য দাদাৰ পাৰ্চী ইউথছ এছেম্বলি হাইস্কুল আৰু ৰূপাৰেল কলেজত তেওঁ অধ্যয়ন কৰিছিল।[2] মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আছিল তেওঁৰ ককাক।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

শৰ্ৱৰীয়ে প্যাৰ কা পঞ্চনামা ২, বাজীৰাও মস্তানী আৰু চনু কে টিটু কি ছুইটি শীৰ্ষক ছবিকেইখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।[4] তেওঁ কৈছিল যে তেওঁ ২০১৪ চনৰ পৰা চলচ্চিত্ৰত এটা মুখ্য চৰিত্ৰৰ বাবে অডিচন দি আছিল।[5] ২০২০ চনৰ আমাজন প্ৰাইমৰ ধাৰাবাহিক দ্য ফৰ্গটেন আৰ্মি - আজাদি কে লিয়েত ছানী কৌশলৰ বিপৰীতে অভিনয় কৰি তেওঁ ছবিজগতত আত্মপ্ৰকাশ কৰিছিল।[6]

তেওঁ ২০২১ চনত ৰাণী মুখাৰ্জী, ছৈফ আলী খান আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে য়শ ৰাজ ফিল্মছৰ হাস্যৰসাত্মক ছবি বাণ্টী ঔৰ বাবলী ২ (২০২১)ত অভিনয়েৰে বলিউডত অভিষেক ঘটায়।[7] ছবিখনত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু বৰ্ষশ্ৰেষ্ঠ নৱাগত তাৰকা অভিনেত্ৰীৰ আইফা বঁটা লাভ কৰে। হিন্দুস্তান টাইমছে উল্লেখ কৰে যে, "শৰ্ৱৰী তেওঁৰ প্ৰথমখন ছবিৰ বাবে যথেষ্ট আত্মবিশ্বাসী আৰু পৰ্দাত তেওঁৰ উপস্থিতি অতি উত্তম।"[8] যদিও বক্স অফিচত ছবিখনৰ প্ৰদৰ্শন ভাল নহ’ল।[9]

তেওঁৰ পৰৱৰ্তী ছবিখন আছিল ২০২৪ চনত মুক্তিপ্ৰাপ্ত কমেডী হৰৰ ছবি মুঞ্জ্যা। মহাৰাষ্ট্ৰীয় লোককথা মুঞ্জ্যাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মিত ছবিখন মেডক ছুপাৰনেচাৰেল ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি আছিল।[10] ৰেডিফৰ সুকন্যা বাৰ্মাই মতামত দিছিল, "শৰ্ৱৰীয়ে এগৰাকী দৃঢ়মনা তথা হাঁহিমুখীয়া অভিনেত্ৰী হোৱাৰ পৰিচয় দাঙি ধৰিলে"।[11] বাণিজ্যিকভাৱে ছবিখনে শ্লিপাৰ হিট হয় আৰু তেওঁৰ চৰিত্ৰটি ব্ৰেকআউট ৰ’ল বুলি প্ৰমাণিত হয়।[3][12] ইয়াৰ পিছত নেটফ্লিক্সত মুক্তি পোৱা ঐতিহাসিক কথাছবি মহাৰাজত নৱাগত অভিনেতা জুনেইদ খানৰ বিপৰীতে তেওঁ অভিনয় কৰিছিল।[13] বছৰৰ তৃতীয়খন ছবি আছিল জন আব্ৰাহামৰ বিপৰীতে অভিনীত একচন ছবি বেদা য'ত তেওঁ এগৰাকী দলিত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।[14] ছবিখনে মিশ্ৰিত পৰ্যালোচনা লাভ কৰে। স্ক্ৰল.ইনৰ নন্দিনী ৰামনাথে উল্লেখ কৰে যে শৰ্ৱৰীয়ে কিমান ভালদৰে "নায়িকা চৰিত্ৰৰ যুঁজাৰু মনোভাৱক নেতৃত্ব দিয়ে"।[15]

ইয়াৰ পিছত শৰ্ৱৰীয়ে আলিয়া ভাটৰ নেতৃত্বত নিৰ্মিত, ৱাইআৰএফ স্পাই ইউনিভাৰ্ছৰ আগন্তুক ছবি, আলফাত অভিনয় কৰিব।[16]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
টোকা
Films that have not yet been released

এতিয়াও মুক্তি লাভ কৰা নাই

বৰ্ষ শিৰোনাম ভূমিকা টোকা তথ্য.
২০১৫ প্যাৰ কা পঞ্চনামা ২ প্ৰযোজ্য নহয় সহকাৰী পৰিচালক [4]
বাজীৰাও মস্তানী প্ৰযোজ্য নহয় সহকাৰী পৰিচালক [4]
২০১৮ চনু কে টিটু কি ছুইটি প্ৰযোজ্য নহয় সহকাৰী পৰিচালক [4]
২০২১ বাণ্টী ঔৰ বাবলী ২ ছ’নিয়া/বাবলী[টোকা 1] [7]
২০২৪ মুঞ্জ্যা বেলা [17]
মহাৰাজ বিৰাজ বিশেষ উপস্থিতি [18]
বেদা বেদা [14]
ঘোষণা হ’ব আলফা dagger ঘোষণা হ’ব চিত্ৰগ্ৰহণ [19]

দূৰদৰ্শন

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম ভূমিকা তথ্য.
২০২০ দ্য ফৰ্গটেন আৰ্মি - আজাদি কে লিয়ে মায়া শ্ৰীনিৱাসন [20]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ বঁটা শিতান কৰ্ম ফলাফল তথ‌্য.
২০২২ ২২তম আইফা বঁটা বৰ্ষশ্ৰেষ্ঠ নৱাগত তাৰকা – অভিনেত্ৰী বাণ্টী ঔৰ বাবলী ২ বিজয়ী [21][22]
৬৭তম ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বিজয়ী [23][24]
পিংকভিলা স্ক্ৰীণ আৰু ষ্টাইল আইকন বঁটা ষ্টাইলিছ উদীয়মান প্ৰতিভা - অভিনেত্ৰী প্ৰযোজ্য নহয় মনোনীত [25]
  1. শৰ্ৱৰীয়ে এটা চৰিত্ৰতেই বিভিন্ন নামেৰে অভিনয় কৰিছিল।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Bunty Aur Babli 2 star Sharvari Wagh celebrates 25th birthday with an intimate house party". Bollywood Hungama. https://www.bollywoodhungama.com/amp/news/features/bunty-aur-babli-2-star-sharvari-wagh-celebrates-25th-birthday-intimate-house-party/। আহৰণ কৰা হৈছে: 16 June 2022. 
  2. 2.0 2.1 "Meet 'Bunty Aur Babli 2' debutante Sharvari Wagh" (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/photo-gallery-meet-bunty-aur-babli-2-debutante-sharvari-wagh-granddaughter-of-maharashtra-s-former-cm-manohar-joshi-2917183। আহৰণ কৰা হৈছে: 15 November 2021. 
  3. 3.0 3.1 Abraham, Hannah (3 July 2024). "‘Munjya’ Star Sharvari On Finding Success In Bollywood With A Supernatural Horror-Comedy & Her Desire To Work With Greta Gerwig". Deadline Hollywood. https://deadline.com/2024/07/munjya-sharvari-bollywood-greta-gerwig-yrf-alia-bhatt-1235999575/। আহৰণ কৰা হৈছে: 3 July 2024. 
  4. 4.0 4.1 4.2 4.3 4.4 Singh, Mohnish (13 January 2020). "Why is Bollywood excited about Sharvari Wagh?" (en ভাষাত). Rediff. https://www.rediff.com/movies/report/why-is-bollywood-excited-about-sharvari-wagh/20200113.htm. 
  5. "Bunty Aur Babli 2 actor Sharvari Wagh on being rejected for 6 years before getting a project" (en ভাষাত). Hindustan Times. 28 February 2020. https://www.hindustantimes.com/bollywood/bunty-aur-babli-2-actor-sharvari-wagh-on-being-rejected-for-6-years-before-getting-a-project-feels-like-failing-an-exam/story-6s2FN7Ntbb7LIpn924ViNO.html। আহৰণ কৰা হৈছে: 24 November 2021. 
  6. "The Forgotten Army: Azaadi Ke Liye trailer sees Sunny Kaushal, Sharvari lead INA, wage war against British rule". Firstpost. 7 January 2020. https://www.firstpost.com/entertainment/the-forgotten-army-azaadi-ke-liye-trailer-sees-sunny-kaushal-sharvari-lead-ina-wage-war-against-british-rule-7871341.html। আহৰণ কৰা হৈছে: 10 January 2020. 
  7. 7.0 7.1 "Bunty Aur Babli 2 movie review and release highlights" (en ভাষাত). The Indian Express. 19 November 2021. https://indianexpress.com/article/entertainment/bollywood/bunty-aur-babli-2-movie-review-release-live-updates-dhamaka-7629886/। আহৰণ কৰা হৈছে: 24 November 2021. 
  8. "Bunty Aur Babli 2 movie review: Rani Mukerji is the saving grace in this snooze-fest, don't watch even if paid for it". November 19, 2021. https://www.hindustantimes.com/entertainment/bollywood/bunty-aur-babli-2-movie-review-rani-mukerji-is-the-saving-grace-in-this-snooze-fest-don-t-watch-even-if-paid-for-it-101637313786451-amp.html. 
  9. "Can Ranbir Kapoor do for Yash Raj with Shamshera what Aamir Khan, Ranveer Singh and Akshay Kumar could not?". Mint. https://www.livemint.com/news/india/can-ranbir-kapoor-do-for-yash-raj-with-shamshera-what-aamir-khan-ranveer-singh-and-akshay-kumar-could-not-11656072339740.html. 
  10. "Sharvari opens up about mouthwatering Konkan cuisine experience on 'Munjya' set". The Times of India. 2024-06-02. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/sharvari-opens-up-about-mouthwatering-konkan-cuisine-experience-on-munjya-set/articleshow/110627979.cms. 
  11. "Munjya Review: Watch Out For Abhay Verma!". Rediff. https://www.rediff.com/amp/movies/review/munjya-review/20240607.htm। আহৰণ কৰা হৈছে: 7 June 2024. 
  12. "Munjya Emerges As Surprise Hit!". Rediff.com. 10 June 2024. https://www.rediff.com/movies/report/box-office-munjya-emerges-as-surprise-hit/20240610.htm। আহৰণ কৰা হৈছে: 10 June 2024. 
  13. "Junaid Khan resumes shooting for Maharaja; film also stars Shalini Pandey and Sharvari Wagh". News18. 9 June 2021. https://www.news18.com/amp/news/movies/aamir-khans-son-junaid-khan-resumes-shooting-for-debut-film-maharaja-3826907.html. 
  14. 14.0 14.1 "John Abraham and Sharvari Wagh commence shooting for Nikkhil Advani's next titled Vedaa". Bollywood Hungama. https://www.bollywoodhungama.com/amp/news/bollywood/john-abraham-sharvari-commence-shooting-nikkhil-advanis-vedaa/. 
  15. Ramnath, Nandini (15 August 2024). "‘Vedaa’ review: Caste in the same mould". https://scroll.in/reel/1071960/vedaa-review-caste-in-the-same-mould. 
  16. Ramachandran, Naman; Frater, Patrick (4 July 2024). "Alia Bhatt, Sharvari-Led Yash Raj Spy Universe Film Reveals Title". Variety. https://variety.com/2024/film/asia/alia-bhatt-sharvari-yash-raj-spy-universe-film-title-1236060637/. 
  17. "Maddock Films' unveils 'Munjya' movie to release on June 7" (en ভাষাত). The Week. 21 May 2024. https://www.theweek.in/wire-updates/entertainment/2024/05/21/ent2-maddock-munjya.html। আহৰণ কৰা হৈছে: 21 May 2024. 
  18. Kanabar, Ankita (14 June 2024). "High Court gives stay order to Aamir Khan's son Junaid Khan's debut film 'Maharaj' till June 18". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/high-court-gives-stay-order-to-aamir-khans-son-junaid-khans-debut-film-maharaj-till-june-18-exclusive/articleshow/110973803.cms. 
  19. Arya, Prachi (5 July 2024). "Alia Bhatt, Sharvari Wagh's YRF spy-thriller titled 'Alpha', shooting begins". India Today. https://www.indiatoday.in/movies/bollywood/story/alia-bhatt-sharvari-wagh-yrf-spythriller-alpha-shooting-begins-yrf-aditya-chopra-2562660-2024-07-05. 
  20. "Sharvari on being praised for The Forgotten Army: I feel over the moon" (en ভাষাত). India Today. https://www.indiatoday.in/binge-watch/story/sharvari-on-being-praised-for-the-forgotten-army-i-feel-over-the-moon-1640886-2020-01-28। আহৰণ কৰা হৈছে: 15 November 2021. 
  21. "IIFA Awards 2022:a list of all the winners" (en ভাষাত). IIFA. https://iifa.com/blog/blog-details/nexa-iifa-awards-2022-a-list-of-all-the-winners-। আহৰণ কৰা হৈছে: 5 June 2022. 
  22. "IIFA Awards 2022 complete list of winners: Vicky Kaushal, Kriti Sanon win top acting honours" (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-iifa-awards-2022-complete-list-of-winners-vicky-kaushal-kriti-sanon-win-top-acting-honours-2958025। আহৰণ কৰা হৈছে: 5 June 2022. 
  23. "Winners of the Filmfare Awards 2022" (en ভাষাত). Filmfare. https://www.filmfare.com/features/winners-of-the-wolf777news-filmfare-awards-2022_-55337.html। আহৰণ কৰা হৈছে: 31 August 2022. 
  24. "Filmfare Awards 2022 full list of winners" (en ভাষাত). Hindustan Times. 31 August 2022. https://www.hindustantimes.com/entertainment/bollywood/filmfare-awards-2022-full-list-of-winners-shershaah-sardar-udham-win-big-ranveer-singh-kriti-sanon-bag-best-actor-101661916046782.html। আহৰণ কৰা হৈছে: 31 August 2022. 
  25. "Pinkvilla Style Awards Nominations: Sharvari To Rashmika, Nominees For Super Stylish Emerging Talent Female". HiIndia.com. https://hiindia.com/pinkvilla-style-awards-nominations-sharvari-to-rashmika-nominees-for-super-stylish-emerging-talent-female/। আহৰণ কৰা হৈছে: 4 June 2022. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]