সমললৈ যাওক

সোণালী বেন্দ্ৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোণালী বেন্দ্ৰে

গেলাৰী আৰ্ট এণ্ড চ’লত সোণালী বেন্দ্ৰে
জন্ম ১ জানুৱাৰী, ১৯৭৫ (৫১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯৯৪–২০০৪
দাম্পত্যসঙ্গী গোল্ডী বেহল (২০০২–বৰ্তমানলৈ)

সোণালী বেন্দ্ৰে (ইংৰাজী: Sonali Bendre, জন্ম: জানুৱাৰী ১, ১৯৭৫)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ঘাইকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিলেও তেওঁ "মুৰাৰী", "খড়গম", "ইন্দ্ৰ", "মন্মধুড়ু", "শংকৰ দাদা এম.বি.বি.এছ." আদি তেলেগু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক সমাদৃত।

ইয়াৰ উপৰিও তেওঁ মাৰাঠী, তামিল আৰু কানাড়া চলচ্চিত্ৰতো অভিনয় কৰিছে। তদুপৰি তেওঁ "ইণ্ডিয়ান আইডল"ৰ চতুৰ্থ সংস্কৰণ আৰু "ইণ্ডিয়া হেজ গট টেলেণ্ট" আদিত বিচাৰক হিচাপেও ভূমুকি মাৰিছে। তেওঁক মহাৰাষ্ট্ৰত প্ৰিল চাবোন,সূৰ্যা বাল্ব এণ্ড ট্যুব, ওমেগা ৱাট্ছেছ, ড॰ মৰ্পেন, ডাবৰ, ভি-জন গ্ৰুপ আদি আৰু অন্ধ্ৰ প্ৰদেশত কল্যাণ কাঁচী আদিৰ ব্যৱসায়িক প্ৰতিনিধি হিচাপেও দেখা গৈছে।[2][3][4]

ব্যক্তিগত জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ এটা ছিকেপি পৰিয়ালত সোণালী বেন্দ্ৰেৰ জন্ম হয়। বাংগালোৰ আৰু মুম্বাইত তেওঁ কেন্দ্ৰীয় বিদ্যালয় মালেশ্বৰম আৰু হলী ক্ৰছ কনভেণ্ট হাই স্কুল, থানেত শিক্ষা গ্ৰহণ কৰে। ২০০২ চনৰ ১২ নৱেম্বৰত তেওঁ তেওঁ অভিনেতা/নিৰ্দেশক গোল্ডী বেহেলৰ লগত বিয়াত বহে।[5] ১১ আগষ্ট ২০০৫ত ব্ৰীছ কেণ্ডী হস্পিতালত তেওঁ পুত্ৰ সন্তান ৰণৱীৰক জন্ম দিয়ে।[6]

পেছাদাৰী জীৱন

[সম্পাদনা কৰক]

"ষ্টাৰ ডাষ্ট টেলেণ্ট ছাৰ্চ"ত নিৰ্বাচিত হোৱাৰ আগতে বেন্দ্ৰেই এগৰাকী মডেল হিচাপে খোজ দিয়ে। তাৰ পিছত তেওঁ মুম্বাইলৈ আমন্ত্ৰিত হয় আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেবাগৰাকীও আগশাৰীৰ অভিনয় শিল্পীৰ পৰা প্ৰশিক্ষণ লাভ কৰে। ১৯৯৪ চনৰ ‘’আগ’’ ছবিখনত গোৱিন্দাৰ বিপৰীতে অভিনয় কৰি তেওঁ ছবিজগতত প্ৰথম খোজ পেলায়।

প্ৰথম অৱস্থাত সফল হ’বলৈ কিছু সংগ্ৰাম কৰিবলগীয়া হ’লেও পিছলৈ ‘’দিলজলে’’(১৯৯৬), ’’ভাই’’, ’’সৰফৰোজ’’, ’’জখম’’, ’’ডুপ্লিকেট’’, ’’কধলৰ ধিমান (তামিল)’’, ’’হম সাথ সাথ হ্যে’’(১৯৯৯), ’’তেৰা মেৰা সাথ ৰহে’’, ’’অনাহত’’(২০০৩) আদি ছবিৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। চাৰিওজন খানৰ (শ্বাহৰূখ, আমিৰ, চলন্ত আৰু ছেইফ) বিপৰীতে অভিনয় কৰা কমসংখ্যক অভিনেত্ৰী সকলৰ ভিতৰত তেৱোঁ এগৰাকী। তদুপৰি তেওঁ বলীউদৰ শীৰ্ষ অভিনেতা অক্ষয় কুমাৰ, সুনীল সেট্টি, অজয় দেৱগণ, সঞ্জয় দত্ত, অনিল কাপুৰ আদিৰ বিপৰীতেও অভিনয় কৰিছে। ‘’ইন্দ্ৰ’’,’’শংকৰদাদা এম.বি.বি.এছ.’’,’’অংগাৰে’’,’’মনমধুড়ু’’ আদি ছবিত তেওঁ তেলেগু চুপাৰষ্টাৰ চিৰঞ্জিৱী,অক্কিনেনী নাগাৰ্জুনা আৰু ‘’প্ৰীথছে’’ ছবিত কানাড়া চুপাৰষ্টাৰ উপেন্দ্ৰৰ সৈতেও অভিনয় কৰিছে।

এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে গদ্দাৰ, সপুত, বোম্বে, লজ্জা, মেজৰ ছাব আদি ছবিৰ জৰিয়তে তেওঁ এগৰাকী ভাল নৰ্ত্তকী হিচাপেও খ্যাতি লাভ কৰিছে। ২০০৩ চনত তেওঁ শ্বাহৰূখ খান, ছেইফ আলি খান আৰু প্ৰীতি জিণ্টা অভিনীত ‘’কল হো না হো’’ত বিশেষ ভূমিকাত অভিনয় কৰে।[7] বেন্দ্ৰেই আপ কি ছোনিয়া নামৰ এক নাটকতো অভিনয় কৰে।[8] ১৯৯৬ চনৰ ১ নৱেম্বৰত মাইকেল জেকছন ভাৰতলৈ আহোঁতে তেওঁ পৰম্পৰাগত মহাৰাষ্ট্ৰীয় নৌৱৰি শাৰী পিন্ধি তেওঁক আদৰণি জনায়।

টেলিভিছন জগত

[সম্পাদনা কৰক]

বেন্দ্ৰে টেলিভিছনৰ "ক্যা মস্তি ক্যা ধুম" নামৰ নৃত্যানুস্থানটিৰ ঘোষিকা আছিল আৰু ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ‘’ইণ্ডিয়ান আইডল’’ৰ এগৰাকী বিচাৰক আছিল। ২৬ ফেব্ৰুৱাৰী,২০০৫ত তেওঁ ছেইফ আলি খান আৰু ফৰিদা জালালৰ সৈতে ৫০তম ফিল্মফেয়াৰ বঁটা বিতৰণী অনুষ্ঠানত ঘোষিকা হিচাপে অংশগ্ৰহণ কৰে। তদুপৰি তেওঁক ‘’মি° এণ্ড মিচেছ টেলিভিছন’’, ’’ইণ্ডিয়ান আইডল ৪’’, ’’ইণ্ডিয়াহেজ গট টেলেণ্ট’’ আদি অনুষ্ঠানত বিচাৰক হিচাপে দেখা যায়। ২০১২ চনত তেওঁ ক’ৰিয়গ্ৰাফাৰ টেৰেঞ্চ লিৱিছৰ সৈতে লাইফ ওকে চেনেলত ‘’হিন্দুঃস্থান কে হুনৰবাজ’’ নামৰ নৃত্যানুস্থান শৃংখলাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে।[9][10]

বলীউদলৈ পুনৰাগমণ

[সম্পাদনা কৰক]

২০১২ চনৰ জুন মাহত বেন্দ্ৰেয়ে ‘’ইণ্ডিয়া হেজ গট টেলেণ্ট ৪’’ৰ বিচাৰকৰ আসন এৰি দিয়া বুলি গুজব উঠে। তেওঁৰ ঠাইত ৰিতেশ দেশমুখক লোৱাৰ কথা ভবা হয়।[11] অৱশ্যে পিছত প্ৰকাশ হয় যে অনাগত কথাছবি ‘’ৱান্স আপন এ টাইম এগেইন’’ক সময় দিবলৈ হে তেওঁ অনুষ্ঠানটি এৰে।[12][13] পিছত জুলাইৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰে যে[13][14] এই ছবিখনেৰে তেওঁ বলীউদলৈ পুনৰাগমণ কৰিব। নিৰ্দেশক মিলান লুথাৰিয়াই তেওঁৰ চৰিত্ৰটিৰ বিষয়ে কয়: "সোণালীৰ চৰিত্ৰটিৰ নাম মুমতাজ। ছবিখনত এই চৰিত্ৰটি অতি গুৰুত্বপূৰ্ণ। ই কাৰো মাক,ভগ্নী বা বৌৱেক নহয়, বৰং ইয়াৰ এক নিজস্ব পৰিচয় আছে। চৰিত্ৰটিৰ এই বিশেষত্বৰ বাবেই সোণালীয়ে এই ছবিখনৰ এক অংশ হ’বলৈ মান্তি হয়। "[13] ২০০৪ চনত তেওঁ ছবিজগতৰপৰা এক বিৰাম লয় আৰু পুত্ৰৰজন্মৰ পিছত টেলিভিছন জগতত কাম কৰে। ইয়াৰ আগতে তেওঁ বহুকেইখন ছবিৰ প্ৰস্তাৱ নাকচ কৰে কাৰণ তেওঁ পৰিয়ালক বিশেষকৈ নিজ পুত্ৰক অধিক গুৰুত্ব দিয়ে। কিন্তু একতা আৰু শোভা কাপুৰৰ লগত থকা তেওঁৰ বন্ধুত্ব আৰু লুথাৰিয়া (চোৰি চোৰি) আৰু কুমাৰৰ (তৰাজু, সপুত, অংগাৰে, কীমত) লগত আগতেও অভিনয় কৰা বাবে তেওঁ ‘’ৱান্স আপন এ টাইম এগেইন”ৰ প্ৰস্তাৱ নাকচ নকৰিলে।[15][16]

ফিল্মফেয়াৰ বঁটা
ষ্টাৰ স্ক্ৰীণ বঁটা
  • ১৯৯৪, শ্ৰেষ্ঠ নৱাগতাৰ ষ্টাৰ স্ক্ৰীণ বঁটা
  • ২০০১, শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা - হামাৰা দিল আপকে পাছ হ্যে
  • ২০০৪, শ্ৰেষ্ঠ মাৰাঠী অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা - অনাহত
গোল্ডেন পেটেল এৱাৰ্ড
  • ২০১১, শ্ৰেষ্ঠ জনপ্ৰিয় ব্যক্তিত্ব – ইণ্ডিয়াজগট টেলেণ্ট

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষছবিচৰিত্ৰটোকা
১৯৯৪আগপাৰুল
১৯৯৪নাৰাজ
১৯৯৫দ্য ডনঅনিতা মালিক
১৯৯৫গদ্দাৰপ্ৰিয়া
১৯৯৫তক্কৰমোহিনী
১৯৯৫বোম্বেতামিল ছবি
বিশেষ ভূমিকা
১৯৯৬ৰক্ষকড॰ পূজা মলহোট্ৰা
১৯৯৬ইংলিছ বাবু দেশী মেমবিজুৰিয়া
১৯৯৬দিলজলেৰাধিকা
১৯৯৬অপনে দম পৰবিশেষ ভূমিকা
১৯৯৬সপুতকাজল
১৯৯৭ভাইমীনু
১৯৯৭তৰাজুপূজা
১৯৯৭কহৰনীলম
১৯৯৮কীমত-দেই আৰ বেকমানসী
১৯৯৮ডুপ্লিকেট’' লিলি
১৯৯৮হমছে বঢ়কৰ কৌনঅনু
১৯৯৮মেজৰ ছাবনিশা
১৯৯৮অংগাৰেৰোমা
১৯৯৮জখমছোনিয়া
১৯৯৯লাভ য়ু হমেশাশিৱানী2001ত মুক্তিপ্ৰাপ্ত
১৯৯৯কধলৰ ধিনমৰোজাতামিল ছবি
তেলেগু ভাষাত ‘’প্ৰেমিকুলাৰোজু’’ হিচাপে
হিন্দীত দিল হি দিল মে নামেৰে ৰিমেক
১৯৯৯কান্নোড়ু কানবাথেল্লামকল্যাণিতামিল ছবি
১৯৯৯হাম সাথ-সাথ হ্যে-ৱি ষ্টেণ্ড য়ুনাইটেডপ্ৰীতি
১৯৯৯দহেকছবিনা বক্সী/নীলিমা বক্সী
১৯৯৯সৰফৰোজসীমা
২০০০দিল হি দিল ম্যেৰোজা
২০০০হামাৰা দিল আপকে পাছ হ্যেখুশী
২০০০ধাই অক্সৰ প্ৰেম কেনিশাবিশেষ ভূমিকা
২০০০জিছ দেশ ম্যে গংগা ৰেহতা হ্যেসাৱণী
২০০০প্ৰীথছে’' কিৰণকানাড়া ছবি
২০০১মুৰাৰি’' বসুন্ধৰাতেলেগু ছবি
২০০১লাভ কে লিয়ে কুছ ভি কৰেগাচপনা চোপ্ৰা
২০০১লজ্জানৰ্ত্তকী"মুঝে সাজনকে ঘৰ জানা হ্যে" গীতটিত বিশেষ আবিৰ্ভাৱ
২০০১তেৰা মেৰা সাথ ৰহেমাধুৰী
২০০২ইন্দ্ৰপল্লৱীতেলেগু ছবি
২০০২খড়গম’' স্বাতীতেলেগু ছবি
২০০২মনমুধুড়ুহৰিকাতেলেগু ছবি
২০০৩অনাহতৰাণী শীলাৱতীমাৰাঠী ছবি
২০০৩প্যাৰ কিয়া নহী জাতা
২০০৩পলনতি ব্ৰহ্মানাইডুশিৱা নাগেশ্বৰীতেলেগু ছবি
২০০৩চোৰি চোৰিপূজা
২০০৩কল হো না হোপ্ৰিয়াঅতিথি শিল্পী
২০০৪শংকৰদাদা এম.বি.বি.এছ. ড॰ সুনীতাতেলেগু ছবি
২০০৪ আগা বাঈ অৰেচা! মাৰাঠী ছবি
২০১৩ৱান্স আপন এ টাইম ইন মুম্বাই এগেইনমুমতাজনিৰ্মীয়মান

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sonali Bendre Birthday Bash". Reviews.in.88db.com. Archived from the original on 2013-10-04. https://web.archive.org/web/20131004235451/http://reviews.in.88db.com/index.php/movie/cine-events/14711-sonali-bendre-birthday-bash- আহৰণ কৰা হৈছে: 2012-07-10.
  2. "Sonali Bendre becomes the brand ambassador for an almond hair oil". The Times Of India. 7 September 2011. Archived from the original on 2013-12-17. https://web.archive.org/web/20131217100538/http://articles.economictimes.indiatimes.com/2011-09-07/news/30122861_1_hair-oil-brand-ambassador-sonali-bendre.
  3. "Many takers for married actresses in ad world". Masala.com. http://www.masala.com/16862-many-takers-for-married-actresses-in-ad-world আহৰণ কৰা হৈছে: 2012-07-10.
  4. "Sonali Bendre and Genelia in Kalyana Kanchi Jewellery Designs(wedding jewellery) - Bollywood Mantra - Sonali Bendre". Bollywood Mantra. Archived from the original on 2013-12-17. https://web.archive.org/web/20131217091032/http://www.bollywoodmantra.com/video/sonali-bendre-and-genelia-in-kalyana-kanchi-jewellery-designs-wedding-jewellery/ আহৰণ কৰা হৈছে: 2012-07-10.
  5. "bollyvista.com". Sonali Bendre's set to tie the knot!. Archived from the original on 5 October 2013. https://web.archive.org/web/20131005002802/http://www.bollyvista.com/article/a/32/56 আহৰণ কৰা হৈছে: 9 August 2007.
  6. "Sonali Bendre delivers a baby boy". ExpressIndia.com. 12 August 2005. http://www.expressindia.com/news/fullstory.php?newsid=52619 আহৰণ কৰা হৈছে: 2010-10-18.
  7. Kal Ho Naa Ho Archived 2008-04-30 at the Wayback Machine Indiafm.com
  8. "deccanherald.com". Sonali Bendre's to star in the theatre. Archived from the original on 29 September 2007. http://www.deccanherald.com/Content/Aug42007/metrosat2007080316960.asp আহৰণ কৰা হৈছে: 9 August 2007.
  9. "No crying and weeping please. Just Enjoy!". Hindustan Times. October 27, 2012. Archived from the original on November 2, 2012. https://web.archive.org/web/20121102142654/http://www.hindustantimes.com/Entertainment/Television/No-crying-and-weeping-please-Just-Enjoy/Article1-950708.aspx.
  10. "Busker Boys hopeful for 'Hindustan Ke Hunarbaz'". The Times of India. Oct 28, 2012. Archived from the original on 2013-12-19. https://web.archive.org/web/20131219040002/http://articles.timesofindia.indiatimes.com/2012-10-28/jaipur/34780176_1_dance-form-sonali-bendre-jaipur.
  11. "Ritesh Deshmukh to judge India’s Got Talent?". 20 June 2012. http://timesofindia.indiatimes.com/entertainment/tv/Ritesh-Deshmukh-to-judge-Indias-Got-Talent/articleshow/14266339.cms.
  12. "I might never do another film role". 3 July 2012. Archived from the original on 14 September 2012. https://web.archive.org/web/20120914031838/http://india.nydailynews.com/entertainmentarticle/9624f08bbff2ad366066e3d501a0ef92/i-might-never-do-another-film-role.
  13. 1 2 3 "Sonali Bendre returns to films". 2 July 2012. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Sonali-Bendre-returns-to-films/articleshow/14600938.cms.
  14. "Sonali set to make a comeback". 3 July 2012. http://filmfare.com/news/sonali-set-to-make-a-comeback-757.html.
  15. "Sonali Bendre makes a comeback in films". 3 July 2012. Archived from the original on 6 July 2012. https://web.archive.org/web/20120706125054/http://www.mid-day.com/entertainment/2012/jul/030712-Sonali-Bendre-makes-a-comeback-in-films.htm.
  16. "I feel like I'm coming home: Sonali Bendre". 3 July 2012. Archived from the original on 12 June 2013. https://web.archive.org/web/20130612015046/http://india.nydailynews.com/entertainmentarticle/c2197de7db5bf13889eab256e31916c3/i-feel-like-i-m-coming-home-sonali-bendre.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]