আচিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আচিন থত্তুমকাল
জন্ম আচিন থত্তুমকাল
২৬ অক্টোবৰ, ১৯৮৫ (৩৭ বছৰ)[1]
কোচি, কেৰালা, ভাৰত
বাসগৃহ দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, মডেল, নৃত্যশিল্পী
সক্ৰিয় হৈ থকা সময় ২০০১―২০১৫
গৃহস্থান কোচি, কেৰালা, ভাৰত
দাম্পত্যসঙ্গী ৰাহুল শৰ্মা (বি. ২০১৬)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • কালাইমামণি বঁটা
  • ফিল্মফেয়াৰ বঁটা

আচিন থত্তুমকাল (জন্ম: ২৬ অক্টোবৰ, ১৯৮৫ (৩৭ বছৰ))[1][2][3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে প্ৰশিক্ষিত। তেওঁ বলিউড, তেলেগু, তামিল, মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগত অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু পিছত বলীউডলৈ আহে।[4] তেওঁ আঠটা ভাষা কব পাৰে[5] আৰু নিজৰ চিনেমা নিজেই ভাষান্তৰণ বা ডাব কৰে।[6][7]আচিনক ২০০৭ চনত কলিউদৰ ৰাণী বুলি অভিহিত কৰা হৈছিল।[8][9]তেওঁ বলীউদৰ ১০০ কোটি ক্লাৱৰ সদস্যা।[10]

চাথ্যান আন্থিক্কাৰৰ ২০০১ চনৰ মালায়ালম ছবি নৰেন্দ্ৰন মাকান জয়কয় ভাকা-ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা আচিনৰ প্ৰথমখন বাণিজ্যিকভাৱে সফল ছবি আছিল ২০০৩ চনৰ তেলেগু ভাষাৰ আম্মা নান্না অ' তামিলা আমায়ি আৰু সেইখনৰ বাবে তেলেগু চিনেমাৰ শ্ৰেষ্ঠ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। এম কুমাৰ এছ/অ' মহালক্ষ্মী (২০০৪) আছিল তেওঁৰ প্ৰথমখন তামিল চিনেমা যিখনে ডাঙৰ বাণিজ্যিক সফলতা লাভ কৰিছিল। তেওঁ গজনী (২০০৫) চিনেমাখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ তামিল ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁক তামিলনাডু চৰকাৰে কলা আৰু সাহিত্যত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কালাইমামানি বঁটা প্ৰদান কৰে[11]|তামিল বোলছবিৰ প্ৰতি থকা অৱদানৰ বাবে আচিনক ২০১৩চনত চিমা(SIIMA)ত দক্ষিণ ভাৰতীয় চিনেমাৰ গৌৰৱ আখ্যা দিয়া হয়[12]|

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "I am only 23: Asin". The Times of India. 21 April 2009. http://articles.timesofindia.indiatimes.com/2009-04-21/news-interviews/28058815_1_joseph-thottumkal-asin-age-factor। আহৰণ কৰা হৈছে: 4 August 2013. 
  2. Dasgupta, Priyanka (26 October 2010). "I can’t hide my age: Asin". The Times of India. http://articles.timesofindia.indiatimes.com/2010-10-26/news-interviews/28234079_1_asin-movie-business-childhood-friends। আহৰণ কৰা হৈছে: 4 August 2013. 
  3. Singh, Prashant (26 October 2012). "Asin Thottumkal has a working birthday, turns 26 on sets". Hindustan Times. http://www.hindustantimes.com/Entertainment/Tabloid/Asin-Thottumkal-has-a-working-birthday-turns-26-on-sets/Article1-950368.aspx। আহৰণ কৰা হৈছে: 4 August 2013. 
  4. "I want to work with younger actors of my generation: Asin". The Times of India. 17 February 2013. http://articles.timesofindia.indiatimes.com/2013-02-17/news-interviews/37133521_1_lucky-mascot-ghajini-actors। আহৰণ কৰা হৈছে: 2 March 2013. 
  5. "Asin busy in learning German". Desimartini.com. Top Movies Entertainment Ltd. 7 June 2013. http://www.desimartini.com/news/telugu/asin-busy-learning-german/article4973.htm। আহৰণ কৰা হৈছে: 28 October 2014. 
  6. "Biography: Asin Thottumkal | Meen Curry" (en-US ভাষাত). meencurry.com. http://meencurry.com/biography-asin-thottumkal/। আহৰণ কৰা হৈছে: 2017-02-20. 
  7. "Asin speaks Hindi". asinonline.com. http://www.asinonline.com/images/press/english/asin-new-indian.jpg। আহৰণ কৰা হৈছে: 2 June 2013. 
  8. "Top 5 heroines of the year 2007: Asin easily topples all!". www.filmibeat.com. http://entertainment.oneindia.in/tamil/news/2007/top-five-heroines-2007-311207.html. 
  9. "Asin`s birthday bash!". Sify. http://www.sify.com/movies/asin-s-birthday-bash-news-tamil-kkfuySaicca.html. 
  10. "Asin & Kareena rule Bollywood`s 100 Cr club!". Sify. http://www.sify.com/movies/asin-kareena-rule-bollywood-s-100-cr-club-news-bollywood-mh4ub0fddab.html. 
  11. "Kalaimamani awards presented to 70 persons". The Hindu (Chennai, India). 29 November 2009. http://www.hindu.com/2009/11/29/stories/2009112960210600.htm. 
  12. Bollywood Hungama. "Asin bags the Pride of South Indian Cinema Award - Latest Movie Features - Bollywood Hungama". bollywoodhungama.com. http://www.bollywoodhungama.com/movies/features/type/view/id/5511. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]