ভাৰত নাট্যম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ভাৰত নাট্যম

ভাৰত নাট্যম নৃত্যশিল্পী
প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা
দেশ ভাৰত

ভাৰত নাট্যম (ইংৰাজী: Bharat Natyam) দক্ষিণ ভাৰতৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা । ভাৰত নাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰত নাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে কব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে এই নৃত্যকলাৰ নাম ভাৰত নাট্যম হয়। অন্যান্য ভাৰতীয় নৃত্যধাৰাৰ দৰে ভাৰত নাট্যমৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। ভৰত মুণিয়ে তৃতীয় শতিকাত ৰচনা কৰা ‘নাট্যশাস্ত্ৰ’ৰ পৰা ভাৰত নাট্যমৰ কিছুমান কৌশল, মুদ্ৰা আৰু সংজ্ঞা লোৱা হৈছে। ভাৰত নাট্যম প্ৰথমাৱস্থাত মন্দিৰৰ দেৱদাসী সকলে পৰিৱেশন কৰিছিল। ষষ্ঠদশ শতিকাত দেৱদাসী প্ৰথা লোপ পোৱাৰ পিছত ভাৰত নাট্যমৰো চৰ্চা কমি আহে। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত চিন্নায়া, পুন্নিয়া, ভাদিভেলু আৰু শেৱনন্দম নামৰ চাৰিজন প্ৰতিভাবান নৰ্তক ভাতৃয়ে অনেক অনুসন্ধান তথা গৱেষণাৰ অন্তত ‘দাসী আট্টম’ নামেৰেও পৰিচিত এই নৃত্যকলাক পাহৰণিৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকে জনপ্ৰিয় কৰি তোলা এই নৃত্যই পিছলৈ ভাৰত নাট্যম নামেৰে প্ৰসিদ্ধ হয়। ভাৰত নাট্যম সাধাৰণতে নাৰীয়ে পৰিবেশন কৰে যদিও পৰম্পৰাগত ভাৱে এই নৃত্যৰ গুৰু পুৰুষহে। ভাৰত নাট্যম নৃত্য পূৰ্ণাঙ্গ ৰূপত পৰিবেশন কৰিবলৈ প্ৰায় দুঘণ্টা লাগে।

ভিন্নতা[সম্পাদনা কৰক]

এই নৃত্যৰ ছটা ভাগ আছে। সেইকেইটা হ’ল: আল্লাৰিপ্পু, যতিস্বৰম, শব্দম, বৰ্ণম, অভিনয়ম আৰু তিল্লানা। এই নৃত্য আংগিক আৰু ৰসৰ বিচাৰত নাৰীৰ কামনা, আনন্দ আৰু বিচ্ছেদ সম্বলিত শৃংগাৰ ৰসৰ নাচ। নৃত্যৰ মূল চৰিত্ৰ কৃষ্ণ যদিও বিষ্ণু আৰু শিৱৰ উদ্দেশ্যেও নৃত্য আছে। এই নৃত্যৰ সৈতে গীত গোৱা হয়। আনুষংগিক বাদ্য হিচাপে থাকে বীণা, মৃদংগ, বাঁহী, বেহেলা, মন্দিৰা আদি। ভাৰত নাট্যম নৃত্যৰ বাবে বিশিষ্ট পোছাক আছে। শাৰীখনক এই নৃত্যত ধুতিৰ দৰে পিন্ধা হয়। [1]

ভাৰতৰ প্ৰসিদ্ধ ভাৰত নাট্যম নৃত্যশিল্পীসকল:[সম্পাদনা কৰক]

  1. মীনাক্ষী সুন্দৰম পিল্লাই
  2. টি বালাসৰস্বতী
  3. ৰুক্মিনী দেৱী
  4. যামিনী কৃষ্ণমূৰ্তি
  5. শান্তা ৰাও

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ:[সম্পাদনা কৰক]

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, জ্যোতি প্ৰকাশন, শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং - ?