বিহু নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিহু নৃত্য
Bihu dance.jpg
যুৱক-যুৱতীৰ বিহু নৃত্য
শৈলী লোকনৃত্য
উৎপত্তিমূল অসম, ভাৰত

বিহু নৃত্য হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

অসমীয়া জাতিৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত হৈ থকা এই নৃত্যৰ উৎসৰ বিষয়ে সঠিক উমান পোৱা নগ'লেও, প্ৰায় ১৬ শ (খ্ৰীষ্ঠাব্দ) শতিকাত আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনৰে পৰা এই নৃত্যৰ প্ৰচলন আছে বুলি তথ্য পোৱা যায়। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা, “কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেণী আমি নেপাও।”[1]

নৃত্য, বাদ্য[সম্পাদনা কৰক]

বিহু পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্যমুদ্ৰাও পুৰুষ নৃত্যশিলপী সকলতকৈ বেছি।

বিহুত ব্যৱহৃত কেইটিমান লোকবাদ্য হ'ল:

  • ঢোল- বিহুৰ মূল অবনদ্ধ বাদ্য
  • ম'হৰ শিঙৰ পেঁপা বা শিঙা- মহৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্য
  • গগনা - পাতল এচটি বাঁহেৰে তৈয়াৰী এবিধ হাৰ্প Jew's Harp জাতীয় ঘনবাদ্য
  • বাঁহী - সুষিৰ বাদ্য
  • বাঁহৰ টকা - বাঁহেৰ তৈয়াৰী ঘণবাদ্য
  • সুতুলি - মাটিৰে তৈয়াৰী সুষিৰ বাদ্য
  • বীণ -এডাল তন্ত্ৰীযুক্ত বেহেলাৰ দৰে এবিধ তত বাদ্য
  • তাল - কাঁহ, ৰূপ আদি মি‍শ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য
  • ধুতং বা জেং টকা - বাঁহ-বেতেৰে তৈয়াৰী ঘনবাদ্য ইত্যাদি

প্ৰকাৰ[সম্পাদনা কৰক]

বৃহত্তৰ অসমৰ জনগোষ্ঠীৰ বিবিধতা অনুযায়ী বিহু নৃত্য বিভিন্ন প্ৰকাৰৰ বুলি কব পাৰি, যেনে 'দেউৰী বিহু', 'মৰান বিহু', 'মিচিং বিহু' আদি।[2] নৃত্যমুদ্ৰাৰ কিছু বৈষম্যক বাদ দি, সাধাৰণতে প্ৰচলিত প্ৰথা অনুযায়ী বসন্তৰ আগমনত ৰঙালী বিহুৰ সময়ত কৰা এই বিভিন্ন প্ৰকাৰৰ বিহু নৃত্য সমূহৰ একেটি উদ্দেশ্য; উলহ মালহেৰে নৱবৰ্ষক আগমন জনোৱা।

আহোমৰ দিনৰে পৰা অবিবাহিত যুৱতীসকলৰ মাজত প্ৰচলিত বিহুক 'জেং বিহু' বুলি জনা যায়। উজনি অসমৰ কিছুমান ঠাইত এতিয়াও এই বিহু প্ৰচলিত। এই প্ৰথা মতে অবিবাহিত যুৱতী সকলে বসন্ত ঋতুত/ৰঙালী বিহুত জাক-পাতি গছৰতলত ধৰিত্ৰীৰ উৰ্বৰতা কামনা কৰি আবেলি সময়ত নৃত্য গীতৰ অনুষ্ঠান কৰে। এই কথাই প্ৰমাণ কৰে এই গোষ্ঠীৰ মহিলা সকলৰ, সেই সময়ত মহিলা হিচাপে স্বাধীনতা কিমান আছিল, যি সময়ত হিন্দু মহিলাৰ ঘৰৰ বাহিৰত নৃত্য গীত কৰাত কঠোৰ বাধা নিষেধ আছিল। এই মহিলা সকলে নৃত্য গীতৰ সময়ত বিভিন্ন বাদ্যযন্ত্ৰ যেনে 'টকা', 'গগনা', 'সুতুলি' আদিও ব্যৱহাৰ কৰে।

চিত্ৰবিথিকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 'Scholar throws light on Bihu's origin' [1]
  2. [2]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]