গোৱালপৰীয়া লোকগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গোৱালপৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিক বাবে গোৱালপৰীয়া লোকগীতৰ এলমাম মুক্তি দিয়া হয়। কেইজনমান বিখ্যাত গোৱালপৰীয়া লোকগীতৰ শিল্পী হল - আল্লাউদ্দীন সৰকাৰ, হামিদা সৰকাৰ, আব্দুল জব্বাৰ, ৰহিমা বেগম কলিতা ইত্যাদি। তদুপৰি জনপ্ৰিয় গায়ক যেনে - ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, অংগৰাগ মহন্ত আদিয়েও বহুতো জনপ্ৰিয় গোৱালপৰীয়া লোকগীত গাইছে। গোৱালপৰীয়া বুলি অসমত প্ৰচলিত গীত বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰঅঞ্চল পশ্চিম বংগৰ কুচবেহাৰ জলপাইগুৰি আলিপুৰদুৱাৰ দাৰ্জিলিংত ভাওয়াইয়া গীত বুলি স্বীকৃত

বৰ্ণনা আৰু প্ৰকাৰ[সম্পাদনা কৰক]

গোৱালপাৰীয়া লোকগীত কোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত নহয়। সাধাৰণতে প্ৰেম গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু। তাৰ লগতে জন-জীৱনৰ দৃশ্য, কৃষি, ঈশ্বৰ বন্দনা, দৰ্শন, হাতী বিষয়ক অনেক লোকগীত পোৱা যায়। বিষয় আৰু সাংগীতিক বৈশিষ্ট অনুসৰি ইয়াক কেইবাটাও উপভাগত বিভক্ত কৰা হৈছে। তাৰে ভিতৰত প্ৰধান ভাগ দুটা হল- ভৱাইয়া আৰু চাটক৷ আৰু দুটা ভাগ হল- মৈশালী আৰু মাউত। গোৱালপাৰীয়া লোকগীত সাধাৰণতে সমবেত হৈ গোৱা হয় যদিও একক ভাৱেও গোৱা দেখা যায়। গোৱালপাৰীয়া লোকগীত প্ৰধান বাদ্য হল দোতোৰা। ইয়াৰ লগতে তাল, বাঁহী, একতাৰা, বিশেষ প্ৰকাৰৰ নাগেৰা, ইত্যাদি বিভিন্ন প্ৰকাৰৰ লোকবাদ্য ব্যৱহাৰ কৰা হয়।

ভাওয়াইয়া[সম্পাদনা কৰক]

ভাওয়াইয়া গীত সাধাৰণতে প্ৰেম বিষয়ক। সংস্কৃত শব্দ ভাৱৰ পৰা এই নাম উৎপত্তি হৈছে।[1] এই গীতবোৰ ভাৱ প্ৰধান আৰু সাধাৰণতে বাস্তৱধৰ্মী।[2] ভৱাইয়া গীতৰ প্ৰেম সাধাৰণতে পৰিপক্ক তথা প্ৰেমিক বা গিৰিয়েকৰ বিষয়ক।[3]

চাটক[সম্পাদনা কৰক]

চাটক গীতবোৰ ভৱাইয়া গীতৰ বিপৰীত। চাটক গীতৰ মূল বিষয় প্ৰেম নহয়। এইবোৰ গীত বাস্তৱধৰ্মিতকৈ বেছি ধেমেলীয়া। বৌ-দেৱৰেকৰ সমন্ধ বা অন্যান্য সমন্ধৰ প্ৰতিফলন এই গীতৰ মাজত দেখা যায়। [4]

লগতে চাওঁক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]