সমললৈ যাওক

কামৰূপী লোকগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা


খনিন্দ্ৰ ডেকা আৰু ভগৱান ডেকাৰ দ্বাৰা পৰিৱেশিত এটি কামৰূপী লোকগীত

কামৰূপী লোকগীত বুলিলে প্ৰাচীন কামৰূপক কেন্দ্ৰ কৰি অসমত যিবোৰ লোক-সংগীত প্ৰচলিত হৈছিল বা বৰ্তমানত চৰ্চা চলিছে সেইবোৰ লোকগীতকে মূলতঃ কামৰূপী লোক-গীতৰ আধাৰত ধৰা হয়৷ তাৰে ভিতৰত ধৰ্মীয় দিশ আৰু সাধাৰণ গ্ৰাম্য জনগণৰ স্বাভাৱিক জীৱনতো প্ৰকাশ পোৱাকৈ কিছুমান বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। কামৰূপী লোকগীত হৈছে কামৰূপী লোকসকলৰ চিন্তা আৰু আৱেগ প্ৰকাশ কৰা লোকসংগীতৰ জনপ্ৰিয় ৰূপ।[1] এই গীতসমূহ প্ৰাচীন কামৰূপৰ সময়ত উদ্ভৱ হোৱা।[2] কামৰূপী লোকগীতৰ ভাষা আদি অসমীয়া, কামৰূপী উপভাষা আৰু মানক অসমীয়াকে ধৰি বিভিন্ন উপভাষা আৰু অসমীয়াৰ পূৰ্বপুৰুষৰ ৰূপ।

এই গীতসমূহ কামৰূপ অঞ্চলৰ জনগোষ্ঠীসমূহে অনাদি কালৰ পৰাই গাই আহিছে। ইয়াৰ কাষতে দৈনন্দিন কাম-কাজবোৰক সংযোগ কৰা গীতৰ ৰূপবোৰো জনপ্ৰিয়, যেনে বিয়া নাম, নাওখেলৰ গীত খেলাৰ, মহা খেদা গীত, শিশু নাটকৰ গীত, মাছ ধৰা গীত, নিচুকনি গীত আৰু শস্য চপোৱা উৎসৱৰ গীত। সাহিত্য আৰু সংগীত উভয়ৰে উচ্চতম কৌশল আৰু পৰিশোধনৰ বৈষ্ণৱ গীতৰ এটা শ্ৰেণীৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত কামৰূপী লোকগীত যদিও নম্ৰ দোলাৰা আৰু দগাৰ (বা খঞ্জৰী)ত গোৱা হয়, তথাপিও ইয়াৰ জটিলতা অধিক।[3] এই গীতসমূহ সংগীতৰ ধৰণৰ সমৃদ্ধিৰ বাবে জনাজাত।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Bīrendranātha Datta (1999), Folkloric Foragings in India's North-East, p.31. p.p.240
  2. "Kamrupi Lokgeet". mapsofindia.com. http://www.mapsofindia.com/assam/society/regional-folk-music.html। আহৰণ কৰা হৈছে: 2011-07-24. 
  3. Dhaneswar Kalita (1991), Traditional performances of South Kamrup, p.57, p.p82, Gian Pub. House
  4. Sangeet Natak Akademi (1974), Sangeet natak: Issues 31-34