সমললৈ যাওক

অংগৰাগ মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অংগৰাগ মহন্ত
ক'ক ষ্টুডিঅ'ৰ দ্বাৰা মুম্বাইত আয়োজিত মিনি কনচাৰ্টত সংগীত পৰিবেশন কৰি থকা মুহূৰ্তত অংগৰাগ; আগষ্ট ২০১১-ত
ক'ক ষ্টুডিঅ'ৰ দ্বাৰা মুম্বাইত আয়োজিত মিনি কনচাৰ্টত সংগীত পৰিবেশন কৰি থকা মুহূৰ্তত অংগৰাগ; আগষ্ট ২০১১-ত
পৃষ্ঠভূমি
অন্য নাম পাপন
জন্ম ২৪ নৱেম্বৰ ১৯৭৫
নগাঁও, অসম, ভাৰত
উৎসস্থান নগাঁও, অসম
পিতৃ-মাতৃ খগেন মহন্ত
অৰ্চনা মহন্ত
সংগীতৰ ধৰণ আধুনিক, লোক-সংগীত, ফিউজন, গজল
পেচা কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ
বাদ্যযন্ত্ৰ কণ্ঠ, ৰিডম গিটাৰ, কিবৰ্ড
লেবেল বিভিন্ন
ৱেবছাইট papon.in

অংগৰাগ "পাপন" মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহু ভাষাত পাপনে গীত গাইছে।[1] এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ এক সংগীত গোষ্ঠী (বেণ্ড)-ৰ লগতো জড়িত।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অংগৰাগ মহন্তই জন্ম লাভ কৰে অসমৰ দুই অতি জনপ্ৰিয় সংগীত শিল্পী খগেন মহন্তৰ ঔৰসত আৰু অৰ্চনা মহন্তৰ গৰ্ভত। সেয়ে তেওঁ সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰে।[2][3]

শিল্পী জীৱন

[সম্পাদনা কৰক]
অংগৰাগে কণ্ঠদান কৰা এটি বিহুনাম
(এলবাম: গোমছেং)

অসম তথা উত্তৰ-পূব ভাৰতৰ লোক-সংগীত আৰু বৈষ্ণৱিক ভক্তিমূলক গীতসমূহৰ পৰা প্ৰভাৱিত হৈ পাপনে এইবোৰক আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰে।[2] ২০০৫ চনত মুক্তি পায় পাপনৰ প্ৰথম এলবাম "জোনাকী ৰাতি", যাৰ জৰিয়তেই তেওঁ অসমৰ লগতে বাহিৰৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা তথা পৰিচয় লাভ কৰে। তাৰ পাছত ২০১০ চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন একক গীতৰ এলবামৰ "চিনাকি অচিনাকি।"

নেপথ্য গায়ক

[সম্পাদনা কৰক]

অংগৰাগ মহন্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে ২০১১ চনৰ অসমীয়া ছবি ৰামধেনুৰ "উজাই যা নৈ" শীৰ্ষক গীতটোত। তাৰ ঠিক পাছতেই মুক্তি পায় তেওঁ কণ্ঠদান কৰা প্ৰথম হিন্দী ছবি "দম মাৰো দম" (এপ্ৰিল ২০১১)। 'ছবিখনৰ "জীয়ে কিউ" গীতটোৱে সমালোচকৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা।[4][5] ইয়াৰ পাছতে পাপনে কেইবাখনো হিন্দী আৰু বঙালী ভাষাৰ ছবিত কণ্ঠদান কৰে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে: "চাউণ্ডট্ৰেক" (হিন্দী, ২০১১), "আই এম কালাম" (হিন্দী, ২০১১), "চিষ্টেম" (বঙালী, ২০১১) আদি।

পাপনে ভ্ৰাম্যমাণ থিয়েটাৰ নেপথ্য গায়ক হিচাপে পোন প্ৰথমবাৰৰ বাবে গীত গায় ২০১১-১২ বৰ্ষৰ হেঙুল থিয়েটাৰৰ নাট "মৰীচিকা"ত।[6]

ইষ্ট ইণ্ডিয়া কোম্পানী

[সম্পাদনা কৰক]

পাপন "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী। ২০০৭ চনত স্থাপিত এই বেণ্ডৰ অন্য সদস্য সকল হৈছে: ব্ৰীণ দেচাই (সংগীত ব্যৱস্থাপক), কৃষ্ণা (গিটাৰবাদক), দিপু (বেচ্ গিটাৰবাদক), কীৰ্তি (তবলাবাদক), আৰু পংকজ (গীটাৰবাদক)।[7] এই বেণ্ডটোৱে অসমৰ লগতে নিউজিলেণ্ড[8] আদি ঠাইত সংগীতানুষ্ঠান পৰিবেশন কৰিছে। পাপনৰ লগতে এই বেণ্ডৰ অন্য সদস্য সকলে মেডিয়েভিল পণ্ডিত, "ইণ্ডিয়ান অ'চিন"ৰ সুমিত সেন আদিৰ লগত ভোকেল জেম কৰি আহিছে।[2][3]

পাপন- এন আই টি শিলচৰৰ 'ইনকেনডেচেন্স'ত সঙ্গীতানুষ্ঠানত, ১০ ফেব্ৰুৱাৰী,২০১৪

অন্যান্য

[সম্পাদনা কৰক]

পাপনে তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানী বেণ্ডৰ আন সদস্যৰ সৈতে এম টিভিৰ সংগীতানুষ্ঠান "ক'ক ষ্টুডিঅ'"ৰ প্ৰথম চিজন(২০১১),দ্বিতীয় (২০১২)আৰু তৃতীয় (২০১৩) চিজনত গীত পৰিবেশন কৰে। প্ৰথম চিজনত পাপনে এটা বিহুগীত, দ্বিতীয় চিজনত এটা টোকাৰী গীত আৰু তৃতীয় চিজনত হোলী গীত, ঝুমুৰ গীত, গোৱালপৰীয়া লোকগীতেৰে সমৃদ্ধ মুঠ ছটা গীতৰ এটা সম্পূৰ্ণ খণ্ড পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। ক'ক ষ্টুডিঅ'ৰ প্ৰায় আটাইকেইটা গীতেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।[9] ইয়াৰ লগতে এই একে অনুষ্ঠানৰ দ্বাৰা ভাৰতৰ দহখন চহৰত ২০১১ চনৰ জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আয়োজিত কনচাৰ্টৰ নখনত সংগীত পৰিবেশন কৰিছিল।[10]

ষ্টাৰ ৱৰ্ল্ড ভাৰতৰ সংগীতভিত্তিক তথ্যচিত্ৰ ধাৰাবিহিক "দা দ্যুৱৰিষ্টচ্"-ৰ প্ৰথম চিজনৰ ষষ্ঠ খণ্ডটোত অংগৰাগক ৰব্বি শেৰগীলৰ সৈতে সংগীত পৰিবেশন কৰিবৰ বাবে আমন্ত্ৰিত হৈছিল।[11][12][13] "খোলে দা ৰব্" নামৰ এই খণ্ডটো ২০১১ চনৰ ২০ নবেম্বৰত প্ৰদৰ্শিত হয়।[14][15] কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিত্ৰগ্ৰহণ কৰা খণ্ডটোত অংগৰাগ আৰু ৰব্বি মিলি অসমীয়া, হিন্দী আৰু পঞ্জাবী ভাষা মিশ্ৰিত এটি গীত ৰচনা কৰে। এই গীতটোত অংগৰাগে বড়ো, ৰাভা আৰু সত্ৰীয়া সংগীতৰ উপাদান ব্যৱহাৰ কৰে।[12]

২০১৩ চনত এম টি ভিৰ অনুষ্ঠান ৰ’দীজৰ দশম খণ্ডৰ থীম চং "যাযাবৰ"ত কণ্ঠদান কৰে, গীতটিত পাপনৰ লগত সহঃ শিল্পী হিচাপে কণ্ঠদান অনুষ্ঠানটোৰ পৰিচালক ৰঘু ৰামে।

বঁটা আৰু কৃতিত্ব

[সম্পাদনা কৰক]
অংগৰাগ মহন্তই বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০-ৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰি থকা মুহূৰ্ত
  • বিজয়ী: শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী - বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ (ৰামধেনুৰ "উজাই যা নৈ"-ৰ বাবে)
  • মনোনীত: শ্ৰেষ্ঠ লোক-সংগীতৰ এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১১[16][17]
    (বিহুনামৰ এলবাম "গোমচেং’ আৰু বৰপেটাৰ হোলি গীতৰ এলবাম "ফাগুণৰ গান"-ৰ বাবে)
  • বিজয়ী: শ্ৰেষ্ঠ প্‌প এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১২ ("দা ষ্টৰি চ’ ফাৰ"-ৰ বাবে)[18]

সংগীতপঞ্জী

[সম্পাদনা কৰক]
নাম মুক্তি ভাষা টোকা
জোনাকী ৰাতি২০০৫অসমীয়াপ্ৰথম একক গীতৰ এলবাম
নিয়ৰৰ গধূলিঅসমীয়াসহযোগী কণ্ঠশিল্পী: দিগন্ত ভাৰতী, দীক্ষু, চয়নিকা
ধূলিৰ আকাশঅসমীয়াসহযোগী কণ্ঠশিল্পী: মনজিৎ
ৰংফুলঅসমীয়ালোক-সংগীতৰ এলবাম
চিনাকি অচিনাকি২০১০অসমীয়াদ্বিতীয় একক গীতৰ এলবাম
ৰামধেনু২০১১অসমীয়াপ্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান
গোমচেং২০১১অসমীয়াবিহুনামৰ এলবাম; সহযোগী কণ্ঠশিল্পী: ৰশ্মিৰেখা শইকীয়া
ফাগুণৰ গান২০১১অসমীয়াহোলি গীতৰ এলবাম
দম মাৰো দম২০১১হিন্দীএটা গীতত কণ্ঠদান
গান২০১১অসমীয়াসহযোগী কণ্ঠশিল্পী: জুবিন গাৰ্গ, জুবলি বৰুৱা
চিষ্টেম২০১১বঙালীএটা গীতত কণ্ঠদান
আই এম কালাম২০১১হিন্দীএটা গীতত কণ্ঠদান
চাউণ্ডট্ৰেক২০১১হিন্দীদুটা গীতত কণ্ঠদান
হেঙুল ২০১১-১২২০১১অসমীয়াভ্ৰাম্যমাণ থিয়েটাৰৰ গান; এটা গীতত কণ্ঠদান
ফুলচেং[19]২০১১অসমীয়াবিহুনামৰ এলবাম; সহযোগী কণ্ঠশিল্পী: ৰশ্মিৰেখা শইকীয়া
দা ষ্টৰি চ’ ফাৰ[20]২০১২হিন্দীপ্ৰথম হিন্দী গীতৰ এলবাম
বৰ্ফি! ২০১২হিন্দীএটা গীতত কণ্ঠদান
মুম্বাই কাটিং২০১২হিন্দীএটা গীতত কণ্ঠদান[21]
ৰ’দ্২০১২অসমীয়াদুটি গীতত কণ্ঠদান, ‘পখী পখী’ শীৰ্ষক গীতটোত ৰূপজ্যোতি দেৱীৰ লগত একেলগে কণ্ঠদান (অসমীয়া ছবিত অংগৰাগৰ প্ৰথম ডুৱেট)[22]
স্পেচিয়েল ২৬২০১৩হিন্দীএটা গীতত কণ্ঠদান
ৰঙৰ অৰ্থগীতৰ এলবামচলচ্চিত্ৰৰ গীতভ্ৰাম্যমাণ থিয়েটাৰ গীত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sarmah, Chandan (29 January 2010). "Tunes with a rare freshness". The Telegraph (Calcutta, India). http://www.telegraphindia.com/1100129/jsp/northeast/story_12041480.jsp.
  2. 1 2 3 অনলাইন শিৱসাগৰ Archived 2019-07-22 at the Wayback Machine; আহৰণ: নবেম্বৰ ৯, ২০১১
  3. 1 2 papon.co.in Archived 2011-03-05 at the Wayback Machine; আহৰণ: নবেম্বৰ ৯, ২০১১
  4. Dum Maaro Dum music offers variety Archived 2011-03-24 at the Wayback Machine- হিন্দুষ্টান টাইমচ্; আহৰণ: নবেম্বৰ ৯, ২০১১
  5. Singer of the week: Assamese singer Angaraag Mahanta- ইণ্ডিয়া টুডে; আহৰণ: নবেম্বৰ ৯, ২০১১
  6. আজিৰ দৈনিক বাতৰি; জুলাই ৮, ২০১১; পৃষ্ঠা ১০
  7. EIC the band biography Archived 2011-11-07 at the Wayback Machine; আহৰণ: নবেম্বৰ ৯, ২০১১
  8. Crossings Festival - Vaishali & Angaraag; আহৰণ: নবেম্বৰ ৯, ২০১১
  9. mtvindia.com; আহৰণ: নবেম্বৰ ৯, ২০১১
  10. mtvindia.com - 10 cities across the country. 10 crazy concerts.; আহৰণ: ডিচেম্বৰ ১, ২০১১
  11. thedewarists.com Archived 2011-12-04 at the Wayback Machine; আহৰণ: ডিচেম্বৰ ১, ২০১১
  12. 1 2 Papon goes national on musical movement; আহৰণ: ডিচেম্বৰ ১, ২০১১
  13. Singing into the Sunset - Indian Express; আহৰণ: ডিচেম্বৰ ১, ২০১১
  14. nh7.com Archived 2012-04-20 at the Wayback Machine; আহৰণ: ডিচেম্বৰ ১, ২০১১
  15. The Dewarists S01E06 - 'Khule Da Rabb' - YouTube; আহৰণ: ডিচেম্বৰ ১, ২০১১
  16. GIMMA - Non Film Nominees; আহৰণ: নবেম্বৰ ৯, ২০১১
  17. ‘গিমা’ৰ বাবে মনোনীত হৈছে অংগৰাগ মহন্ত Archived 2021-10-27 at the Wayback Machine- দ্য চানডে ইণ্ডিয়ান; আহৰণ: নবেম্বৰ ৯, ২০১১
  18. "GiMA Awards 2012 - Non-Film Music Winners". http://www.gima.co.in/2012_non_film_winners.php আহৰণ কৰা হৈছে: October 03, 2012.
  19. Mahanta, Jutika (December 21, 2011). "Angarag 'Papon' Mahanta to launch new bihu album". Assam Times. Archived from the original on May 12, 2012. https://web.archive.org/web/20120512034804/http://www.assamtimes.org/social/5710.html আহৰণ কৰা হৈছে: January 10, 2012.
  20. Fernandes, Shawn (January 6, 2012). "Papon to Launch Debut Hindi Pop Album The Story So Far". gibsonguitar.in. http://www.gibsonguitar.in/News-Lifestyle/News/hi-in/Papon-to-Launch-Debut-Hindi-Pop-Album-The-Story-So.aspx আহৰণ কৰা হৈছে: January 10, 2012.
  21. "PAPON Filmography". http://entertainment.oneindia.in. http://entertainment.oneindia.in/celebs/papon/filmography.html আহৰণ কৰা হৈছে: February 22, 2013.[সংযোগবিহীন উৎস]
  22. "পখী পখী মন মোৰ... অসমীয়া ছবিত পাপনৰ প্ৰথম ডুৱেট, ৰচনা ৰাজদ্বীপৰ". দৈনিক অসম. ৪ মে’, ২০১২.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]