নিৰুপমা বৰগোহাঞি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


নিৰুপমা বৰগোহাঞি
জন্ম ১৯৩২
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ

নিৰুপমা বৰগোহাঞি (ইংৰাজী: Nirupama Borgohain) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।

জীৱনী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত গুৱাহাটীৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত[1]৷ তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়্কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল[1]

শিক্ষা জীৱন[সম্পাদনা কৰক]

গুৱাহাটীৰ উজান বজাৰত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়[2]। পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যাল"ত ৩ বছৰ কাল পঢ়ি পুণৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰে[2]। নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে[2]

কৰ্ম জীৱন[সম্পাদনা কৰক]

নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভনি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত পাণ্ডুত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে[2]। পৰৱৰ্তীকালত সেইসময়ৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ নিমন্ত্ৰনক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে[2]। এবছৰ কাল তাত অধ্যাপনা কৰা পাছত মাজুলীলৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়[2]। তেখেতে কিছুবছৰ লখিমপুৰ মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল।

বৈবাহিক জীৱন[সম্পাদনা কৰক]

১৯৫৮ চনৰ ১২ মাৰ্চত নিৰুপমা তামুলীৰ বিবাহ দীৰ্ঘদিনীয়া প্ৰেমসূত্ৰে হোমেন বৰগোহাঞিৰ লগত নলবাৰীত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ জন্ম পোৱাৰ কিছুবছৰ পাছত ১৯৭৭ চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে[2]

সাহিত্যিক কৰ্মাৱলী[সম্পাদনা কৰক]

১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে[3]

  1. পূৱাৰ পূৰবী সন্ধ্যাৰ বিভাস (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)[1]
  2. সেই নদী নিৰৱধি (১৯৬৭)[1]
  3. এজন বুঢ়া মানুহ (১৯৬৬)
  4. দিনৰ পাছত দিন (১৯৬৮)
  5. ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ
  6. অভিযাত্ৰী
  7. হৃদয় এটা নিৰ্জন দ্বীপ (১৯৭০)
  8. সামান্য অসামান্য (১৯৭১)
  9. পূৱাৰ পূৰবী সন্ধ্যাৰ বিভাস, কেকটাছৰ ফুল (১৯৭১)
  10. চিনাকী অচিনাকী, অন্য জীৱন (১৯৮৭)
  11. গোসাঁই ঐ গোসাঁই ঐ (১৯৮৭)
  12. চম্পাৱতী (১৯৯০)
  13. এখন শ্ৰাদ্ধত আনন্দাশ্ৰু (১৯৯১)
  14. পল্লৱীৰ পৃথিৱী আদি
  15. নিজৰ পৰা নিলগত
  16. বিশ্বাস আৰু সংশয়ৰ মাজেদি (আত্মজীৱনী)

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. সাহিত্য একাডেমী বঁটা লাভ (১৯৯৬) (গ্ৰন্থ- অভিযাত্ৰী)[4]
  2. অসম উপত্যকা সাহিত্য বঁটা (২০০৩)
  3. প্ৰবীণা শ‍ইকীয়া বঁটা (২০০০)[5]
  4. শাস্বতী বঁটা (১৯৮৭)
  5. বাসন্তী দেৱী বৰদলৈ বঁটা
  6. হেম বৰুৱা বঁটা (১৯৯৪)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Nirupama Bargohain". vedanti.com. 22nd Aug 2011. http://www.vedanti.com/Legends/nirupama_bargohain.htm। আহৰণ কৰা হৈছে: February 24, 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Ditimoni Gogoi. "FAIR AND FEARLESS - An profile of Nirupama Borgohain". bipuljyoti.in. http://www.bipuljyoti.in/authors/nirupama.html। আহৰণ কৰা হৈছে: February 24, 2013. 
  3. নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১
  4. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  5. শান্তনু কৌশিক বৰুৱা (২০১২). সাহিত্যৰ জ্ঞানকোষ. প্ৰকাশক গুৱাহাটী: ৰেখা প্ৰকাশন. পৃষ্ঠা. ২৮৮, ৪২১. ISBN 978-81-923142-9-7. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]