আধুনিক গল্প সাহিত্য
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আধুনিক গল্প সাহিত্য | |
---|---|
লেখক | ত্ৰৈলোক্য নাথ গোস্বামী |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | সাহিত্য আলোচনা |
প্ৰকাশ | ১৯৬৫ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
আধুনিক গল্প সাহিত্য (ইংৰাজী: Adhunik Golpo Xahitya) হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]
গ্ৰন্থকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: ত্ৰৈলোক্য নাথ গোস্বামী
ত্ৰৈলোক্য নাথ গোস্বামী (জন্ম ১৯০৬ - মৃত্যু ১৯৮৮ চন) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত “আধুনিক গল্প সাহিত্য” নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গ্ৰন্থৰ চমু পৰিচিতি[সম্পাদনা কৰক]
গ্ৰন্থখনে চুটি গল্প, পাশ্চাত্য গল্প সাহিত্যৰ পৰিচিতিমূলক আলোচনা, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰেমচন্দৰ গল্প-আলোচনা, অসমীয়া চুটি গল্প ক্ৰমবিকাশ আদি বিভিন্ন দিশৰ আলোচনাক সামৰি লৈছে।[1]
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
- ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা।
- ১৯৬১-৬৫ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে মনোনীত, অসম সাহিত্য সভাৰ দ্বাৰা।[1]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
|