যতীন্দ্ৰ নাথ দুৱৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যতীন্দ্ৰ নাথ দুৱৰা
জন্ম ৪ মাৰ্চ, ১৮৯২
শিৱসাগৰ, অসম
মৃত্যু ৫ জুলাই, ১৯৬৪ (৭২ বছৰ)
পেচা সহিত্যিক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি বনফুল
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৫২)

যতীন্দ্ৰ নাথ দুৱৰা (ইংৰাজী: Jatindra Nath Duwara; ১৮৯২–১৯৬৪) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু সাহিত্যিক। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ তেওঁ সভাপতিত্ব কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ, আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত তেওঁৰ জন্ম হয়। দুৱৰাৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা, মাতৃৰ নাম পুণ্যদা দুৱৰা। শ্যামসুন্দৰ দুৱৰাৰ পাঁচজন পুত্ৰ আৰু দুগৰাকী জীয়ৰীৰ মাজত যতীন্দ্ৰ নাথ সবাতোকৈ কনিষ্ঠ পুত্ৰ আছিল।[2] তেওঁ শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চমাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কিছুদিন কটন কলেজত পঢ়াৰ পিছত কলিকতালৈ যায়গৈ।[3] তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ আইন পঢ়িবলৈ লয় যদিও আইনৰ পৰীক্ষা দিয়া নহ'ল।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৪৮ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰপৰাই ১৯৬০ চনত অৱসৰ গ্ৰহণ কৰে।[1] ডিব্ৰুগড়জৰ্জ ইন্সটিটিউচন (১৯১৮-১৯২১), কলিকতাত স্কটিছ চাৰ্চ কলেজিয়েট স্কুল (১৯২১-১৯৪৭)-ত শিক্ষকতা। কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা (১৯৩৭-১৯৪৭), ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত অধ্যাপনা (১৯৪৮-১৯৬০) আৰু তাৰ পৰা অৱসৰ গ্ৰহণ।

ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে অভিহিত যতীন্দ্ৰ নাথ দূৱৰাই ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ কলেজত বাৰ বছৰ ধৰি কৰ্মৰত আছিল, তেখেতে ১৯৪৮ চনৰ পৰা ১৯৬০ চনলৈ কানৈ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ দ্বায়িত্ব বহন কৰিছিল। তাৰ আগতে তেখেতে ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ কলিকতাৰ স্কটিছ চাৰ্ছ কলেজত বুৰঞ্জী বিষয়ৰ শিক্ষকতা কৰিছিল। সেই সময়ছোৱাৰ ভিতৰতে ১৯৩৮ চনৰ পৰা ১৯৪৭ চনলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ত অংশকালীনভাৱে অধ্যাপনাও কৰিছিল। শাৰীৰিক অসুস্থতাৰ হেতু তেওঁ কলিকতাৰ চাকৰি এৰি আহি উপাধ্যক্ষ লক্ষ্মীনাথ দত্তৰ উদ্যোগত ১৯৪৮ চনত তেতিয়াৰ ডিব্ৰুগড় কলেজ আৰু বৰ্তমানৰ কানৈ কলেজত যোগদান কৰেহি।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

যতীন্দ্ৰ নাথ দুৱৰা দেৱ আছিল চিৰকুমাৰ। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃততে তেওঁক বিয়াৰ বাবে পৰিয়ালেই হওক বা আন আত্মীয়-স্বজনেই হওক কোনেও বিশেষ জোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰকুমাৰ হৈয়ে থাকি গ'ল। দুৱৰাদেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড অসমৰ চাহ আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিঙৰ চাহৰ মিশ্ৰণ কৰি খাইছিল। ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত ৰসৰাজৰ পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তদুপৰি তেখেত পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰাতো আগৰণুৱা আছিল। কলিকতাত থাকিও তেখেতৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চনমানৰপৰা তেখেত শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত টাইফইড ৰোগত আক্ৰান্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল।[1]

দুৱৰাদেৱ এগৰাকী অতি পৰিপাটি, চৌখিন আৰু নিজৰ চেহেৰাৰ প্ৰতি সচেতন মানুহ আছিল। পৰিপাটিকৈ সাজ-পোচাক কৰা তেওঁৰ ব্যক্তিত্বত অন্যতম অংগ আছিল। তেখেতৰ স্বভাৱ বৰ লাজকুৰীয়া আছিল, তেখেতে নিজে লিখি থৈ গৈছে- "মোৰ লাজকুৰীয়া স্বভাৱৰ বাবে মই মানুহৰ আগত নিজৰ সম্পৰ্কে একো ক’ব নোৱাৰোঁ।" আৰু "জীৱনত কেৱল কিতাপেই কিনিছিলো আৰু তাকেই লগৰীয়া কৰি লৈছিলো।"[3]

মৃত্যু[সম্পাদনা কৰক]

যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু ১৯৬৪ চনৰ ৫ জুলাইত অসমৰ শিৱসাগৰ জিলাত হয়।[4]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

দুৱৰাদেৱে ৰচনা কৰা 'ওমৰ তীৰ্থ' অসমীয়া কাব্য সাহিত্যত চুফীবাদ বা চুফীতত্ত্বৰ সহজ সৰল আৰু সাৱলীল প্ৰকাশ। অসমীয়া কাব্য সাহিত্যলৈ তেওঁৰ আন এক অৱদান কথা কবিতা। তেওঁৰ কবিতাত টেনিশ্যন, শ্যেলী, গ্ৰে’, ৰুছো, খৈয়াম, আইভান, টুৰ্গেনিভ, হাফিজ আদি কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয় যদিও দুৱৰাই নিজস্ব শব্দ, ব্যঞ্জনা, উপস্থাপন ৰীতিৰে কবিতাসমূহক চুঁচি-মাজি ইমান নিমজ কৰি তুলিছে যে তাত সেই প্ৰভাৱৰ চিন বিচৰাটো কঠিন হৈ পৰে। ব্যক্তিগত হা-হুমুনিয়াহ, ব্যৰ্থতা, কৰুণ স্মৃতি, সাংসাৰিক দুখ, স্মৃতিকাতৰতা, নিসংগতা আদি তেওঁৰ কবিতাৰ বিষয়বস্তু, কিছুমান কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়। তেওঁৰ কবিতাত ব্যক্তি পূজাৰ ছবি এখনো ৰিণিকি-ৰিণিকি দেখা যায়। শব্দবোৰক "বুকুৰ তেজৰ ওমনিৰে সজীৱ কৰি" কবিতাৰ সৃষ্টিৰে অসমীয়া কাব্য সাহিত্যলৈ অপৰিসীম বৰঙণি আগবঢ়োৱা কবি যতীন্দ্ৰ নাথ দুৱৰাৰ অতীতক যোৱাহে পাহৰি, নাযাবা পাহৰি, শূন্য পৰিচয়, তোমালৈ, সপোনৰ সুৰ, বাটৰুৱা, নাৱৰীয়া আদি জনপ্ৰিয় কবিতাসমূহৰ অন্যতম। সৰল আৰু নিৰলঙ্কাৰ ভাষাৰে কবিতা ৰচনা কৰি প্ৰতীকৰ সহায়েৰে সুন্দৰ ভাৱে উপস্থাপন কৰিব পৰাটো আছিল তেওঁৰ কাব্য ৰচনাৰ যোগাত্মক দিশ।

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ৭৫, ৭৬, ৭৮. 
  2. Maheswar Neog (1972). Lakshminath Bezbaroa: the sāhityarathī of Assam. Dept. of Publication] Gauhati University. http://books.google.com/books?id=KGRYAAAAMAAJ। আহৰণ কৰা হৈছে: 7 June 2013. 
  3. 3.0 3.1 3.2 3.3 3.4 টিকেন্দ্ৰজিৎ গগৈ (১৬-৩১ জানুৱাৰী ২০১৯). "বনফুলৰ কবি' যতীন্দ্ৰনাথ দুৱৰা আৰু কানৈ কলেজ". প্ৰান্তিক খণ্ড অষ্টাত্ৰিংশ বছৰ, চতুৰ্থ সংখ্যা: ৩৫-৩৮. 
  4. ""কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ বিষয়ে অকণমান" (মৌচুমী বৰি)". Xahitya.Org. 2013-05-14. http://www.xahitya.org/2013/05/14/%E2%80%9C%E0%A6%95%E0%A6%AC%E0%A6%BF-%E0%A6%AF%E0%A6%A4%E0%A7%80%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%A6%E0%A7%87/। আহৰণ কৰা হৈছে: 2013-06-06. 
  5. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  6. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • অসমীয়া কবি আৰু কবিতা (ড॰ কৰবী ডেকা হাজৰিকা, পৃষ্ঠা ৪০)
  • সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৩৬)
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ৩১০)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]