আইমী বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আইমী বৰুৱা

ডিমাছা চলচ্চিত্ৰ 'চেমখৰ'ৰ শ্বুটিঙত আইমী বৰুৱা
জন্ম ২১ অক্টোবৰ
নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী পীযুষ হাজৰিকা
বঁটা, সন্মান, পুৰস্কাৰ আদি ডিমাছা ভাষাত নিৰ্মিত "চেমখৰ" ছবিৰ বাবে টেগৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত সৰ্বশ্ৰেষ্ঠ বৰ্ণনামূলক ছবি, সৰ্বশ্ৰেষ্ঠ নাৰী বিষয়ক ছবি আৰু শ্ৰেষ্ঠ নৱাগত ছবি নিৰ্মাতাৰ সন্মান লাভ[1]

আইমী বৰুৱা (ইংৰাজী: Aimee Baruah) এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

আইমী বৰুৱাৰ জন্ম হৈছিল নগাঁৱত। তেওঁৰ মাতৃৰ নাম মালা বৰুৱা আৰু পিতৃ স্বৰ্গীয় পূৰ্ণ বৰুৱা। পূৰ্ণ বৰুৱা এগৰাকী আৰক্ষী অধীক্ষক আছিল। আইমী নামটো দেউতাকে দিছিল যাৰ অৰ্থ ফৰাচী ভাষাত সুবাস।[2] আইমী বৰুৱাই অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰি চ’ছিয়েল ৱৰ্কছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

অভিনয় জীৱন[সম্পাদনা কৰক]

আইমী বৰুৱাই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই অসমৰ সাধুকথা নামৰ এখন তথ্যচিত্ৰত তেজীমলা চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তুমি মোৰ মাথোঁ মোৰ চলচ্চিত্ৰখনৰ বাবে বিবেচনা কৰা হৈছিল যদিও বয়স কম হোৱা বাবে শেষ মুহূৰ্তত তেওঁক বাতিল কৰা হয়। তাৰ পিছৰ বছৰতেই অৰ্থাৎ নৱম শ্ৰেণীত পঢ়ি থকা সময়ত আইমী বৰুৱাই প্ৰেম আৰু প্ৰেম ছবিত অভিনয় কৰাৰ সুযোগ পায়। যিখন আছিল তেওঁৰ জীৱনৰ প্ৰথমখন ছবি।[3] ইয়াৰ পিছত আইমীয়ে কেইবাখনো চিনেমা আৰ ভিচিডিত অভিনয় কৰে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

আইমী বৰুৱাই ৰাজনীতিবিদ পীযুষ হাজৰিকাৰ সৈতে ২০১১ চনৰ ১ অক্টোবৰত বিবাহপাশত আবদ্ধ হয়।[4] তেওঁলোকৰ বৰ্তমান দুটা সন্তান আছে।

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Good News: Special recognition for Aimee Baruah". Pragnews. https://pragnews.com/good-news-special-recognition-for-aimee-baruah/। আহৰণ কৰা হৈছে: 11 February 2022. 
  2. 2.0 2.1 ON Camera: UD interview with Aimee Boruah. Ramdhenu Channel. 23 November 2018. 
  3. Pathak, Bhukhan (4 March 2018). Interview With Assamese Actress Aimee Baruah. 
  4. "Who's Who". assamassembly.gov.in. http://assamassembly.gov.in/pijush-hazarika-2011.html। আহৰণ কৰা হৈছে: 2019-02-02.