তুমি মোৰ মাথোঁ মোৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
তুমি মোৰ মাথোঁ মোৰ | |
---|---|
![]() | |
পৰিচালক | জুবিন গাৰ্গ |
সংলাপ | জুবিন গাৰ্গ |
চিত্ৰনাট্য | পৱিত্ৰ মাৰ্ঘেৰিটা |
কাহিনী | জুবিন গাৰ্গ |
প্ৰযোজক | দেৱ বৰকটকী |
অভিনয়ত | |
চিত্ৰগ্ৰহণকাৰী | হৰি ৰয় |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | জুবিন গাৰ্গ |
মুক্তি |
২৫ ফেব্ৰুৱাৰী ২০০০ |
দৈৰ্ঘ্য |
১৬৭ মিনিট |
দেশ | ![]() |
ভাষা | অসমীয়া |
তুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি। জুবিন গাৰ্গ আৰু জেৰিফা ৱাহিদে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাই এই চলচ্চিত্ৰখনত ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। [1]
অভিনয়ত[সম্পাদনা কৰক]
- জুবিন গাৰ্গ
- জেৰিফা ৱাহিদ
- যতীন বৰা
- প্ৰস্তুতি পৰাশৰ
- নিপন গোস্বামী
- মৃদুলা বৰুৱা
- নিলয় গুপ্ত
- পাৰ্থ গোস্বামী
- হিৰণ্য ডেকা
- পৱিত্ৰ মাৰ্ঘেৰিটা
সংগীত[সম্পাদনা কৰক]
তুমি মোৰ মাথোঁ মোৰ | ||||
---|---|---|---|---|
চলচ্চিত্ৰ সংগীত | ||||
মুক্তি | ১৯৯৯ | |||
শৈলী/ধৰণ | বোলছবি সংগীত | |||
ভাষা | অসমীয়া | |||
লেবেল | এন. কে. প্ৰডাকচন | |||
পৰিচালক | জুবিন গাৰ্গ | |||
প্ৰযোজক | দেৱ বৰকটকী | |||
জুবিন গাৰ্গ কালক্ৰম | ||||
|
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এটি থীম সংগীতেৰে এলবামটিত মুঠ ১০টা গীত আছে। ছবিখনৰ আটাইকেইটা গীতেই দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গায়ক/গায়িকা | দৈৰ্ঘ্য | |||||||
1. | "পোহৰৰে চাকি" | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ | ||||||||
2. | "কি যে পালোঁ তোমাক হঠাতে" | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ | ||||||||
3. | "এতিয়া হিয়া মোৰ" | জুবিন গাৰ্গ | ||||||||
4. | "চকু মেলি চাওঁতে" | জুবিন গাৰ্গ | ||||||||
5. | "মায়াৱী এই ৰাতি" | জুবিন গাৰ্গ | ||||||||
6. | "ৰ'দ আজি কেনি পাওঁ" | জুবিন গাৰ্গ | ||||||||
7. | "কোনে ৰিঙিয়ায়" | জুবিন গাৰ্গ | ||||||||
8. | "গুণ গুণ" | জুবিন গাৰ্গ, লোনা সোণোৱাল | ||||||||
9. | "(থীম) তুমি মোৰ মাথোঁ মোৰ" | জুবিন গাৰ্গ | ||||||||
10. | "মলয়াৰ দুপাখিত" | জুবিন গাৰ্গ, তৰালী শৰ্মা |
- টোকাসমূহ
- ট্ৰেক ১০ হৈছে এটা বোনাচ ট্ৰেক আৰু ছবিখনত প্ৰদৰ্শিত হোৱা নাছিল কিন্তু হিয়া দিয়া নিয়া চলচ্চিত্ৰৰ পৰা লোৱা হৈছিল।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Tumi Mur Mathu Mur – Full Assamese Movie". Magicalassam.com. 2015-04-03. http://https://www.magicalassam.com/2015/04/tumi-mur-mathu-mur-assamese-movie-download.html। আহৰণ কৰা হৈছে: 2019-03-24.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- তুমি মোৰ মাথোঁ মোৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।