পবিত্ৰ মাৰ্ঘেৰিটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পৱিত্ৰ মাৰ্ঘেৰিটাৰ পৰা পুনঃনিৰ্দেশিত)
পবিত্ৰ মাৰ্ঘেৰিটা
ৰাজ্য সভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩১ মাৰ্চ, ২০২২
পূৰ্বসূৰী ৰিপুন বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ
সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১৩ অক্টোবৰ ১৯৭৪
মাৰ্ঘেৰিটা
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী গায়ত্ৰী মহন্ত
বাসস্থান গুৱাহাটী

পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তথা তেওঁ ৰাজ্যসভাৰ এগৰাকী সাংসদ (মাৰ্চ, 2022 ৰ পৰা)। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমক ৪ এপ্ৰিল, ২০২২ ৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়।[1][2] তেওঁ ২০১৪ চনত ৰাজনীতিত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হয়। তেওঁ ২০১৪ চনৰ পৰা অসম বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3] তেওঁ ছ'চিয়েল মিডিয়া কোষ, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ চনৰ পৰা ২০২১ চনলৈ অসম চৰকাৰৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4], মাৰ্ঘেৰিটাই ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চ লৈকে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব হিচাপে সেৱা আগবঢ়ায়।[5][6]

তেওঁ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ মাহেকীয়া "মায়া"ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল। তেওঁ ২০০২ চনৰ পৰা ২০০৫ চনলৈ আন এখন অসমৰ সাংস্কৃতিক মাহেকীয়া "সাৰেগামা"ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ"[সম্পাদনা কৰক]