সমললৈ যাওক

জংকী বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।

জংকী বৰঠাকুৰ
জন্ম ১ অক্টোবৰ, ১৯৭৫
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ১২ জানুৱাৰী, ২০০২
শোণিতপুৰ, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কণ্ঠশিল্পী
অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৬-২০০২
আত্মীয়-স্বজন জুবিন গাৰ্গ (জ্যেষ্ঠ ভাতৃ)
পালমী বৰঠাকুৰৰ (ভগ্নী)

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জংকী বৰঠাকুৰ জন্ম ১৯৭৫ চনৰ ১ অক্টোবৰত মহাৰাষ্ট্ৰমুম্বাইত হৈছিল কিন্তু মূলতঃ অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত আছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ ১৯৯৬ চনত উজানৰ পিৰিটি এলবামত গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল। পিছত, তেওঁ তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গৰ এলবাম যেনে "মুক্তি", "চান্দা", "ৰাংঢালী", "স্পৰ্শ" আদিকে ধৰি, ৪০০‌ ৰো অধিক গান গাইছিল।[1]

২০০২ চনৰ ১১ জানুৱাৰীত এক পথ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু হয় য'ত তেওঁলোকে তেওঁৰ সহ-শিল্পীসকলৰ সৈতে মঞ্চ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবলৈ শোনিতপুৰলৈ গৈ আছিল। ক্ষন্তেকতে ওচৰৰ চিকিৎসালয় এখনলৈ লৈ যোৱা হৈছিল আৰু পিছদিনা তাইক মৃত বুলি ঘোষণা কৰা হৈছিল।[2] পিছত, তেওঁৰ শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁৰ অন্তিমখন এলবাম "শিশু" তেওঁৰ জেষ্ঠ ভাতৃ জুবিন গাৰ্গে ২০০২ চনৰ অক্টোবৰ মাহত মুক্তি দিয়ে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "সংগীতৰ ভাষা". দ্য ইণ্ডিয়ান এক্সপ্ৰেছ. ২০১৭-০৫-১৫. https://indianexpress.com/article/lifestyle/art-and-culture/the-language-of-music-4654378/ আহৰণ কৰা হৈছে: ২০২১-১১০৪.
  2. "গাড়ী দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু". NENA. NENA. ২০০২-০২-২১. Archived from the original on 2013-03-13. https://web.archive.org/web/20130313031027/http://www.nenanews.com/NEE%20Feb.7-21,%2002/oh11.htm.