নয়নদীপ ডেকা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নয়নদীপ ডেকা বৰুৱা
জন্ম ১৯৭২ (বয়স ৪৭–৪৮)
অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা
উল্লেখযোগ্য কৰ্ম Ramanujan type congruences, partition theory


নয়নদীপ ডেকা বৰুৱা (জন্ম ১৯৭২) এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক।[1] ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত। বিশেষকৈ তেওঁ সহযোগীসকলৰ সৈতে লগ লাগি বিভিন্ন পদ্ধতিৰে বিভিন্ন বিভাজন ফলনৰ ৰামানুজন-সদৃশ সৰ্বাংগসম সম্পৰ্ক(Ramanujan type congruences)ৰ বিকাশ সাধন কৰিছে।

জীৱনী[সম্পাদনা কৰক]

শিৱসাগৰত নয়নদীপ ডেকা বৰুৱাৰ শিক্ষাজীৱন আৰম্ভ হয়। গুৱাহাটীকটন মহাবিদ্যালয়ৰ পৰা ১৯৯২ চনত তেওঁ গণিতত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ আই আই টি কানপুৰৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ২০০১ চনত পি এইচ ডি সম্পূৰ্ণ কৰে।[2] তেওঁৰ পি এইচ ডিৰ গৱেষণা পত্ৰৰ বিষয় আছিল Contributions to Ramanujan's Schlafli-type Modular Equations, Class Invariants, Theta-functions, and Continued Fractions.[3]শিলচৰঅসম বিশ্ববিদ্যালয়ত কিছুমাহ কটোৱাৰ পিছতে ১৯৯৭ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰাৰ পিছত তেওঁ ২০০৯ চনত অধ্যাপক হয়।[4] ২০০৬-০৭ বৰ্ষত এবছৰৰ বাবে তেওঁ আৰবানা-চেম্পেইনৰ ইলিন'জ বিশ্ববিদ্যালয়ত ব্ৰুচ চি বাৰ্ণ্টৰ সৈতে কাম কৰিছিল।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. ২০০৪ চনত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছছিয়েচনৰ পৰা নয়নদীপ ডেকাবৰুৱাই যুৱ বিজ্ঞানী বঁটা লাভ কৰিছিল।
  2. ২০০৫-০৬ চনত তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা এটা BOYSCAST ফেলোশ্বিপ লাভ কৰিছিল।[6]

পেচাগত অৱদান[সম্পাদনা কৰক]

বিভিন্ন বিষয়ত নয়নদীপ ডেকাবৰুৱাই প্ৰায় ৬০ খন গৱেষণা পত্ৰ লিখিছে। বিষয়সমূহ হৈছে বিশিষ্ট ফলন(special functions), মাপাংকীয় সমীকৰণ(modular equation), প্ৰাথমিক অতিগুণোত্তৰ শ্ৰেণী(Basic hypergeometric series), বিভাজন তত্ত্ব (Theory of Partitions), অবিৰত ভগ্নাংশ (Continued fractions) আদি।[7] তেওঁ বৰ্তমানলৈকে ১১ জন শিক্ষাৰ্থীৰ পি এইচ ডিৰ গাইড হিচাপে কাম কৰিছে।[8] তেওঁ অসমৰ লগতে ভাৰতৰ আন ঠাইতো শিক্ষানুষ্ঠান আৰু বিদ্যায়তনিক সমাৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে বহুতো বক্তৃতা প্ৰদান কৰিছে। অনলাইন আলোচনী গণিত চ'ৰাৰো তেওঁ এজন পৰামৰ্শদাতা।[9] বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত বিভিন্ন সমিতিৰ সদস্য হিচাপে তেখেতে কাম কৰিছে।[10]

গৱেষণা পত্ৰ[সম্পাদনা কৰক]

  1. Deka Baruah, Nayandeep; Berndt, Bruce C. (August 2007). "Partition identities and Ramanujan's modular equations". Journal of Combinatorial Theory Series A খণ্ড 114 (6): 1024-1045. doi:10.1016/j.jcta.2006.11.002. https://www.researchgate.net/publication/220077492_Partition_identities_and_Ramanujan's_modular_equations. 
  2. Deka Baruah, Nayandeep; Berndt, Bruce C. (May 2008). "Ramanujan's series for arising from his cubic and quartic theories of elliptic functions". Journal of Mathematical Analysis and Applications খণ্ড 341 (1): 357-371. doi:10.1016/j.jmaa.2007.10.011. https://www.researchgate.net/publication/222560531_Ramanujan's_series_for_arising_from_his_cubic_and_quartic_theories_of_elliptic_functions. 
  3. Deka Baruah, Nayandeep; Berndt, Bruce C. (September 2009). "Ramanujan's Eisenstein series and new hypergeometric-like series for". Journal of Approximation Theory খণ্ড 160 (1-2): 135-153. doi:10.1016/j.jat.2008.04.002. https://www.researchgate.net/publication/222153306_Ramanujan's_Eisenstein_series_and_new_hypergeometric-like_series_for. 
  1. Deka Baruah, Nayandeep; Kaur, Mandeep (September 2019). Some results on vanishing coefficients in infinite product expansions. https://www.researchgate.net/publication/335319434_Some_results_on_vanishing_coefficients_in_infinite_product_expansions. 
  2. Deka Baruah, Nayandeep; Begum, Nilufar Mana (August 2019). Generating Functions and Congruences for Some Partition Functions Related to Mock Theta Functions. https://www.researchgate.net/publication/335319256_Generating_Functions_and_Congruences_for_Some_Partition_Functions_Related_to_Mock_Theta_Functions. 


তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]