কামেশ্বৰ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কামেশ্বৰ দাস
জন্ম ১ মাৰ্চ, ১৮৯৩
বামখাটা গাঁও, বৰপেটা, অসম
মৃত্যু ১ ছেপ্টেম্বৰ, ১৯৬৬
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
ক্ষেত্ৰ গণিত বিজ্ঞান, প্ৰশাসনিক সেৱা
জনা যায় কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ[1]

কামেশ্বৰ দাস (জন্ম: ১ মাৰ্চ ১৮৯৩ - মৃত্যু: ১ ছেপ্তেম্বৰ ১৯৬৬) হৈছে অসমৰ এজন গণিতজ্ঞ। তেখেত হৈছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ।[1] ঘৰুৱা আৰ্থিক দৈনতাত বিদ্যালয়লৈ যাব নোৱাৰা কামেশ্বৰ দাসে পথাৰত গৰু চৰাই থাকোতে কাষৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা অহা পাঠদান শুনি শুনিয়েই যথেষ্ট পাঠ আয়ত্ত কৰিছিল। পিছলৈ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু গণিতত থকা প্ৰচুৰ মেধাশক্তিৰ বাবে বিদ্যালয়ৰ শিক্ষক কেইজনমানৰ প্ৰচেষ্টাত কামেশ্বৰে আনুষ্ঠানিক শিক্ষা লাভ কৰে।[1] মেধাৰ বলত দৰিদ্ৰতাকো নেওচি তেওঁ ১৯১১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সদৌ অসম উপত্যকাৰ ভিতৰতে দ্বিতীয়স্থান অধিকাৰ কৰিছিল।[1] ব্যৱসায়,অসম বিধানসভাৰ সদস্য,বৰপেটাএম ছি মহাবিদ্যালয় আৰু পাঠশালাবজালী মহাবিদ্যালয়ৰ অধ্যক্ষপদ আৰু অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দৰে দায়িত্বপূৰ্ণ পদবীয়ে তেখেতক প্ৰশাসনিক দিশত আত্মনিয়োগ কৰাইছিল।[1] পিছলৈ গণিত শাস্ত্ৰক চাহ-এৰা দিয়াৰ বাবে অসমে কামেশ্বৰ দাসৰ মাজত থকা সম্ভাব্য গণিত বিজ্ঞানীজনক হেৰুৱায়।[1]

জন্ম পৰিচয়[সম্পাদনা কৰক]

অবিভক্ত কামৰূপ আৰু বৰপেটা জিলাৰ বজালী অঞ্চলৰ বামাখাটা নামৰ এখন অখ্যাত গাঁৱত জন্ম লাভ কৰিছিল। তেখেতৰ জন্ম তাৰিখ আছিল ১৮৯৩ চনৰ ১ মাৰ্চ। পিতৃ আৰু মাতৃ ক্ৰমান্বয়ে বাণহু আৰু ৰতিপ্ৰিয়া।[1] কামেশ্বৰ দাসৰ সৰুকালৰ নাম আছিল 'কামো'।[1] তেওঁলোকৰ ঘৰটো আছিল চকোৱাৰে বেৰ আৰু নৰাখেৰৰে ছাউনি দিয়া একোঠলীয়া উৰুখা পঁজা।[1]

জন্ম তাৰিখ সম্বন্ধীয় বৃত্তান্ত[সম্পাদনা কৰক]

কামেশ্বৰ দাসৰ জন্ম তাৰিখটো আনুমানিকহে, শিক্ষকে দিয়া তাৰিখ। এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক চিদানন্দ দাস আৰু কেইজনমান বৰেণ্য লোকে তেখেতক বয়সৰ কথা সোঁধোতে কৈছিল- "এওঁলোকে একো নাজানেহে। মই যে আঠ-দহ বছৰলৈকে পথাৰগৰু চৰাই আছিলোঁ সেইবোৰ তেওঁলোকে বয়সৰ হিচাপত ধৰাই নাই।"[2]

শৈশৱকাল[সম্পাদনা কৰক]

কপৰ্দকহীন পৰিয়ালৰ সন্তান কামোৰ কোনো সোঁৱৰণি বা জন্ম পত্ৰিকা নাছিল। দিন হাজিৰা কৰা বাণহুৰ উপাৰ্জনেৰে ঘৰখনৰ প্ৰয়োজন পূৰ নহৈছিল। মাক ৰতিপ্ৰিয়াৰ কোলাত চতুৰ্থ সন্তান আহোঁতেই বাণহু টান নৰিয়াত পৰে। গাত নিহালি বুলিবলৈ তেওঁলোকৰ আছিল দৰ্জিৰ ডোৰা-কানিৰে চিলাই কৰা এখন শতছিন্ন ময়লা কাপোৰ। তাকে টনাটনি কৰি উদং শেতেলিখনত ছটা প্ৰাণীয়ে আঁঠু দুটা বুকুৰ ওচৰলৈ আনি কুঁচিমুচি শুইছিল। কেতিয়াবা ৰতিপ্ৰিয়াই জেংখৰিৰে জুই একুৰা জ্বলাই কাষতে থৈলা পাৰি শুইছিল। কেইদিনমান পিছতে পিতৃ বাণহুৰ মৃত্যু হয় আৰু তাৰ কেইমাহমান পিছতে ঘৰৰ ডাঙৰ ল'ৰা দুটাও টান নৰিয়াত পৰি মৃত্যুমুখত পৰে। ৰতিপ্ৰিয়াৰ কাষত কামো আৰু কেঁচুৱা চতুৰ্থটো সন্তান থাকেগৈ।[1]

জীৱন নিৰ্বাহৰ হকে তেওঁলোকৰ সংগ্ৰাম আৰম্ভ হ'ল। ধন উপাৰ্জনৰ পথ বিচাৰি ৰতিপ্ৰিয়াই আনৰ ঘৰত ধান বনা,তাঁত বোৱা, ভূঁই ৰোৱা, কাপোৰ ধোৱা,বাচন বৰ্তন ধোৱা ইত্যাদি কাম কৰিছিল। কামোৱেও নূন্যতম পাৰিশ্ৰমিকৰ বিনিময়ত বন্ধা হৈ আনৰ ঘৰৰ গৰু-ম'হ চৰাবলৈ হাতত লেকেচি তুলি লৈছিল।[1]

শিক্ষাজীৱন[সম্পাদনা কৰক]

দুখনীয়া কাছুটি পিন্ধা কামোৱে এপাল গৰু-ম'হৰ সৈতে বামখাটা গাঁৱৰ চৈচয়া পথাৰখনলৈ সদায় গৈছিল। পথাৰৰ কাষতে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খন অৱস্থিত।[1] সাংগীতিক লয়ত পাঠ কৰা গণিতৰ পাঠসমূহ যেনে-একত একে এঘাৰ এক দহ এক,একত দুই বাৰ, দুয়ে তিনিয়ে পাঁচ,পাঁচৰ দুই গ'ল থাকিল তিনি আদি গীতসমূহ বিদ্যালয়খনৰ পৰা ভাঁহি আহিছিল। পথাৰৰ নৰাবোৰৰ মাজত গৰু-ম'হজাক চৰিবলৈ এৰি দি কামোৱে বিদ্যালয়খনৰ পৰা ওফৰি অহা সাংখ্যিক গীতবোৰ পিছফালে কাণি-দুৱৰীকৈ মেলখোৱা খিৰিকীখনৰ কাষত থিয় হৈ একাণপতীয়াকৈ শুনি থাকিছিল। প্ৰতিদিনে গৰুৰখীয়া ল'ৰা এটাই খিৰিকী খনৰ কাষত থিয় হৈ একান্তমনে পাঠদান শুনি থকা ঘটনাটো শিক্ষকজনৰ চকুত পৰিছিল।[1]

শিক্ষাগ্ৰহণৰ আগৰ সময়[সম্পাদনা কৰক]

১৯০১ চনৰ কোনো এটা মাহৰ কোনো এটা দিনত শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলক আগদিনাৰ পাঠদানৰ পৰা এটা গণিতৰ প্ৰশ্ন কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ পৰা কোনো উত্তৰ নোপোৱাত শিক্ষকজনে সদায় লক্ষ্য কৰি থকা গৰখীয়া ল'ৰাটোক অৰ্থাৎ কামোক সুধিলে। গৰখীয়া কামোৱে থিতদাহে উত্তৰ দিলে। শিক্ষকজন কামোৰ মেধাৰ প্ৰতি আকৃষ্ট হৈ কথাখিনি প্ৰধান শিক্ষক সন্তৰাম চৌধুৰীক সদৰি ক'লে।[1] চৌধুৰীয়ে কামোক পঢ়িবলৈ ইচ্ছা থকা-নথকাৰ বিষয়ে সুধিলত কামোৱে ইচ্ছা থাকিলেও অভাৱ অনাটনে এথুঁতৰীয়া কৰা ঘৰখনৰ কাৰণে মাক ৰতিপ্ৰিয়াই পঢ়িবলৈ নিদিব বুলি জনায়। চৌধুৰীয়ে কামোৰ ভিতৰত লুকাই থকা অসাধাৰণত্বক বুজি উঠিছিল। সেয়ে তেওঁ মাকক ল'ৰাটোক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ অনুৰোধ জনাই যদিও মাকৰ খঙহে উঠে। বহু বুজনিৰ অন্তত মাকে এটা চৰ্তত সন্মতি দিয়ে যে ল'ৰাটোৰ পাৰিশ্ৰামিক খিনি পাই থাকিলে বিদ্যালয়লৈ পঢ়িবলৈ যাবলৈ দিব।[1]

আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি[সম্পাদনা কৰক]

১৯০১ চনত কামো বামখাটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ হয়। তাতেই 'কামো' নামৰ ঠাইত কামেশ্বৰ দাস আৰু পিতৃৰ নাম 'বাণহু'ৰ ঠাইত বাণেশ্বৰ দাস কৰে।[1]১৯০৪ চনত কামো বৃত্তিসহ বামখাটা প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হয় আৰু চৌখুটি এম ভি স্কুলত নামভৰ্তি কৰে।[1]

মাধ্যমিক শিক্ষা[সম্পাদনা কৰক]

চৌখুটি এম ভি স্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত কামেশ্বৰ দাসে বৰপেটা মহকুমাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে।[1] প্ৰধান শিক্ষক সন্তৰাম চৌধুৰী,চৌখুটি এম ভি স্কুলৰ প্ৰধান শিক্ষক পৰমানন্দ দত্তচৌধুৰী, বিজনী মৌজাৰ মৌজাদাৰ পুষ্পৰাম চৌধুৰী এইসকল আছিল কামেশ্বৰ দাসৰ শিক্ষাজীৱনৰ আৰ্থিক তথা মানসিক সাৰথি। লগত নিজৰ অপৰিসীম পৰিশ্ৰম। ফলত ১৯১১ চনত কামেশ্বৰ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সদৌ অসম উপত্যাকাৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল।[1] প্ৰথম স্থান অধিকাৰ কৰা ব্যক্তি জন আছিল পণ্ডিত ড০ বাণীকান্ত কাকতি (১৮৯৪-১৯৫২)।[1] ১৯১১ চনতে কলিকতা বিশ্ববিদ্যালয়এ পূৰ্বৰ এণ্ট্ৰেন্স পৰীক্ষা ৰদ কৰি প্ৰৱেশিকা পৰীক্ষা প্ৰৱৰ্তন কৰিছিল আৰু সেই‌ সময়ত একমাত্ৰ পৰীক্ষাকেন্দ্ৰ আছিল গুৱাহাটী। পৰীক্ষা দিবলৈ দাস বৰপেটাৰ পৰা গুৱাহাটীলৈ খোজকাঢ়ি আহিছিল।[1]

উচ্চ শিক্ষা[সম্পাদনা কৰক]

১৯১৩ চনত কটন মহাবিদ্যালয়ৰ পৰা আই এছ ছি পৰীক্ষাত বৃত্তিসহ উত্তীৰ্ণ হয়।[1] সেই সময়ত এই মহাবিদ্যালয়ত গণিত বিষয়ত অনাৰ্চ (বৰ্তমান মেজৰ) পাঠ্যক্ৰম নথকাত দাসে ঢাকাত বি এছ ছি পঢ়িবলৈ যায়। ১৯১৫ চনত গণিত বিষয়ত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ (বিজ্ঞান শাখা) উপাধি লাভ কৰে। একে বছৰতে বি এল ডিগ্ৰীও লাভ কৰে।[1]

গৱেষণা[সম্পাদনা কৰক]

কলিকতা বিশ্ববিদ্যালয়ত পঢ়োঁতে দাস গণিত শাস্ত্ৰৰ পণ্ডিত তথা বেংগল কেশৰী ছাৰ আশুতোষ মুখোপাধ্যায়ৰ (১৮৬৪-১৯২৪) প্ৰিয় ছাত্ৰ আছিল। তেখেতৰ অনুমোদন ক্ৰমে অসম চৰকাৰৰ পৰা এবছৰীয়া জলপানি লৈ দাসে চি ই কুলিছ (C E Cullis) নামৰ এজন গণিতৰ অধ্যাপকৰ অধীনত গৱেষণা কৰিছিল। গৱেষণা কৰি থকা সময়তে তেখেতে নিৰ্ণায়ক তত্ত্ব বা Theory of determinants Vol.II নামৰ আলোচনী এখনত গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।[3] এবছৰীয়া জলপানি বন্ধ হোৱাত তেখেতৰ গৱেষণাৰ কাম বন্ধ হৈ পৰিছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰিয় ছাত্ৰ আছিল বাবে ছাৰ আশুতোষ মুখোপাধ্যায়ে গণিত বিষয়ত অধ্যাপকৰ পদ খালী হওঁতে কামেশ্বৰ দাসলৈ ডাকযোগে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু যোগাযোগৰ ব্যৱস্থা শোচনীয় হোৱা হেতুকে এই প্ৰাপ্তিৰ পৰা তেওঁ বঞ্চিত হ'ল।[1] কামেশ্বৰ দাস কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে কলিকতা গণিত সমাজ (Calcutta Mathematical Society)ৰ সদস্য আছিল। আইনৰ ডিগ্ৰী লৈ দাসে বৰপেটাত অধিবক্তা হিচাপে কাম কৰিছিল।[1] কিছুদিন ব্যৱসায়ো কৰিছিল।

অসম বিধানসভাৰ সদস্য, বৰপেটাৰ এম ছি মহাবিদ্যালয় আৰু পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ অধ্যক্ষপদ আৰু অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দৰে দায়িত্বপূৰ্ণ পদবীয়ে তেখেতক প্ৰশাসনিক দিশত আত্মনিয়োগ কৰাইছিল। ফলত কোনোবা এচুকত অযত্নপালিত ছবি এখন কেৰেচীয়াকৈ ওলমি থকাৰ দৰে তেখেতৰ সৃষ্টিপ্ৰসূত মনত বৌদ্ধিক বৈৰাগ্যই দেখা দিছিল। শেষলৈ গণিতশাস্ত্ৰক চাহ-এৰা দিয়াৰ দৰে হোৱাত অসম মাতৃয়ে সম্ভাৱ্য গণিত বিজ্ঞানীক হেৰুৱায়।[1]

বৰঙণি[সম্পাদনা কৰক]

কামেশ্বৰ দাসে ঘোঁৰাৰ ৰং, গঠন আৰু ওজনৰ ওপৰত ভিত্তি কৰি 'সম্ভাৱিতা সূত্ৰ'ৰ সহায়ত কোনটো ঘোঁৰা জয়ী হ'ব তাৰ সম্ভাৱিতা উলিয়াব পাৰিছিল।[1]এই ক্ষেত্ৰত তেওঁৰ সফলতা ৮০% বুলি জনা যায়।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

নʼবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী চি ভি ৰমণে (১৮৮৮-১৯৭০) ৰমণ প্ৰক্ৰিয়া তত্ত্ব আৱিষ্কাৰ কৰোঁতে তাত ব্যৱহৃত গাণিতিক গণনাসমূহত দাস ডাঙৰীয়াৰ সহায় লৈছিল। সেয়েহে ৰমণেে গৱেষণা পত্ৰৰ পাতনিত কামেশ্বৰ দাসৰ নাম উল্লেখ কৰিছে। ১৯৫১ চনত ৰমণ ডাঙৰীয়া কটন মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত মুখ্য অতিথি হিচাপে যোগদান কৰিবলৈ আঁহোতে কামেশ্বৰ দাসৰ খবৰহে লৈছিল। সেই সময়ত দাস অসম লোকসেৱা আয়োগৰ অধ্যক্ষ আছিল। চি ভি ৰমণে আহিয়েই তেখেতৰ খবৰ লোৱাৰ বাবে কলেজ কৰ্তৃপক্ষই দাস ডাঙৰীয়াৰ গুৰুত্ব উপলব্ধি কৰি তেখেতক সোণালী জয়ন্তীৰ মুকলি অধিৱেশনত ভাষণ দিবলৈ নিমন্ত্ৰণ কৰে।[1][3]

দেহাৱসান[সম্পাদনা কৰক]

১৯৬৬ চনৰ ১ ছেপ্টেম্বৰত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 1.16 1.17 1.18 1.19 1.20 1.21 1.22 1.23 1.24 1.25 1.26 1.27 1.28 1.29 কুমুদ শইকীয়া (জানুৱাৰী ২০২০). "কামেশ্বৰ দাস: এটি অসাধাৰণ জীৱনগাথা". প্ৰান্তিক খণ্ড : ৩৪, ৩৫. 
  2. "আদৰ্শবান লোক কামেশ্বৰ দাস". গৰীয়সী. ফেব্ৰুৱাৰী ১৯৯৭. 
  3. 3.0 3.1 "কামেশ্বৰ দাসঃ এক অসাধাৰণ প্ৰতিভা". গণিত বিকাশ. জুলাই-ডিছেম্বৰ ১৯৯৭.