জ্যোতিপ্ৰসাদ মেধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতিপ্ৰসাদ মেধি

জন্ম ১ জুলাই ১৯২৪ চন
ৰামদিয়া, কামৰূপ, অসম
মৃত্যু ৩ ফেব্ৰুৱাৰী, ২০১৭ চন
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
ক্ষেত্ৰ পৰিসংখ্যা বিজ্ঞান
শিক্ষানুষ্ঠান কটন কলেজ
কলিকতা বিশ্ববিদ্যালয়
মানচেষ্টাৰ বিশ্ববিদ্যালয়, ইংলেণ্ড
ছৰবন বিশ্ববিদ্যালয়, ফ্ৰান্স
জনা যায় Queueing theory, Stochastic process, Statistics

জ্যোতিপ্ৰসাদ মেধি (ইংৰাজী: Jyotiprasad Medhi) (১ জুলাই, ১৯২৪-৩ ফেব্ৰুৱাৰী, ২০১৭) এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে।[1][2][3]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

১৯২৪ চনত কামৰূপ জিলাৰ ৰামদিয়াত জ্যোতিপ্ৰসাদ মেধিৰ জন্ম হৈছিল।[1]তেওঁৰ পিতৃ-মাতৃৰ নাম যথাক্ৰমে বিনন্দী চন্দ্ৰ মেধি আৰু কাদম্বৰী মেধি। তেওঁৰ ঘৰখন শিক্ষা-দীক্ষাত আগবঢ়া হোৱাৰ উপৰি অসমীয়া সাহিত্যক্ষেত্ৰলৈও পৰিয়ালটোৰ বহুমূলীয়া অৱদান আছে। জ্যোতিপ্ৰসাদৰ ককা তথা মাতৃ কাদম্বৰীৰ পিতৃ কালিৰাম মেধি এগৰাকী প্ৰখ্যাত অসমীয়া সাহিত্যিক। আকৌ, কালিৰাম মেধিৰ পুত্ৰ তথা জ্যোতিপ্ৰসাদৰ মোমায়েক সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ চুটিগল্পকাৰ।

শিক্ষা[সম্পাদনা কৰক]

দেউতাকৰ কৰ্মসূত্ৰে পৰিয়ালটো ডিব্ৰুগড়ত থকাত জ্যোতিপ্ৰসাদে ডিব্ৰুগড়ৰ পৰাই শিক্ষাজীৱনৰ পাতনি মেলিছিল। ১৯৪০ চনত ডিব্ৰুগড় চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰে। কটনৰ পৰা ১৯৪৪ চনত অনাৰ্ছসহ বিএছছি ডিগ্ৰী লাভ কৰাৰ পিছত পৰৱৰ্তী শিক্ষালাভৰ বাবে তেওঁ কলিকতা বিশ্ববিদ্যালয়লৈ যায়। বিএছছি পৰীক্ষাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে তেখেতে দুটা সোণৰ পদক লাভ কৰে- এটা ছুডমাৰ্ছন সোণৰ পদক আৰু আনটো ৰজনীকান্ত বৰাট সোণৰ পদক ৷ ১৯৪৭ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দুটা সোণৰ পদকসহ (দেবেন্দ্ৰনাথ গংগোপাধ্যায় সোণৰ পদক ’অভিলেখসংখ্যক নম্বৰ’ৰ বাবে আৰু স্নাতকোত্তৰ সোণৰ পদক প্ৰথম স্থান লাভ কৰা বাবে) প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানলৈ বিশুদ্ধ গণিত বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1]

১৯৫২ চনত অসম চৰকাৰৰ পৰা দহহেজাৰ টকাৰ ঋণ এটা লৈ তেওঁ উচ্চ শিক্ষাৰ বাবে বৃটেইনলৈ যায় আৰু মানচেষ্টাৰ বিশ্ববিদ্যালয়ত পৰিসংখ্যা বিজ্ঞানত এম এছ ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে। তাত তেওঁ প্ৰাধ্যাপক এম এছ বাৰ্লেটৰ অধীনত কাম কৰিছিল।[1] তেওঁৰ গৱেষণাৰ বিষয়বস্তু আছিল Time Series Analysis.

জ্যোতিপ্ৰসাদ মেধিৰ প্ৰথম গৱেষণা পত্ৰখন আছিল - On the efficiency of procedures for smoothing periodogram from time series with continuous spectra যিখন তেওঁ প্ৰাধ্যাপক এম এছ বাৰ্লেট্‌ৰ সৈতে লিখিছিল। ১৯৫৫ চনত লণ্ডনৰ পৰা প্ৰকাশিত বায়মেট্ৰিকা(Biometrika)ত গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল।[1]

মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা এম এছ ডিগ্ৰী সম্পূৰ্ণ কৰি মেধিয়ে পেৰিছ বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে যোগদান কৰে। গৱেষণাৰ অন্তত দাখিল কৰা থেছিছ অৰ্থাৎ গৱেষণা-গ্ৰন্থখন ফৰাছী ভাষাত জমা দিয়াতো বাধ্যতামূলক আছিল বাবে ডক্টৰেট ডিগ্ৰীৰ কাৰ্যকালৰ সমানে সমানে তেওঁ ফৰাছী ভাষাতো এটা ডিপ্লমা 'mention Honorable' সহ সম্পূৰ্ণ কৰিছিল৷

মেধিয়ে প্ৰাধ্যাপক ৰ’বাৰ্ট ফ’ৰটেটৰ অধীনত ডক্টৰেট (ডিএছছি) ডিগ্ৰীৰ গৱেষণা কৰিছিল। ১৯৫৬ চনত পেৰিছ বিশ্ববিদ্যালয়ে তেওঁক Tres-Honorable বুলি আখ্যা দি Dr-es-Sc (D.Sc) ডিগ্ৰী প্ৰদান কৰে।[1] তেওঁৰ কোষগ্ৰন্থৰ শীৰ্ষক আছিল, “Problemes d'estimation Statistique relatifs a certains processus stationnaires de second ordre”

সেই বছৰতে তেওঁ অসমলৈ ঘূৰি আহি পুনৰ গ‌ুৱাহাটী বিশ্ববিদ্যালয়ত যোগ দিয়ে। উল্লেখ কৰিব পাৰি যে ডিএছচি ডিগ্ৰীৰ বাবে তেখেতে কোষগ্ৰন্থ (Thesis) ফৰাচী ভাষাত লিখিছিল। আৰম্ভণিতে গ‌ুৱাহাটী বিশ্ববিদ্যালয়ত গণিত আৰু পৰিসংখ্যা বিজ্ঞান একেটা বিভাগ আছিল। পিছলৈ দুটা সুকীয়া বিভাগ হয়। ড° মেধিৰ নেতৃত্বত পৰিসংখ্যা বিজ্ঞান বিভাগ এটা জাকতজিলিকা বিভাগত পৰিণত হয়। এই বিভাগৰ অধ্যাপক আৰু মুৰব্বী হিচাপে তেখেতে ১৯৮৫ চনত অৱসৰ লয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪৮ চনত জ্যোতিপ্ৰসাদ মেধিয়ে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত (বৰ্তমান বিশ্ববিদ্যালয়) গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে। কিন্তু তাত তেওঁ বেছিদিন নাছিল। সেইবছৰতে গুৱাহাটীৰ জালুকবাৰীত অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত অধ্যাপকৰ দায়িত্ব ল'বলৈ আমন্ত্ৰণ লাভ কৰে। মেধিয়ে আমন্ত্ৰণ গ্ৰহণ কৰি ১৯৪৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত আৰু পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যাপকৰূপে যোগদান কৰে।[1] [4]

বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ মাজতেই তেওঁ ইংলেণ্ড আৰু ফ্ৰান্সত উচ্চশিক্ষা গ্ৰহণ কৰি আহিছিল। ১৯৮৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী সন্মানীয় ‘এমেৰিটাছ প্ৰফেছৰ’ আছিল৷

তেওঁৰ অধীনত ডক্টৰেট ডিগ্ৰী লোৱা প্ৰথমজন ছাত্ৰ আছিল Tata Subba Rao । চৰকাৰী জলপানী লৈ দাক্ষিণাত্যৰ পৰা চুব্বা ৰাও গ‌ুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছিল অধ্যাপক মেধিৰ অধীনত গৱেষণা কৰিবলৈ। পিছলৈ ড° চুব্বা ৰাও মান্‌ছেষ্টাৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। ড° ৰাওৰ পিচত অধ্যাপকে মেধিৰ তত্ত্বাৱধানত কেইবাজনো কৃতবিদ্য লােকে গৱেষণা কৰে।

তেওঁ সুদীৰ্ঘদিন অধ্যাপনা কৰাৰ কালছোৱাতে দেশ-বিদেশৰ বহুতো বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ দায়িত্ব পালন কৰিছিল। কানাডা, ব্ৰিটেইন, আমেৰিকা আদি দেশসমূহৰ উপৰি ভাৰতৰ বহুকেইখন বিশ্ববিদ্যালয়, আই আই টি আৰু গৱেষণা প্ৰতিষ্ঠানত তেওঁ পৰিসংখ্যা বিজ্ঞানৰ বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত হৈছিল।

১৯৭৯ চনত তেখেতে ‘জনসংখ্যা গৱেষণা কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰি সঞ্চালক হিচাপে কাম কৰে। ১৯৮৫-৮৯ চনত ইন্‌ষ্টিটিউট অফ্‌ এডভাঞ্চড্‌ ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন’লজি (অসম) (IASST) ৰ সঞ্চালক পদত কাম কৰে।

১৯৮৫-৯০ চনত অসম ৰাজ্যিক শিক্ষক অধ্যক্ষ বাচনি পৰিষদৰ সভাপতি, ১৯৯৩-৯৫ চনত অসম চৰকাৰৰ শিক্ষা সংস্কাৰ আয়োগৰ অধ্যক্ষ পদত থাকে। ইয়াৰ উপৰি মেধি ১৯৬৩ চনৰ পৰা আমেৰিকাৰ মেথেমেটিকেল ষ্টেটিছটিকছ্‌ৰ সদস্য, ১৯৭৮-৭৯ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ পৰিসংখ্যা বিজ্ঞান শাখাৰ সভাপতি, ১৯৮১ চনত ইণ্ডিয়ান ছচাইটি ফৰ প্ৰবেবিলিটি এণ্ড ষ্টেটিছটিকছৰ উপ-সভাপতি, পাছলৈ সভাপতি, ১৯৭৯-৮১ চনত অসম বিজ্ঞান সমিতিৰ সভাপতি পদত থাকি বিভিন্ন দিশত বৰঙণি আগবঢ়াই থৈ গৈছে। তদুপৰি বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষণামূলক আলোচনী সম্পাদনা কৰাৰ লগতে প্ৰায় ৫০ খন গৱেষণা-পত্ৰ ৰচনা কৰি থৈ গৈছে। ইয়াৰ লগতে কেইবাখনো দেশত অধ্যাপক আৰু গৱেষক ৰূপে আমন্ত্ৰণ লাভ কৰিছিল। ইয়াৰ ভিতৰত কানাডাৰ মণ্ট্ৰিল বিশ্ববিদ্যালয়, মেকমাষ্টাৰ বিশ্ববিদ্যালয়, আমেৰিকা উইস্কনিচন বিশ্ববিদ্যালয়, টৰেণ্ট’ বিশ্ববিদ্যালয় অন্যতম।

মেধিয়ে বহুকেইখন গ্ৰন্থৰে সৃষ্টিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৮২ চনত ‘ষ্ট’কাষ্টিক প্ৰছেছেজ’, ১৯৮৪ চনত ‘ৰিচেণ্ট ডেভেলপমেণ্টছ ইন বাল্ক কিউইং মডেলছ’, ১৯৯১ চনত ‘ষ্ট’কাষ্টিক মডেলছ ইন কিউইং থিঅ’ৰী’, ১৯৯২ চনত ‘ষ্টেটিষ্টিকেল মেথডছ্‌’, ১৯৯৪ চনত ‘এক-দুই, যোগ-বিয়োগঃ সসীম গণিতৰ আদিপাঠ’ অন্যতম৷ চতুৰ্থখন কিতাপৰ অসমীয়া অনুবাদো প্ৰকাশ পাইছে৷

প্ৰথমখন কিতাপ সম্বন্ধে বিশ্বৰ পণ্ডিতসকল প্ৰসংশাত পঞ্চমুখ। কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পোৱাৰ পিছত The American Mathematical Monthly (December,1982)-এ এনেদৰে মন্তব্য কৰিছিল, '...This is the clear choice amongst a dozen or a more competing texts'। Professor Marcel F Neuts-এ কৈছে— 'Professor Medhi's book belongs on the desk, rather then on the shelf, of every person who uses probability in his or her job'।

দেশ-বিদেশৰ বহু শিকাৰু, গৱেষকে তেওঁৰ গৱেষণাপত্ৰ তথা গ্ৰন্থৰ বহুল প্ৰয়োগ কৰে। Erol Geleube লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ অধ্যাপক। তেওঁ তেওঁৰ কেইবাখনো গৱেষণাপত্ৰত ড° মেধিৰ কৰ্মৰ উল্লেখ কৰিছে আৰু তাত ভেজা দি নতুন তত্ত্ব উপস্থাপন কৰিছে।২০০৬ চনত প্ৰকাশিত এখন গৱেষণাপত্ৰত (A Diffusion Model for Packet Travel Time in a Random Multi-Hop Medium) আইনষ্টাইন আৰু মেধিৰ প্ৰসংগ একেলগে উত্থাপন কৰিছে। কিউবাৰ Professor E valdes Castro-এ ২০০৮ চনৰ ২৪ নৱেম্বৰত ই-মেইলযোগে অধ্যাপক মেধিক জনাইছিল যে অধ্যাপক মেধিৰ কিতাপ পঢ়িয়ে তেওঁ Queueing System সম্বন্ধে ভাষণ দিছিল। Oklahoma State Universityৰ Allyn Baskervilla নামৰ গৱেষিকা এগৰাকীয়ে কিবা কথা বুজাই টান পাইছিল। ড° মেধিৰ লগত যোগাযোগ কৰোঁতে মেধিয়ে জঁট ভাঙি দিলে।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

নিৰ্বাচিত গৱেষণা-পত্ৰ[সম্পাদনা কৰক]

কিতাপ[সম্পাদনা কৰক]

  1. Stochastic Processes (১৯৮২)[5]
  2. Stochastic Models in Queueing Theory (১৯৯১)
  3. Introduction to Queueing System and Applications
  4. Statistical Methods:In Introductory text
  5. এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা[3]

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদ মেধিয়ে গণিত আৰু পৰিসংখ্যা বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে বহুকেইখন শিক্ষানুষ্ঠানে তেওঁক সন্মানীয় উপাধি প্ৰদান কৰিছে।

আই আই টি গুৱাহাটীৰ গণিত বিভাগলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰতিষ্ঠানখনৰ গণিত বিভাগে তেওঁৰ মৃত্যুৰ পিছত প্ৰতিবছৰে "জ্যোতি প্ৰসাদ মেধি এনুৱেল মেমৰিয়েল লেকছাৰ" আয়োজন কৰিবলৈ লৈছে।[3]

মৃত্যু[সম্পাদনা কৰক]

২০১৭ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জ্যোতিপ্ৰসাদ মেধিৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।[2] মৃত্যুৰ সময়ত তেওঁ পত্নী প্ৰীতি মেধি, পুত্ৰ দীপাংকৰ (দীপ) মেধি আৰু শ‌ুভংকৰ মেধি, কন্যা শকুন্তলা চৌধুৰী আৰু অলকানন্দ ডেকাকে ধৰি তিনিজন ভাতৃ হৰিপ্ৰসাদ মেধি, প্ৰমোদ চন্দ্ৰ মেধি, ডা° ৰমা মেধি, আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 হেমন্ত কুমাৰ শৰ্মা (নৱেম্বৰ,২০১৯). চাকৰি কʼতেনো পাম. প্ৰদীপ কুমাৰ ডুবে. পৃষ্ঠা. ৯২ ৰ পৰা ১০৭. 
  2. 2.0 2.1 "Dr Jyoti Medhi breathes his last". https://www.sentinelassam.com/top-headlines/dr-jyoti-prasad-medhi-breathes-his-last/. 
  3. 3.0 3.1 3.2 "ড॰ জ্যোতিপ্ৰসাদ মেধি: এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ". https://as.gonitsora.com/jyoti-prasad-medhi/. 
  4. Deep Medhi (December, 2017). Jyotiprasad Medhi- A memorial. http://medhi.org/misc/JMedhi-Memorial-eBook.pdf. 
  5. Medhi, J (1982). Stochastic processes. প্ৰকাশক New Delhi: New Age International. ISBN 8122405495. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]